শিৱসাগৰত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকক গভীৰ শ্ৰদ্ধাঞ্জলি : উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবত স্মৰণ অনুষ্ঠান : বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ শ্ৰদ্ধা নিবেদন
“অসমীয়া ভাষাৰ প্ৰভুত্ব ৰক্ষা হ’লেহে ভাষা শ্বহীদসকলৰ আত্মবলিদানৰ প্ৰকৃত মূল্যায়ন হ’ব”—মনিৰুল ইছলাম বড়া

শিৱসাগৰ, ৫ অক্টোবৰ : ১৯৭২ চনত অসমত সংঘটিত মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মোজাম্মিল হকৰ প্ৰতি আজি সন্ধিয়া শিৱসাগৰত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ অৰ্ধশতাধিক গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকি মাধ্যম আন্দোলনৰ এই শ্বহীদগৰাকীক স্মৰণ কৰে।

মোজাম্মিল হকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন
প্ৰাক্তন পৌৰপতি আজাদ আলমে পৰিচালনা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই। ইয়াৰ পিছতে উপস্থিত ব্যক্তিসকলে এগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিমাংশু নেওগ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দাদুল আলি, প্ৰাক্তন প্ৰচাৰ সম্পাদক খাইৰুদ্দিন আহমেদ, শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জাহিৰুদ্দিন আহমেদ, উপদেষ্টা লক্ষীববা আহমেদ, মুছলিম মহিলা কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদিকা নমি বেগম, যুৱ সমাজকৰ্মী অভিনৱ দত্তকে ধৰি অৰ্ধশতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অষ্টম শ্ৰেণীৰ ছাত্ৰ অৱস্থাতেই আন্দোলনত জঁপিয়াই পৰিছিল মোজাম্মিল
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বক্তব্য ৰাখি মনিৰুল ইছলাম বড়াই কয় যে, ১৯৫৭ চনত দৰং জিলাৰ মঙলদৈত জন্মগ্ৰহণ কৰা মোজাম্মিল হক ১৯৭২ চনত অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল। সৰুৰে পৰাই স্বাধীনতাপ্ৰিয় আৰু সংগ্ৰামী চিন্তাধাৰাৰে অনুপ্ৰাণিত মোজাম্মিলে অসমীয়া ভাষাৰ ভৱিষ্যৎক লৈ উদ্বিগ্ন হৈ মাধ্যম আন্দোলনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল।
তেওঁ কয় যে, অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবীত চলা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এই ফুলকুমলীয়া ছাত্ৰগৰাকীক ৫ অক্টোবৰৰ দিনটোতেই দুৰ্বৃত্তই অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল। তেওঁৰ আত্মবলিদানে অসমৰ ভাষা আন্দোলনৰ ইতিহাসত এক অবিস্মৰণীয় অধ্যায় ৰচনা কৰি থৈ গৈছে।
ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদানকো স্মৰণ
ভাষণ প্ৰসংগত মনিৰুল ইছলাম বড়াই ১৯৬১ চনৰ মাতৃভাষা আন্দোলনৰ সময়ত শিৱসাগৰৰ ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদানৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে, মাতৃভাষাৰ মৰ্যাদা আৰু অধিকাৰ ৰক্ষাৰ সংগ্ৰামত ৰঞ্জিত বৰপূজাৰীকো অতি নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল।
তেওঁৰ মতে, অসমত অসমীয়া ভাষাক শিক্ষাৰ প্ৰধান মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে মোজাম্মিল হকৰ দৰে দেশপ্ৰেমিক ছাত্ৰই নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কিন্তু সেই আত্মত্যাগৰ পিছতো অসমীয়া ভাষাই ৰাজ্যখনত প্ৰাপ্য প্ৰভুত্ব সম্পূৰ্ণৰূপে বিস্তাৰ কৰিবলৈ আজিও সক্ষম হোৱা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।
“অসমীয়া ভাষাৰ প্ৰভুত্ব ৰক্ষা কৰাই হ’ব শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা”
মনিৰুল ইছলাম বড়াই কয় যে, ইংৰাজী, বাংলা আদি বিভিন্ন ভাষাৰ প্ৰসাৰৰ মাজতো অসমত অসমীয়া ভাষাৰ স্বকীয়তা, মৰ্যাদা আৰু প্ৰভুত্ব সুৰক্ষিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ প্ৰভুত্ব আৰু অধিকাৰ সুৰক্ষিত হ’লেহে মোজাম্মিল হক আৰু ৰঞ্জিত বৰপূজাৰীৰ দৰে ভাষা শ্বহীদসকলৰ আত্মবলিদানৰ প্ৰকৃত মূল্যায়ন হ’ব বুলি তেওঁ মন্তব্য কৰে।
‘শ্বহীদ প্ৰণামো তোমাক’ গীতেৰে অনুষ্ঠানৰ সামৰণি
শেষত বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ কালজয়ী ‘শ্বহীদ প্ৰণামো তোমাক’ শীৰ্ষক গীতেৰে এক আবেগঘন পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠানটোৱে মাধ্যম আন্দোলনৰ ইতিহাস আৰু মাতৃভাষাৰ অধিকাৰ ৰক্ষাৰ বাবে আত্মবলিদান দিয়া শ্বহীদসকলৰ অৱদানক পুনৰবাৰ স্মৰণ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতাৰ বাৰ্তা বহন কৰে।




