শিৱসাগৰত ইলোৰা বিজ্ঞান মঞ্চৰ ২৩ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন : দুমহীয়া আলোচনী “সমীক্ষণ’ উন্মোচন

শিৱসাগৰ, ১৫ মে’: ইলোৰা বিজ্ঞান মঞ্চ শিৱসাগৰ আৰু হাঁহচৰা শাখাৰ যৌথ উদ্যোগত ৰংপুৰ জাতীয় বিদ্যা নিকেতনৰ সহযোগত মঞ্চৰ ২৩ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
পুৱা মঞ্চৰ সভাপতি দিলীপ ফুকনৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পিছতেই মহীয়সী নাৰী ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সোণাৰাম বৰুৱাই। একোটিকৈ গছপুলি ৰোপণ কৰে ক্ৰমান্বয়ে যতীন দত্ত আৰু ধৰ্ম বৰুৱাই।
ছাত্ৰ – ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত বিদ্যালয়ৰ সংগীতেৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ব্ৰজেন ফুকনে। বিদ্যালয়ৰ অধ্যক্ষ জাফৰ ইচফাক আলিৰ আদৰণী ভাষণৰ পিছত ছাত্ৰ -ছাত্ৰী সকলৰ স্বাস্থ্য সজাগতাৰ সম্পৰ্কে জনপ্ৰিয় চিকিৎসক ডাঃ উপেন্দ্ৰনাথ গগৈ আৰু স্বাস্থ্য কৰ্মী দিগন্ত প্ৰতীম দাসে সাৰুৱা কথাৰে ছাত্ৰ – ছাত্ৰীসকলক আপ্লুত কৰে।
ইলোৰা বিজ্ঞান মঞ্চৰ দুমহীয়া আলোচনী এপ্ৰিল-জুন সংখ্যা “সমীক্ষণ’ উন্মোচন কৰে ফুলবৰ দিহিঙ্গীয়াই। আনহাতে প্ৰশ্নোত্তৰ প্ৰতিযোগিতাখনি পৰিচালনা কৰে প্ৰতাপ চন্দ্ৰ দত্ত আৰু চিকিৎসক জেহিৰুদ্দিন খানে।
অনুষ্ঠানত ছাত্ৰী অংকিতা মজিন্দাৰ বৰুৱাই নৃত্য, ছাত্ৰ সুদৰ্শন বৰগোহাঁই, শিক্ষক ছাজাদ আলি আৰু দিপীকা চাংমায়ে গীত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
সভাত অৱসৰী অধ্যক্ষ নিৰঞ্জন চেতিয়া, নামৰূপ পেট্ৰ’কেমিকেলচৰ অৱসৰী প্ৰবন্ধক বিজ্ঞানী ৰজনী গগৈ, লেখিকা দীপাঞ্জলী বৰদলৈ, সাহিত্যিক ইলা মহন বুঢ়াগোহাঁই, সৌৰভ নেওগ, ফুল চাংমাই গগৈ, মিতালী শৰ্মা, গোবিন্দ গগৈ, পূৰ্ণেশ্বৰ চেতিয়া, মিনতি দত্ত দুৱৰাকে আদি কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।




