“বৃদ্ধাশ্ৰমত এদিন” : সত্যম বৃদ্ধাশ্ৰমত ৰংমনৰ ব্যতিক্ৰমী প্ৰীতিমেল : ককা-আইতাসকলৰ সৈতে আনন্দময় সময় কটালে ৰংমনৰ সদস্যসকলে
সাংস্কৃতিক অনুষ্ঠান, সামগ্ৰী বিতৰণ আৰু প্ৰীতিভোজে মুখৰিত হৈ উঠিল আশ্ৰমৰ পৰিৱেশ

শিৱসাগৰ, ২ জুন : মানৱতা, সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি শিৱসাগৰৰ স্বেচ্ছাসেৱী সাংস্কৃতিক-সামাজিক সংগঠন ‘ৰংমন’ৰ উদ্যোগত কোঁৱৰপুৰস্থিত সত্যম বৃদ্ধাশ্ৰমত অলপতে এক আন্তৰিক আৰু হৃদয়স্পৰ্শী প্ৰীতিমেলৰ আয়োজন কৰা হয়। “বৃদ্ধাশ্ৰমত এদিন” শীৰ্ষক এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰংমনৰ সদস্যসকলে আশ্ৰমখনৰ ককা-আইতাসকলৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান, সামগ্ৰী বিতৰণ আৰু প্ৰীতিভোজৰ জৰিয়তে এক আনন্দঘন পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে, বহেমীয়ান জীৱন কটোৱা কাঞ্চা নামৰ ব্যক্তিজনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে গঠন কৰা “মানুহে মানুহৰ বাবে” গোটটোৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰা হয়। পুৱা প্ৰায় ২০ গৰাকী সদস্য সত্যম বৃদ্ধাশ্ৰমত উপস্থিত হৈ অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে সমাজসেৱিকা তথা বিশিষ্ট চিকিৎসক ডাঃ কবিতা শৰ্মাৰ পৰিয়ালে প্ৰতিষ্ঠা কৰা নামঘৰত বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে উপস্থিত সদস্যসকলে আশ্ৰমত বাস কৰা আইসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি দিনটোৰ কাৰ্যসূচীৰ শুভ সূচনা কৰে।
ইয়াৰ পাছতে আশ্ৰমৰ ককা-আইতাসকলৰ সৈতে এখন আন্তৰিক প্ৰীতিমেল অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আশ্ৰমৰ বাসিন্দা বিমলা গগৈ আৰু অনুপমা তামুলীয়ে আবেগিক কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। আনহাতে শ্যাম চন্দ্ৰ তাঁতীয়ে কেইবাটাও মনোমোহা গীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰি তোলে।

ৰংমনৰ পৰিয়ালৰ ফালৰ পৰাও বিভিন্ন সাংস্কৃতিক পৰিবেশনা আগবঢ়োৱা হয়। ঘনশ্যাম গগৈ আৰু কৃষ্ণা বৰগোহাঁয়ে গীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট কবি কল্পনা বৰগোহাঁয়ে কবিতা পাঠ কৰি আশ্ৰমখনৰ বাসিন্দাসকলৰ মাজত এক সজীৱ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। অনুষ্ঠানটোত বহু বৃদ্ধ-বৃদ্ধাই নিজৰ জীৱনৰ অভিজ্ঞতা আৰু অনুভৱ সদস্যসকলৰ সৈতে ভাগ-বতৰা কৰি আবেগঘন মুহূৰ্তৰ সৃষ্টি কৰে।
অনুষ্ঠানত উপস্থিত থাকি সত্যম বৃদ্ধাশ্ৰমৰ পৰিচালক পৰাগ গোস্বামীয়ে ৰংমনৰ এই মানৱীয় আৰু সামাজিক প্ৰচেষ্টাক আন্তৰিকভাৱে শলাগ লয়। তেওঁ কয় যে বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলৰ বাবে এনে অনুষ্ঠানসমূহে মানসিক শক্তি আৰু আনন্দৰ উৎস হিচাপে কাম কৰে। লগতে তেওঁ আশ্ৰমৰ উন্নয়ন আৰু পৰিচালনাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা কামনা কৰে।
আনহাতে ৰংমনৰ সম্পাদক প্ৰদীপ বৰগোহাঁয়ে বক্তব্য প্ৰদান কৰি কয় যে সমাজৰ অৱহেলিত, বঞ্চিত আৰু প্ৰবীণ লোকসকলৰ কাষত থিয় দিয়াটো ৰংমনৰ অন্যতম উদ্দেশ্য। তেওঁ সত্যম বৃদ্ধাশ্ৰমৰ উন্নয়নৰ বাবে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া কেইবাটাও পৰিকল্পনাৰ কথাও অৱগত কৰে আৰু আগন্তুক দিনতো ৰংমনে সামাজিক দায়বদ্ধতাৰ কাম অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে।

অনুষ্ঠানৰ অন্তত ৰংমনৰ সদস্যসকলে নিজাববীয়াকৈ সংগ্ৰহ কৰি অনা কামিজ, চাদৰ, গামোচা আদি সামগ্ৰী আশ্ৰমবাসীসকলৰ মাজত বিতৰণ কৰে। ইয়াৰ উপৰিও ডাঃ কবিতা শৰ্মায়ো আশ্ৰমৰ বাসিন্দাসকলৰ বাবে কেইবাটাও প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায়।
পৰৱৰ্তী সময়ত আয়োজিত প্ৰীতিভোজত আশ্ৰমবাসী, অতিথি আৰু ৰংমনৰ সদস্যসকলকে ধৰি প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উপস্থিত সকলোৱে ৰংমনৰ এই ব্যতিক্ৰমী উদ্যোগৰ শলাগ লৈ সংগঠনটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে সমাজসেৱামূলক কাম-কাজত সদায় কাষত থকাৰ আশ্বাস প্ৰদান কৰে।
উক্ত অনুষ্ঠানত ৰংমনৰ সম্পাদক প্ৰদীপ বৰগোহাঁই, বুলবুল বড়া, প্ৰবীণ শৰ্মা, চম্পা বৰুৱা, অনুপ বৰুৱা, পবিত্ৰ বড়া, জীৱন মিলি, মুনিন ফুকন, দেৱজ্যোতি চাংমাই, কল্যাণ গোহাঁই, মহেশ্বৰ সৎনামী, বন্দনা দেবী, পলী বড়া, কুশল কোঁৱৰকে ধৰি বহু সদস্য উপস্থিত থাকে।

মানৱীয় মূল্যবোধ, সামাজিক সংহতি আৰু প্ৰবীণসকলৰ প্ৰতি সন্মানবোধ জগাই তোলাৰ ক্ষেত্ৰত ৰংমনৰ এই পদক্ষেপে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে।




