হজৰত মহম্মদক লৈ বিতৰ্কিত ফেচবুক পোষ্টক কেন্দ্ৰ কৰি উত্তাল শিৱসাগৰ : ‘হীৰেন হিন্দু অসম’ নামৰ ফেচবুক পেজৰ পৰিচালকৰ বিৰুদ্ধে এজাহাৰ দাখিল : সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ অভিযোগ : শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উজনি অসম থলুৱা মুছলিম পৰিষদৰ

শিৱসাগৰ, ৫ জুন : ইছলাম ধৰ্মৰ অন্তিম নবী তথা বিশ্বজুৰি কোটি কোটি মুছলমানৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ হজৰত মহম্মদ (ছাঃ)-ক লৈ সামাজিক মাধ্যমত প্ৰকাশিত এক বিতৰ্কিত পোষ্টক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ‘হীৰেন হিন্দু অসম’ নামৰ এটা ফেচবুক পেজৰ পৰা আপলোড কৰা উক্ত পোষ্টটোক মুছলিম সমাজে গভীৰভাৱে আঘাতপ্ৰাপ্ত আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে বিপজ্জনক বুলি অভিহিত কৰিছে।

জানিব পৰা মতে, উক্ত পেজটোৰ জৰিয়তে হজৰত মহম্মদ (ছাঃ)-ক উদ্দেশ্য কৰি ব্যৱহাৰ কৰা কিছুমান শব্দ আৰু মন্তব্য অতি আপত্তিজনক আৰু অশালীন বুলি অভিযোগ উত্থাপন হৈছে। মন্তব্যসমূহৰ ভাষা আৰু বিষয়বস্তু ইমানেই আপত্তিজনক যে সেয়া কোনো সংবাদ মাধ্যমত প্ৰকাশৰ উপযোগী নহয় বুলি সচেতন মহলে মন্তব্য কৰিছে।

এই ঘটনাক কেন্দ্ৰ কৰি মুছলিম সমাজৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী সচেতন নাগৰিকৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। বহু লোকে সামাজিক মাধ্যমত এনে ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্যৰ তীব্ৰ নিন্দা কৰিছে। একে সময়তে সমাজৰ বিভিন্ন স্তৰৰ লোকে বিতৰ্কিত পোষ্টটো পুনৰ শ্বেয়াৰ বা ভাইৰেল নকৰিবলৈ আহ্বান জনাইছে, যাতে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ নহয়।

ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মিনহাজ আহমেদে বৃহস্পতিবাৰে শিৱসাগৰ সদৰ থানাত এখন লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ অভিযোগ কৰে যে ‘হীৰেন হিন্দু অসম’ নামৰ ফেচবুক পেজটোৰ পৰিচালকে ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছে।

এজাহাৰত উল্লেখ কৰা মতে, সামাজিক মাধ্যমত প্ৰকাশ কৰা এনে মন্তব্যই বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত ভুল বুজাবুজি, উত্তেজনা আৰু সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পাৰে। সেয়েহে অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে প্ৰযোজ্য আইন অনুসৰি তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে।

উজনি অসম থলুৱা মুছলিম পৰিষদৰ নেতাসকলে কয় যে অসম সদায়ে সাম্প্ৰদায়িক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহাৱস্থানৰ পৰম্পৰাৰে পৰিচিত। এনে ধৰণৰ উচটনিমূলক মন্তব্যই সমাজৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰাৰ আশংকা সৃষ্টি কৰে। সেয়েহে আৰক্ষী প্ৰশাসনে ঘটনাটোক গুৰুত্বসহকাৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰিছে।
ইফালে, ঘটনাটোক লৈ বিভিন্ন মহলত আলোচনা অব্যাহত থকাৰ সময়তে আইন-শৃংখলা বজাই ৰখা আৰু সামাজিক সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সকলো পক্ষক সংযম আৰু দায়িত্বশীল আচৰণ প্ৰদৰ্শনৰ আহ্বান জনোৱা হৈছে।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ধৰ্মীয় অনুভূতিত আঘাত কৰা বা সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টিকাৰী বিষয়বস্তু প্ৰকাশৰ ঘটনাক ভাৰতীয় দণ্ডবিধি তথা প্ৰযোজ্য চাইবাৰ আইনসমূহৰ অধীনত গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। তদন্তৰ অন্তত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।




