Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARSTUDENTSटेक्नोलॉजीटॉप न्यूज़युवाराज्यलोकल न्यूज़शिवसागर

দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰসাৰত অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেশ্যনৰ যুগান্তকাৰী পদক্ষেপ : শিৱসাগৰত সজাগতা আৰু পৰামৰ্শমূলক কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীৰ উৎসাহী অংশগ্ৰহণ

শিৱসাগৰ, ২৫ মে’ : অসমত দক্ষতা ভিত্তিক শিক্ষা আৰু কৰ্মমুখী পাঠ্যক্ৰমক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত এক সজাগতা আৰু পৰামৰ্শমূলক কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। কালি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটি সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যাপিকা পূজা ভূঞা আৰু দিমিৰ ৰংপীয়ে। কাৰ্যসূচী উদ্বোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই। উদ্বোধনী ভাষণত তেওঁ বৰ্তমান সময়ত দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে আত্মনিয়োগ, উদ্যোগ সৃষ্টি আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উদীয়মান সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে। তেওঁ কয় যে, পৰম্পৰাগত শিক্ষাৰ সমান্তৰালভাৱে দক্ষতা বিকাশমূলক শিক্ষা আজিৰ প্ৰতিযোগিতামূলক যুগত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰূপম চেতিয়া বৰা। তেওঁ অসম স্কিল ইউনিভাৰ্চিটিত উপলব্ধ বিভিন্ন পাঠ্যক্ৰম, কাৰিকৰী শিক্ষা, ব্যৱহাৰিক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ সুযোগসমূহৰ বিষয়ে বিস্তৃত তথ্য উপস্থাপন কৰে। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা ভিত্তিক শিক্ষাৰ বহুমুখী উপকাৰিতা, আত্মনিৰ্ভৰশীলতাৰ সুযোগ আৰু বিভিন্ন উদ্যোগত সৃষ্টি হোৱা নতুন কৰ্মসংস্থাপনৰ ক্ষেত্ৰসমূহৰ বিষয়ে অৱগত কৰে।

ইয়াৰ উপৰিও অনুষ্ঠানত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মা আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পংকজ হাজৰিকাই বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা ভিত্তিক শিক্ষাৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁলোকে কয় যে, দক্ষতা আৰু প্ৰযুক্তিনিৰ্ভৰ শিক্ষা ব্যৱস্থাই ভৱিষ্যতৰ চাকৰি বজাৰত সফলতা লাভৰ পথ সুগম কৰিব।

অনুষ্ঠানৰ অন্তত ডঃ বনিতা বৰগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত ছীড ফাউণ্ডেশ্যনৰ সঞ্চালক আমিনুল হুছেইনৰ লগতে সংস্থাটোৰ একাধিক বিষয়ববীয়াও উপস্থিত থাকে।

উল্লেখযোগ্য যে, সমগ্ৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা ভিত্তিক শিক্ষা, উদ্যোগ সৃষ্টি, কৰ্মমুখী পাঠ্যক্ৰম আৰু ভৱিষ্যতৰ নিয়োগ সম্ভাৱনাৰ বিষয়ে সজাগ কৰি তোলা। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলেও অনুষ্ঠানটোক সময়োপযোগী আৰু তথ্যসমৃদ্ধ বুলি অভিহিত কৰে।

শিক্ষা আৰু দক্ষতা বিকাশক একেলগে আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম স্কিল ইউনিভাৰ্চিটি আৰু ছীড ফাউণ্ডেশ্যনৰ এই উদ্যোগে শিৱসাগৰৰ শিক্ষাক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!