AI প্ৰযুক্তিৰে যক্ষ্মা ৰোগী চিনাক্তকৰণত নতুন পদক্ষেপ : শিৱসাগৰত স্বাস্থ্য কৰ্মীসকলৰ বাবে ৩ দিনীয়া বিশেষ প্ৰশিক্ষণ আৰম্ভ : তৎকালে যক্ষ্মা ৰোগী চিনাক্তকৰণ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাই মূল লক্ষ্য
“AI-ৰ সহায়ত যক্ষ্মা ৰোগৰ আগতীয়া চিনাক্তকৰণে চিকিৎসা অধিক ফলপ্ৰসূ কৰি তুলিব আৰু বহু জীৱন ৰক্ষা কৰাত সহায় কৰিব” — ডাঃ দ্বিজেন কোচ

শিৱসাগৰ, ৮ জুন : অসম চৰকাৰৰ ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূলকৰণ আচনি (NTEP)-ৰ অধীনত শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ উদ্যোগত স্বাস্থ্য কৰ্মীসকলক কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তিৰ সহায়ত যক্ষ্মা ৰোগী চিনাক্তকৰণৰ বাবে এক বিশেষ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হয়।
স্বাস্থ্য ব্যৱস্থাত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি যক্ষ্মা ৰোগৰ আগতীয়া আৰু সঠিক চিনাক্তকৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে।

প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি পৰ্ব আজি পুৱা মৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হয়। ইয়াৰ পিছতে গেলেকি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো একে ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়, য’ত বৃহৎ সংখ্যক স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে।
জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোচে জানিবলৈ দিয়া মতে, AI-ভিত্তিক এই প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত স্বাস্থ্য কৰ্মীসকলে জনসাধাৰণৰ মাজৰ পৰা সংগ্ৰহ কৰা নমুনাসমূহ অধিক দ্ৰুত আৰু কাৰ্যকৰীভাৱে পৰীক্ষা কৰি সম্ভাৱ্য যক্ষ্মা ৰোগীসকলক আগতীয়াকৈ চিনাক্ত কৰিব পাৰিব। ইয়াৰ ফলত ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণৰ লগতে জটিলতা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাত বিশেষ সহায়ক হ’ব।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, ৯ জুনত খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু ১০ জুনত কালুগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে NTEP, Assam-ৰ অধীনস্থ WADHWANI AI প্ৰকল্পৰ প্ৰগ্ৰাম বিষয়া প্ৰিয়াংশু সাগৰ দিহিঙীয়া আৰু জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোচ।
তেওঁলোকে AI প্ৰযুক্তিৰ ব্যৱহাৰ, নমুনা বিশ্লেষণ পদ্ধতি, ৰোগ চিনাক্তকৰণৰ আধুনিক কৌশল আৰু ক্ষেত্ৰ পৰ্যায়ত ইয়াৰ প্ৰয়োগ সম্পৰ্কে স্বাস্থ্য কৰ্মীসকলক বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে।
উল্লেখ্য যে, শিৱসাগৰ জিলাৰ অন্তৰ্গত সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কমিউনিটি হেল্থ অফিচাৰ (CHO) আৰু মাল্টি পাৰপাজ ৱৰ্কাৰ (MPW)-সকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
স্বাস্থ্য বিভাগৰ মতে, AI-ভিত্তিক এই নতুন ব্যৱস্থাই যক্ষ্মা ৰোগ আগতীয়াকৈ চিনাক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ‘যক্ষ্মামুক্ত অসম’ গঢ়াৰ লক্ষ্য পূৰণতো সহায়ক হ’ব।




