Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMCRIMEhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifLocal NewsSIVASAGARक्राइमटॉप न्यूज़धर्मराज्यलोकल न्यूज़शिवसागर

বিশ্বনবী হজৰত মহম্মদক অপমান কৰাৰ অভিযোগ : হীৰেন হিন্দু অসম, ৰাতুল কলিতা আৰু ‘আছামিজ লাইভ’ৰ স্বত্বাধিকাৰীক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী : শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল উজনি অসম মুছলিম কল্যাণ পৰিষদৰ : মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি আহ্বান

ব্যৱস্থা গ্ৰহণ নহ’লে উজনি অসমজুৰি গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ

শিৱসাগৰ, ৬ জুন : সামাজিক মাধ্যমত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক তথা বিশ্বনবী হজৰত মহম্মদ (ছাঃ)-ৰ বিৰুদ্ধে অপমানজনক মন্তব্য আৰু বিতৰ্কিত প’ষ্ট প্ৰচাৰৰ অভিযোগ উত্থাপন কৰি হীৰেন হিন্দু অসম, ৰাতুল কলিতা আৰু ‘আছামিজ লাইভ’ নামৰ ফেচবুক পেজৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে।

শনিবাৰে শিৱসাগৰ সদৰ আৰক্ষী থানাত সংগঠনটোৰ তৰফৰ পৰা এখন লিখিত এজাহাৰ দাখিল কৰা হয়। এজাহাৰখনত অভিযুক্তসকলে সামাজিক মাধ্যমত বিশ্বনবী হজৰত মহম্মদ (ছাঃ) আৰু ইছলাম ধৰ্মক অপমানজনক ভাষাৰে কটাক্ষ কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে।

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক নজিবুৰ ৰহমানৰ স্বাক্ষৰিত এজাহাৰখন শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিৰ হাতত অৰ্পণ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই।

এজাহাৰ দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মনিৰুল ইছলাম বড়াই কয় যে উজনি অসমৰ মুছলমান সমাজ কোনো বহিৰাগত সম্প্ৰদায় নহয়; বৰঞ্চ টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ, মেচ, কলিতা আদি বিভিন্ন জনগোষ্ঠীৰ মাজৰ পৰা ধৰ্মান্তৰিত হোৱা আৰু শতাব্দীজুৰি অসমৰ মাটিৰ লগত একাত্ম হৈ থকা এক ঐতিহাসিক জনগোষ্ঠী।

তেওঁ কয় যে আহোম ৰাজত্বকালৰ পৰা বড়া, শইকীয়া, হাজৰিকা, দাধৰা, নেওগ, সন্দিকৈ, বৰুৱা, বৰবৰুৱা, তামুলী, শেনচোৱা আদি উপাধিধাৰী মুছলমানসকলে প্ৰায় আঠশ বছৰ ধৰি শিৱসাগৰকে ধৰি উজনি অসমৰ নখন জিলাত অন্যান্য জাতি-জনগোষ্ঠীৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বজাই ৰাখি আহিছে।

মনিৰুল ইছলাম বড়াই অভিযোগ কৰে যে একাংশ উগ্ৰ সাম্প্ৰদায়িক মানসিকতাৰ ব্যক্তিয়ে সামাজিক মাধ্যমক অপব্যৱহাৰ কৰি হজৰত মহম্মদ (ছাঃ) আৰু ইছলাম ধৰ্মৰ বিৰুদ্ধে কুৰুচিপূৰ্ণ মন্তব্য প্ৰচাৰ কৰি মুছলমান সমাজৰ ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিছে।

তেওঁ কয় যে অসমৰ বহুদিনীয়া জাতীয় ঐক্য, সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধ বিনষ্ট কৰাৰ লক্ষ্যৰে কিছুমান অসৎ শক্তিয়ে নিৰন্তৰ চেষ্টা চলাই আছে। সামাজিক মাধ্যমত এনেধৰণৰ উচটনিমূলক আৰু ধৰ্মীয় অনুভূতিত আঘাত কৰা মন্তব্য কেৱল নিন্দনীয়েই নহয়, আইন অনুসৰি শাস্তিযোগ্য অপৰাধ।

সংগঠনটোৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ৰাজহুৱাভাৱে মুছলমান ধৰ্মক এক পবিত্ৰ ধৰ্ম বুলি অভিহিত কৰি মৌলবাদৰ কোনো স্থান নাই বুলি মন্তব্য কৰিছিল। কিন্তু তাৰ বিপৰীতে সামাজিক মাধ্যমত সক্ৰিয় একাংশ ব্যক্তিয়ে ধৰ্মীয় বিদ্বেষ আৰু সাম্প্ৰদায়িক বিভাজন সৃষ্টিৰ চেষ্টা চলাই আছে বুলি তেওঁ অভিযোগ কৰে।

সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰি মনিৰুল ইছলাম বড়াই অভিযুক্তসকলক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

তেওঁ স্পষ্টভাৱে সতৰ্কবাণী উচ্চাৰণ কৰি কয় যে যদি চৰকাৰ, গৃহ বিভাগ আৰু আৰক্ষী প্ৰশাসনে অভিযোগসমূহক গুৰুত্বসহকাৰে বিবেচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে উজনি অসমৰ মুছলমান সমাজে গণতান্ত্ৰিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

উল্লেখযোগ্য যে শেহতীয়া সময়ছোৱাত সামাজিক মাধ্যমত ধৰ্মীয় বিষয়ক কেন্দ্ৰ কৰি একাধিক বিতৰ্কৰ সৃষ্টি হৈছে। বিভিন্ন সংগঠনে এনে প’ষ্ট আৰু মন্তব্যৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে। এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰ তথা উজনি অসমৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এজাহাৰ দাখিল কাৰ্যসূচীত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দাদুল আলি, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বুবুটি বড়া, মুছলিম মহিলা কল্যাণ পৰিষদৰ সম্পাদিকা মেৰিণা আহমেদ, জীনা আহমেদ, হবিবা বানু কামাল, ৰুকচানা ৰুমী বড়া, সমাজকৰ্মী আলহাজ ৰেহিমুদ্দিন আহমেদ, জাহিদ উল্লা, খুৰচেদ আলি, মেৰাজুল ইছলামৰ উপৰিও সংগঠনটোৰ বহু বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

পৰৱৰ্তী পদক্ষেপৰ ওপৰত সকলোৰে দৃষ্টি

এতিয়া আৰক্ষী প্ৰশাসনে এজাহাৰখনৰ ভিত্তিত কি ধৰণৰ তদন্ত আৰম্ভ কৰে আৰু অভিযোগসমূহৰ সত্যতা নিৰূপণ কৰি কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াই হ’ব আগন্তুক সময়ত এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু। উজনি অসম মুছলিম কল্যাণ পৰিষদে অৱশ্যে এই বিষয়ত আপোচহীন স্থিতি গ্ৰহণ কৰি আইনগত আৰু গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!