তিনিটা দশকজোৰা শিক্ষকতা জীৱনৰ অৱসান—সহযোগী অধ্যাপক পূৰ্ণ ফুলকোঁৱৰৰ বিদায় সভা সম্পন্ন : হাজাৰ হাজাৰ শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলোৱা পূৰ্ণ ফুলকোঁৱৰক বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ আৱেগিক বিদায় : “বিদায় মানে সম্পৰ্কৰ অন্ত নহয়, ই সম্পৰ্কৰ এক নতুন অধ্যায়ৰ আৰম্ভণি”—পূৰ্ণ ফুলকোঁৱৰ

শিৱসাগৰ, ৬ অক্টোবৰ : সুদীৰ্ঘ প্ৰায় ত্ৰিশ বছৰ ধৰি হাজাৰ হাজাৰ শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি অহা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পূৰ্ণ ফুলকোঁৱৰক মহাবিদ্যালয় পৰিয়ালে এক আৱেগঘন পৰিৱেশত আনুষ্ঠানিকভাৱে বিদায় জনায়। এই উপলক্ষে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত এক বিশেষ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

“বিদায় শব্দটো সৰু, কিন্তু ইয়াৰ মাজত লুকাই থাকে অসংখ্য স্মৃতি”
বিদায় সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পংকজজ্যোতি হাজৰিকাই পূৰ্ণ ফুলকোঁৱৰৰ সুদীৰ্ঘ কৰ্মময় জীৱনৰ স্মৃতি ৰোমন্থন কৰি কয় যে, “বিদায়” শব্দটো অতি সৰু হ’লেও ইয়াৰ মাজত বহু বছৰৰ সম্পৰ্ক, অসংখ্য স্মৃতি, সহকৰ্মীৰ মৰম, ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা আৰু একেলগে পাৰ কৰা সুখ-দুখৰ বহু কাহিনী লুকাই থাকে।
তেওঁ কয় যে বিদায় সভা কেৱল এজন সহকৰ্মীক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ অনুষ্ঠান নহয়। ই হৈছে তেওঁৰ কৰ্মময় জীৱনক সন্মান জনোৱা, প্ৰতিষ্ঠানখনলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰা আৰু আগন্তুক জীৱনৰ বাবে আন্তৰিক শুভকামনা জনোৱাৰ এক বিশেষ মুহূৰ্ত।

গীতৰ সুৰেৰে আৰম্ভ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান
মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা পিংকী লিকচন দাসৰ এটি গীত পৰিৱেশনেৰে কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠানৰ শুভাৰম্ভ হয়। অনুষ্ঠানত উপাধ্যক্ষ লক্ষী শেনচোৱাই কয় যে, শিক্ষক হিচাপে পূৰ্ণ ফুলকোঁৱৰে কেৱল পাঠ্যপুথিৰ জ্ঞান প্ৰদানতেই নিজকে সীমাবদ্ধ ৰখা নাছিল। সমাজ, ৰাষ্ট্ৰ, গণতন্ত্ৰ, সংবিধান, অধিকাৰ আৰু দায়িত্বৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক সুস্থ চিন্তাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে তেওঁ সদায় চেষ্টা কৰি আহিছিল।

পাঠ্যপুথিৰ পৰা বাস্তৱ সমাজলৈ শিক্ষাৰ্থীক সংযোগ কৰাৰ প্ৰয়াস
ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা টুটুমণি গগৈয়ে কয় যে, ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে পূৰ্ণ ফুলকোঁৱৰৰ অন্যতম বিশেষ গুণ আছিল ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাৰাখি বাস্তৱ সমাজৰ সৈতে সংযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰা। তেওঁৰ শিক্ষাদানৰ পদ্ধতিত সমাজ আৰু বাস্তৱ জীৱনৰ সৈতে পাঠ্য বিষয়ৰ এক নিবিড় সম্পৰ্ক প্ৰতিফলিত হৈছিল।

“বিদায় মানে সম্পৰ্কৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি”
নিজৰ বিদায়ী ভাষণত পূৰ্ণ ফুলকোঁৱৰে কয়, “বিদায় মানে সম্পৰ্কৰ অন্ত নহয়, বিদায় মানে সম্পৰ্কৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি।”
তেওঁ লগতে কয় যে আগন্তুক জীৱনত নিজৰ অভিজ্ঞতা, জ্ঞান আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক আৰু অধিক বিস্তৃত ৰূপত আগবঢ়াই নিয়াৰ চেষ্টা কৰিব। সুদীৰ্ঘ শিক্ষকতা জীৱনে তেওঁক প্ৰদান কৰা জ্ঞান আৰু জীৱনদৃষ্টিক সমাজৰ বাবে এক মূল্যৱান সম্পদ হিচাপে ব্যৱহাৰ কৰি বাকী জীৱন আগুৱাই নিয়াৰ প্ৰয়াস কৰিব বুলিও তেওঁ উল্লেখ কৰে।

সহকৰ্মীৰ স্মৃতিচাৰণত দায়বদ্ধ শিক্ষক পূৰ্ণ ফুলকোঁৱৰ
ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আচাবুদ্দিন আহমেদে কয় যে, সহকৰ্মীৰ প্ৰতি পূৰ্ণ ফুলকোঁৱৰৰ আন্তৰিকতা, প্ৰতিষ্ঠানৰ প্ৰতি দায়বদ্ধতা আৰু শিক্ষকতাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ মানসিকতাৰ পৰা তেওঁলোকে বহু কথা শিকিছে। এতিয়া সেই শিক্ষা বাস্তৱ জীৱনৰ সৈতে সংযুক্ত কৰি আগবঢ়াই নিয়াৰ সময় আহিছে বুলিও তেওঁ উল্লেখ কৰে।

সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ সীমান্ত বৰুৱাই কয় যে, পূৰ্ণ ফুলকোঁৱৰে মহাবিদ্যালয়খনৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লেও বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সৈতে তেওঁৰ সম্পৰ্ক কেতিয়াও শেষ নহ’ব। মহাবিদ্যালয়খনৰ স্মৃতি, সহকৰ্মীসকলৰ মৰম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰদ্ধা সদায় তেওঁৰ সৈতে অটুট হৈ থাকিব।

সহকৰ্মী-শিক্ষাৰ্থীৰ স্মৃতিচাৰণ আৰু সাংস্কৃতিক পৰিৱেশন
সভাত অজিত বৰা, বিভূতি চেতিয়া, মঞ্জুমালা শৰ্মা, ধ্ৰুৱজ্যোতি বৰঠাকুৰ, অঞ্জুমণি চিৰিং ফুকন, ক্ষীৰোদ বড়া আৰু আচাবুদ্দিন আহমেদে পূৰ্ণ ফুলকোঁৱৰৰ সান্নিধ্য আৰু তেওঁৰ সৈতে জড়িত বিভিন্ন স্মৃতিৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।
অনুষ্ঠানত পঞ্চম ষান্মাসিকৰ ছাত্ৰী জেৰিণ বেগমে এটি গীত পৰিৱেশন কৰে। মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী অনুষ্ঠানত উপস্থিত থাকি বিদায়ী শিক্ষকগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰে।

গায়ন-বায়নেৰে ‘সম্প্ৰীতি নগৰ’ৰ বাসগৃহলৈ আগবঢ়াই নিলে শতাধিক লোকে
শিক্ষক জয়ন্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে। আনুষ্ঠানিক সভাৰ অন্তত বিদায়ৰ মুহূৰ্তটো অধিক আৱেগঘন হৈ পৰে। শতাধিক লোকে গায়ন-বায়নেৰে পূৰ্ণ ফুলকোঁৱৰক মহাবিদ্যালয়ৰ পৰা তেওঁৰ সম্প্ৰীতি নগৰস্থিত বাসগৃহলৈ আগবঢ়াই নিয়ে।
সুদীৰ্ঘ তিনিটা দশক ধৰি শিক্ষকতা, শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ, সামাজিক সচেতনতা আৰু প্ৰতিষ্ঠানখনৰ প্ৰতি দায়বদ্ধতাৰে আগবঢ়োৱা পূৰ্ণ ফুলকোঁৱৰৰ অৱদান স্মৰণ কৰি বীৰ লাচিত বৰফুকন মহাবিদ্যালয় পৰিয়ালে তেওঁৰ আগন্তুক জীৱনৰ বাবে সুস্বাস্থ্য, সুখ-শান্তি আৰু সমাজমুখী কৰ্মজীৱনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰে।




