ASSAMEducationLocal NewsSIVASAGARSTATESTUDENTSYOUTH

বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সামাজিক গৱেষণাৰ ওপৰত এদিনীয়া কৰ্মশালা : সপ্তম ষান্মাসিকৰ শিক্ষাৰ্থীৰ ডিজাৰ্টেচন প্ৰস্তুতি আৰু গৱেষণামুখী মানসিকতা গঢ়ি তোলাত বিশেষ গুৰুত্ব : ‘পঢ়োঁতা’ৰ পৰা ‘অনুসন্ধানকাৰী’লৈ শিক্ষাৰ্থীক ৰূপান্তৰিত কৰাৰ শিক্ষামূলক প্ৰয়াস—বিশেষজ্ঞৰ মত

গৱেষণাৰ বিষয় নিৰ্বাচনৰ পৰা তথ্য সংগ্ৰহ, বিশ্লেষণ, নৈতিকতা আৰু শৈক্ষিক লিখন-কৌশললৈ বিস্তৃত আলোচনা

শিৱসাগৰ, ৩ অক্টোবৰ : শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সামাজিক গৱেষণাৰ ওপৰত এখন এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ লাচিত বৰফুকন গৱেষণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰ মূল উদ্দেশ্য আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক সপ্তম ষান্মাসিকৰ শিক্ষাৰ্থীসকলক সামাজিক গৱেষণা আৰু ডিজাৰ্টেচন প্ৰস্তুতিৰ বিভিন্ন দিশৰ সৈতে ব্যৱহাৰিকভাৱে পৰিচিত কৰোৱা।

অসম সংগীতেৰে শুভাৰম্ভ—জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন

কৰ্মশালাৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ লক্ষী শেনচোৱাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড০ পংকজ জ্যোতি হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰি সামাজিক গৱেষণা আৰু ডিজাৰ্টেচন প্ৰস্তুতিৰ শৈক্ষিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ডিজাৰ্টেচন কেৱল শৈক্ষিক বাধ্যবাধকতা নহয়—ড০ পংকজ জ্যোতি হাজৰিকা

ড০ হাজৰিকাই কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক সপ্তম ষান্মাসিকত সামাজিক গৱেষণাৰ জৰিয়তে এখন ডিজাৰ্টেচন পেপাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা শিক্ষাৰ্থীৰ উচ্চশিক্ষা আৰু গৱেষণামুখী মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

তেওঁ কয়, ডিজাৰ্টেচন কেৱল পাঠ্যক্ৰমৰ এটা শৈক্ষিক বাধ্যবাধকতা নহয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে সমাজক বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন কৰা, তথ্য সংগ্ৰহ কৰা আৰু তথ্য-প্ৰমাণৰ ভিত্তিত যুক্তিনিষ্ঠ সিদ্ধান্তত উপনীত হোৱাৰ দক্ষতা আহৰণ কৰে। এই প্ৰক্ৰিয়াই শিক্ষাৰ্থীক ভৱিষ্যতৰ উচ্চশিক্ষা আৰু গৱেষণাৰ বাবে প্ৰস্তুত কৰাতো বিশেষ ভূমিকা গ্ৰহণ কৰে।

গৱেষণাৰ বিষয় নিৰ্বাচনৰ পৰা তথ্য বিশ্লেষণলৈ প্ৰয়োজন সুপৰিকল্পিত পদ্ধতি

বীৰ লাচিত বৰফুকন গৱেষণা কেন্দ্ৰৰ সমন্বয়ক ড০ সীমান্ত বৰুৱাই গৱেষণাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে ডিজাৰ্টেচন প্ৰস্তুত কৰাৰ সময়ত শিক্ষাৰ্থীয়ে প্ৰথমে এটা উপযুক্ত গৱেষণা বিষয় নিৰ্বাচন কৰিব লাগে। তাৰ পিছত গৱেষণাৰ উদ্দেশ্য নিৰ্ধাৰণ, গৱেষণা প্ৰশ্ন প্ৰস্তুত, তথ্যৰ উৎস চিনাক্তকৰণ আৰু উপযুক্ত নমুনা নিৰ্বাচন কৰিব লাগে।

ইয়াৰ লগতে সাক্ষাৎকাৰ, প্ৰশ্নাৱলী আৰু পৰ্যবেক্ষণ আদি গৱেষণা পদ্ধতি ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰাৰ পাছত সেই তথ্যৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। এই সমগ্ৰ প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে কেৱল তাত্ত্বিক জ্ঞান আহৰণ কৰাই নহয়, সেই জ্ঞান বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰো সুযোগ লাভ কৰে।

তথ্য-প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণৰ অভ্যাস গঢ়ি তোলে সামাজিক গৱেষণাই

ড০ সীমান্ত বৰুৱাই সামাজিক গৱেষণাৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বৈজ্ঞানিক আৰু নিৰপেক্ষ দৃষ্টিভংগীৰ কথাও উল্লেখ কৰে। কোনো সামাজিক বিষয়ৰ ক্ষেত্ৰত ব্যক্তিগত ধাৰণা বা অনুমানৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিৱৰ্তে তথ্য আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তত উপনীত হ’বলৈ ডিজাৰ্টেচনে শিক্ষাৰ্থীক প্ৰশিক্ষিত কৰে।

ডিজাৰ্টেচন প্ৰস্তুতিৰ সময়ত শিক্ষাৰ্থীৰ সমালোচনামূলক চিন্তা, সমস্যা চিনাক্তকৰণ, তথ্য বিশ্লেষণ, যুক্তি প্ৰদান আৰু শৈক্ষিক লিখন-কৌশলৰ বিকাশ ঘটে। একেদৰে গৱেষণাৰ নৈতিকতা, তথ্যৰ গোপনীয়তা, গৱেষণাত সততা আৰু তথ্যৰ উৎসৰ সঠিক ব্যৱহাৰ সম্পৰ্কেও শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে। বিশেষকৈ সমাজবিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এনে গৱেষণাভিত্তিক শিক্ষা অধিক তাৎপৰ্যপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে।

স্থানীয় সমাজৰ সমস্যা আৰু পৰিৱৰ্তনক গৱেষণাৰ বিষয় কৰাৰ আহ্বান

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা দিখৌমুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ৰমেন কলিতাই সমাজৰ পৰিৱৰ্তনশীল চৰিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সমাজ সদায় পৰিৱৰ্তনশীল আৰু স্থানীয় সমাজৰ কোনো সমস্যা অথবা পৰিৱৰ্তনক গৱেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিলে শিক্ষাৰ্থীয়ে নিজৰ সমাজখনক অধিক ওচৰৰ পৰা বুজি পোৱাৰ সুযোগ লাভ কৰে।

গাঁও, পৰিয়াল, শিক্ষা প্ৰতিষ্ঠান, যুৱসমাজ, মহিলা, শ্ৰমিক, জনজাতি, পৰিৱেশ অথবা সামাজিক পৰিৱৰ্তনৰ দৰে বিষয়ৰ ক্ষেত্ৰভিত্তিক অধ্যয়নে পাঠ্যপুথিৰ জ্ঞানক বাস্তৱ অভিজ্ঞতাৰ সৈতে সংযোগ কৰাত সহায় কৰে বুলি ড০ কলিতাই মন্তব্য কৰে।

‘পঢ়োঁতা’ৰ পৰা ‘অনুসন্ধানকাৰী’লৈ শিক্ষাৰ্থীৰ উত্তৰণ

কৰ্মশালাৰ দ্বিতীয়গৰাকী সমল ব্যক্তি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা অংকিতা বৰবৰাই কয় যে সামগ্ৰিকভাৱে সপ্তম ষান্মাসিকত ডিজাৰ্টেচন প্ৰস্তুত কৰাৰ ব্যৱস্থাই শিক্ষাৰ্থীক কেৱল ‘পঢ়োঁতা’ হিচাপে সীমাবদ্ধ নাৰাখি এগৰাকী ‘অনুসন্ধানকাৰী’লৈ ৰূপান্তৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ শিক্ষামূলক প্ৰয়াস।

তেওঁৰ মতে, এই ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীয়ে সমাজক কেৱল অধ্যয়নৰ এটা বিষয় হিচাপে নেদেখি তথ্য, যুক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰে বুজিবলগীয়া এক জীৱন্ত বাস্তৱতা হিচাপে গ্ৰহণ কৰিবলৈ শিকে। সেয়েহে সামাজিক গৱেষণাৰ জৰিয়তে ডিজাৰ্টেচন প্ৰস্তুতি উচ্চশিক্ষাৰ এক মূল্যৱান আৰু প্ৰয়োজনীয় অংশ।

২৫ গৰাকী অধ্যাপক-অধ্যাপিকা আৰু শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ

মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক বৈষ্ণৱ পণ্ডিত ড০ শান্তনু বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ অধ্যাপিকা টুটুমণি গগৈ, আচাবুদ্দিন আহমেদ, জিণ্টু শইকীয়া, মৃগেন দত্ত, বনশ্ৰী বৰুৱা, ডেইজীৰাণী শইকীয়া বৰুৱা, বিদ্যুত কোঁৱৰ, নৱজ্যোতি শৰ্মা, জয়ন্ত গগৈ আৰু ড০ বিনিতা চুতীয়াকে ধৰি মুঠ ২৫ গৰাকী অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।

কৰ্মশালাখনত এশতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সামাজিক গৱেষণাৰ পদ্ধতি, ডিজাৰ্টেচন প্ৰস্তুতি, ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ, গৱেষণাৰ নৈতিকতা আৰু শৈক্ষিক লিখন-কৌশল সম্পৰ্কে বিস্তৃত ধাৰণা লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Click to listen highlighted text!
error: Content is protected !!