Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARक्राइमटॉप न्यूज़राज्यलोकल न्यूज़शिवसागर

শিৱসাগৰত অবৈধ তেল মজুতক লৈ আৰক্ষীৰ বৃহৎ অভিযান : দুটা গুদামৰ পৰা প্ৰায় ৫০ ড্ৰাম ডিজেল-ম’বিল জব্দ, দুজনক আটক

চোৰাং তেল ব্যৱসায় আৰু অবৈধ মজুতকৰণৰ আঁৰত বৃহৎ চক্ৰৰ সন্দেহ; মূল অভিযুক্তৰ সন্ধানত আৰক্ষী

শিৱসাগৰ, ২ জুন : শিৱসাগৰ নগৰৰ মাজমজিয়াত অবৈধভাৱে বৃহৎ পৰিমাণৰ ইন্ধনজাত সামগ্ৰী মজুত কৰি ৰখাৰ অভিযোগত সোমবাৰে শিৱসাগৰ আৰক্ষীয়ে এক তাৎপৰ্যপূৰ্ণ অভিযান চলাই প্ৰায় ৫০ টা ড্ৰামত সংৰক্ষিত বিপুল পৰিমাণৰ ডিজেল, ম’বিল আৰু অন্যান্য ইন্ধনজাত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত মূল চক্ৰটোৰ সন্ধানত ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

শিৱসাগৰ নগৰৰ নাজিৰা আলিৰ বি জি ৰোডত অএনজিচি চৌহদৰ কাষত বাঁহ আৰু টিনেৰে নিৰ্মিত দুটা গুদামঘৰত দীৰ্ঘদিন ধৰি অবৈধভাৱে বৃহৎ পৰিমাণৰ জ্বলনশীল সামগ্ৰী মজুত কৰি ৰখা হৈছিল। গোপন সূত্ৰৰ তথ্য আৰু সদৰ থানাত দাখিল হোৱা এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই অবৈধ গুদাম দুটাৰ সন্ধান লাভ কৰে।

পেট্ৰ’ল পাম্পৰ অভিযোগৰ তদন্ততেই পোহৰলৈ আহিল গুদামৰ ৰহস্য

আৰক্ষী সূত্ৰই জনোৱা মতে, নিমচান্দ মানিকচান্দ পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই সদৰ থানাত অভিযোগ দাখিল কৰি জনাইছিল যে দুটা বাহনে প্ৰায় ১,৮০০ লিটাৰ ডিজেল ভৰাই মূল্য পৰিশোধ নকৰাকৈ স্থান ত্যাগ কৰিছিল। অভিযোগৰ তদন্ত চলোৱাৰ সময়তে আৰক্ষীয়ে মুস্তাক খান নামৰ এজন ড্ৰাইভাৰৰ ব্যৱহৃত এখন ছয়চকীয়া বাহন জব্দ কৰে।

প্ৰাথমিক জেৰাত মুস্তাক খানে স্বীকাৰ কৰে যে তেওঁৰ মালিক ইচফাকুল আহমেদৰ নিৰ্দেশমতে তেওঁ চাৰিটা ড্ৰামত মুঠ ৭২০ লিটাৰ ডিজেল সংগ্ৰহ কৰি নাজিৰা আলিৰ উক্ত গুদামত জমা কৰিছিল। ইয়াৰ পাছতেই আৰক্ষীয়ে গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ইন্ধনজাত সামগ্ৰী উদ্ধাৰ কৰে।

হাজাৰ হাজাৰ লিটাৰ ইন্ধন মজুত থকাৰ সন্দেহ

আৰক্ষীৰ মতে, জব্দ কৰা ড্ৰামসমূহত থকা ইন্ধনৰ সঠিক পৰিমাণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। কিন্তু গুদামত মজুত সামগ্ৰীৰ পৰিমাণলৈ চাই হাজাৰ হাজাৰ লিটাৰ ডিজেল, ম’বিল আৰু অন্যান্য জ্বলনশীল সামগ্ৰী সংৰক্ষণ কৰি ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে।

তদন্তকাৰী বিষয়াসকলৰ মতে, এই ইন্ধনসমূহ চোৰাংভাৱে সংগ্ৰহ কৰা হৈছিল নে মূল্যবৃদ্ধিৰ সুযোগ লৈ অধিক লাভৰ আশাত মজুত কৰি ৰখা হৈছিল, সেই বিষয়ে এতিয়াও নিশ্চিত হোৱা হোৱা নাই। তদন্তৰ অগ্ৰগতিৰ লগে লগে সমগ্ৰ ঘটনাৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কুখ্যাত তেল চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ

স্থানীয় সূত্ৰ অনুসৰি, এই অবৈধ ব্যৱসায়ৰ আঁৰত সুভাষ দাস নামৰ এজন ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি তেল আৰু খাৰুৱা তেলৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা সুভাষ দাসে গুদামৰ সন্মুখৰ এটা ঘৰ ভাড়াত লৈ এই ব্যৱসায় চলাই আহিছিল।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও চোৰাং তেল সৰবৰাহ আৰু অবৈধ ইন্ধন ব্যৱসায়ৰ অভিযোগত সুভাষ দাসৰ নাম আৰক্ষীৰ নথিপত্ৰত সন্নিবিষ্ট হৈছিল বুলি জানিব পৰা গৈছে। অভিযানৰ পাছতে আৰক্ষীয়ে তেওঁৰ বাসগৃহতো তালাচী অভিযান চলায়। অৱশ্যে সংবাদ লিখা পৰ্যন্ত মূল অভিযুক্তজন পলাতক বুলি জানিব পৰা গৈছে।

পেট্ৰ’লিয়াম আইন অনুসৰি গুৰুতৰ অপৰাধ

ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়িদুল ইছলামে কয় যে আৰক্ষীয়ে দুটা পৰিত্যক্ত গুদামৰ পৰা বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হৈছে।

তেওঁ কয়, “প্ৰাথমিক অনুসন্ধানত ড্ৰামত ভৰাই ৰখা তেলখিনি চুৰি অথবা অবৈধভাৱে সংগ্ৰহ কৰা বুলি সন্দেহ কৰা হৈছে। পেট্ৰ’লিয়াম এক্ট অনুসৰি অনুমতি অবিহনে এনেদৰে বৃহৎ পৰিমাণৰ তেল অথবা জ্বলনশীল সামগ্ৰী জমা কৰি ৰখাটো সম্পূৰ্ণ বেআইনী। এই ধৰণৰ মজুতকৰণে যিকোনো সময়তে ডাঙৰ অগ্নিকাণ্ড বা বিস্ফোৰণৰ আশংকা সৃষ্টি কৰিব পাৰে।”

তেওঁ লগতে জনায় যে ঘটনাটোৰ সৈতে জড়িত সকলো ব্যক্তি আৰু সম্ভাৱ্য চোৰাং তেল চক্ৰক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান দুজন ব্যক্তিক আটক কৰি সোধা-পোছা চলাই থকা হৈছে আৰু অধিক তথ্য লাভৰ বাবে বিভিন্ন দিশত তদন্ত আগবঢ়োৱা হৈছে।

চাঞ্চল্য সৃষ্টি কৰিছে ঘটনাই

অএনজিচি চৌহদৰ কাষতে এনে বৃহৎ পৰিমাণৰ জ্বলনশীল সামগ্ৰী অবৈধভাৱে মজুত কৰি ৰখাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শিৱসাগৰ নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে ঘটনাটোৰ পূৰ্ণাঙ্গ তদন্তৰ দাবী জনোৱাৰ লগতে তেল চুৰি, চোৰাং সৰবৰাহ আৰু অবৈধ মজুতকৰণৰ সৈতে জড়িত বৃহৎ চক্ৰটোক উন্মোচন কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!