Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARलोकल न्यूज़शिवसागर

শিৱসাগৰত অসংগঠিত শ্ৰমিকৰ সংস্থাপনৰ বাট মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ : এছ বি কনচালটেঞ্চিয়ে মুকলি কৰিলে শিৱসাগৰত কাৰ্যালয়

শিৱসাগৰ ১৪ মে’ : শিৱসাগৰৰ অসংগঠিত শ্ৰমিক সকলক একত্ৰ কৰি আজি শিৱসাগৰ নগৰত প্ৰতিষ্ঠা হ’ল এছ বি কনচালটেঞ্চি।

শিৱসাগৰৰ বিভিন্ন স্থানৰ পৰা শিৱসাগৰ নগৰখনলৈ আহি দৈনিক মজুৰি কৰা শ্ৰমিকৰ লগতে কাৰিকৰী শ্ৰমিক সকলক লৈ গঠন হোৱা এছ বি কনচালটেঞ্চি নামৰ এই অনুষ্ঠানটোৰ আজি শুভ উদ্বোধন কৰে শিৱসাগৰৰ বিশিষ্ট ব্যক্তি তথা শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ বুধিন মিশ্ৰই।

উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাখনৰ পৌৰোহিত্য কৰে শিৱসাগৰ ৰটাৰী ক্লাবৰ সভাপতি মানস বৰুৱাই।

সাংবাদিক ফিৰোজ খানে আঁত ধৰা আৰু সৌৰভ ভাগৱতীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকি বক্তব্য আগবঢ়াই শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন মিশ্ৰ, শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰাণা খান, প্ৰাক্তন উপ পৌৰপতি আজাদ আলম, এন কে সেনগুপ্তা আৰু তন্ময় শইকীয়াই।

আটাইকেইগৰাকী অতিথিয়ে এছ বি কনচালটেঞ্চিয়ে অসংগঠিত শ্ৰমিক সকলক সংগঠিত কৰি যি এক কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ প্ৰয়াস কৰিছে ইয়াক সকলোৱে আদৰণি জনায়।

সভাই সমিতিয়ে “আমাৰ পথাৰ – আমাৰ বজাৰ”ৰ যি বিলাক শ্লোগান দল গঠনৰ নেতা সকলে দি আহিছে ইয়াক বাস্তৱ ৰূপ দিবলৈ প্ৰকৃতাৰ্থত এনে বিলাক অনুষ্ঠানৰ প্ৰয়োজন বুলি তেওঁলোকে প্ৰকাশ কৰে।

তেওঁলোকে কয় যে এছ বি কনচালটেঞ্চিয়ে অসংগঠিত শ্ৰমিক সকলক সংগঠিত কৰিবলৈ হ’লে শ্ৰমিক সকলক এই অনুষ্ঠানৰ অধীনত পঞ্জীয়ন কৰি তেওঁলোকক কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব লাগিব। শ্ৰমিক সকল অনুষ্ঠানটোৰ অধীনত পঞ্জীয়ন হৈ থাকিলে শ্ৰমিকৰ সমস্যাৰাজিৰ সন্দৰ্ভত এছ বি কনচালটেঞ্চিয়ে চৰকাৰ – প্ৰশাসনক দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোকে উল্লেখ কৰে।

উদ্দেশ্য ব্যাখ্যাত উদ্যোক্তা সৌৰভ ভাগৱতীয়ে উল্লেখ কৰে যে এছ বি কনচালটেঞ্চিয়ে অসংগঠিত শ্ৰমিক সকলক সংগঠিত কৰি কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই অনুষ্ঠানৰ জড়িয়তে প্ৰশাসনিক সকলো ধৰণৰ কাম কাজ সম্পাদন কৰা হ’ব বুলি সদৰী কৰে। এই সন্দৰ্ভত ৰাইজৰ সুবিধাৰ বাবে ৭৮৯৬৫০৭৪৬৬ নম্বৰটো মুকলি কৰে।

ইফালে সভাৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন মিশ্ৰই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আমন্ত্ৰিত সকলো অতিথিকে এছ বি কনচালটেঞ্চিৰ তৰফৰ পৰা একোটাকৈ গছপুলি দি সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত প্ৰাক্তন উপ পৌৰপতি আজাদ আলমে সুধাকণ্ঠৰ এটি কালজয়ী গীতৰে সভাখনৰ অন্ত পেলায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!