বিধ্বস্ত অসম ট্রাংক ৰোডৰ মেৰামতিৰ দাবীত দাবী পত্ৰ আছু’ৰ : লোকনিৰ্মাণ বিভাগক সাত দিনৰ সময়সীমা, অন্যথা পথ অৱৰোধৰ হুংকাৰ
জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগে বাস্তৱসন্মত ব্যৱস্থা গ্রহণ নকৰাত আছু'ৰ তীব্র বিষোদগাৰ

শিৱসাগৰ, ৬ মে : ঐতিহাসিক শিৱসাগৰ নগৰৰ পৰা যোৰহাট সংযোগী মূল পথ অসম ট্রাংক ৰোডৰ বিধ্বস্ত অৱস্থাৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ তীব্ৰ হেমাহিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা। দীর্ঘদিন ধৰি এই পথটোৰ জৰাজীৰ্ণ অৱস্থাই জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত দুর্ভোগ ভোগাই অহাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে আছুৱে।
আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম বৰুৱা, সাধাৰণ সম্পাদক মনজিৎ হাজৰিকা, আছু নেতা পাৰ্থ প্ৰতিম বৰুৱা, জীপম বড়া আৰু মানস প্ৰতীম দত্তৰ নেতৃত্বত যোৱা ছাত্ৰ সন্থাৰ এটা সঁজাতী দলে লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক সাক্ষাৎ কৰি এখন দাবী পত্ৰ প্ৰদান কৰে।
আছু’ৰ দাবী পত্ৰত ঐতিহাসিক শিৱসাগৰ চহৰৰ সংযোগী মূল পথ তথা শিৱসাগৰ অসামৰিক চিকিৎসালয়, জিলা সদৰৰ মূল চৰকাৰী কাৰ্যালয়, বহু শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানৰ উপৰি প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগে বাস্তৱসন্মত ব্যৱস্থা গ্রহণ নকৰাত তীব্র বিষোদগাৰ প্ৰকাশ কৰিছে।
উক্ত দাবী পত্ৰত পথটোৰ ভটিয়াপাৰৰ পৰা জয়সাগৰ তিনিআলি পর্যন্ত ঠায়ে ঠায়ে সৰু-বৰ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বহু অংশত পথটো ভাগি যোৱা পৰিলক্ষিত হৈছে ইয়াৰোপৰি জয়সাগৰ তিনিআলিৰ পৰা দিখৌ দলঙৰ সমীপলৈকে কিছু কিছু অংশত পথটি বিধ্বস্ত হৈ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ উপৰিও পথটিৰ দুয়োকাষে চাইড বাম সমূহ নথকাৰ বাবে জনসাধাৰণে বিপদশংকুল ভাৱে যাতায়ত কৰিবলগীয়া হৈছে। উক্ত পথটিৰে যাত্রীবাহী সৰু-বৰ যান-বাহন আৰু ব্যক্তিগত যান-বাহনৰ সঘন যাতায়াত হোৱাৰ বিষয়ে উনুকিয়াই দি পথৰ দুৰৱস্থাৰ ফলত বহু সময়ত দুর্ঘটনা সংঘটিত হোৱাৰ পাছতো বাস্তৱসন্মত পদ্ধতিৰে পথটোৰ মেৰামতি আৰু পুনৰ নিমাৰ্ণৰ ক্ষেত্ৰত বিভাগটোৱে যাৱতীয় ব্যৱস্থা গ্রহণ নকৰাত ‘আছু’ৱে তীব্র অসন্তুষ্টি প্রকাশ কৰিছে।
উক্ত দাবী পত্ৰতে অহা সাত দিনৰ ভিতৰত তাৎক্ষণিক ব্যৱস্থা গ্রহণেৰে বাস্তৱসন্মত পদ্ধতিৰে পথটো যাতায়াতৰ সূচল হোৱাকৈ মেৰামতি কৰাৰ লগতে শীঘ্ৰে পথটোৰ পুনৰ নিমাৰ্ণৰ ব্যৱস্থা গ্রহণ নকৰিলে ছাত্ৰ সন্থাই পথ অৱৰোধৰ দৰে কঠোৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিছে।




