Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ADMINISTRATIONASSAMBUSINESSDEVLOPMENTEconomyGOVERNMENTLocal NewsSIVASAGARSTATE

‘এডভাণ্টেজ অসম ২.০’ৰ অধীনত শিৱসাগৰত উদ্যোগ স্থাপন-সম্প্ৰসাৰণত গতি আনিবলৈ তৎপৰ জিলা প্ৰশাসন : ৩৮ গৰাকী পিছ পৰি থকা বিনিয়োগকাৰী উদ্যোগীৰ সৈতে জিলা আয়ুক্ত মৃদুল য়াদৱৰ পোনপটীয়া মত-বিনিময়—সমস্যাৰ পুঙ্খানুপুঙ্খ খতিয়ান গ্ৰহণ : ভূমি, বেংক ঋণ আৰু অন্যান্য বাধা দূৰ কৰিবলৈ বিভাগীয় সমন্বয় আৰু ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

পৰ্যালোচনা বৈঠকৰ পাছতে শিৱসাগৰ আৰু নাজিৰাত ‘এডভাণ্টেজ অসম ২.০’ৰ অধীনত বাস্তৱায়িত কেইবাটাও প্ৰকল্প পৰিদৰ্শন জিলা আয়ুক্তৰ : কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে উদ্যোগীসকলক শলাগ মৃদুল য়াদৱৰ

শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ : অসমৰ ঔদ্যোগিক খণ্ডৰ বিকাশ আৰু শক্তিশালীকৰণ, বিনিয়োগৰ পথ অধিক প্ৰশস্ত কৰা তথা উদ্যমী উদ্যোগীসকলৰ আৰ্থিক সৱলীকৰণৰ দিশত উৎসাহিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ‘এডভাণ্টেজ অসম ২.০’ (Advantage Assam 2.0) আঁচনিৰ অধীনত শিৱসাগৰ জিলাত প্ৰস্তাৱিত উদ্যোগসমূহৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

৩৮ গৰাকী বিনিয়োগকাৰী উদ্যোগীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

‘এডভাণ্টেজ অসম ২.০’ৰ অধীনত নিজ নিজ উদ্যোগ স্থাপন অথবা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বৰ্তমানলৈ পিছ পৰি থকা জিলাখনৰ বিনিয়োগকাৰী উদ্যোগীসকলক লৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল য়াদৱৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত জিলাখনৰ মুঠ ৩৮ গৰাকী পিছ পৰি থকা বিনিয়োগকাৰী উদ্যোগীৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰা হয়।

জিলা আয়ুক্তগৰাকীয়ে প্ৰতিগৰাকী উদ্যোগীৰ প্ৰস্তাৱিত প্ৰকল্পৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বুজ লোৱাৰ লগতে কি কি কাৰণ অথবা অসুবিধাৰ বাবে উদ্যোগ স্থাপন বা সম্প্ৰসাৰণৰ কাম নিৰ্ধাৰিত গতিৰে আগবাঢ়িব পৰা নাই, সেই সন্দৰ্ভত পুঙ্খানুপুঙ্খ খতিয়ান গ্ৰহণ কৰে।

ভূমি আৰু আৰ্থিক সমস্যা সমাধানত বিশেষ গুৰুত্ব

বৈঠকত বিশেষকৈ ভূমি সংক্ৰান্তীয় সমস্যা, ভূমিৰ পুনঃশ্ৰেণীবিভাজন, বেংক ঋণ তথা অন্যান্য আৰ্থিক সমস্যা আৰু বিভিন্ন প্ৰশাসনিক অথবা ব্যৱহাৰিক অসুবিধাৰ বাবে উদ্যোগসমূহৰ স্থাপন বা সম্প্ৰসাৰণত সৃষ্টি হোৱা বাধা-বিঘিনিৰ বিষয়সমূহ আলোচনা কৰা হয়।

এই সমস্যাসমূহৰ ক্ষিপ্ৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি জিলা আয়ুক্ত মৃদুল য়াদৱে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উদ্যোগীসকলে যাতে বিভিন্ন বিভাগীয় অথবা প্ৰশাসনিক সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া নহয়, তাৰ বাবে সংশ্লিষ্ট বিষয়সমূহত ক্ষিপ্ৰ কাৰ্যকৰীকৰণৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।

ঔদ্যোগিক এলেকা পৰিদৰ্শনৰ পৰামৰ্শ

জিলা আয়ুক্তগৰাকীয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক ঔদ্যোগিক এলেকাসমূহ পৰিদৰ্শন কৰি তাত থকা সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ ল’বলৈও পৰামৰ্শ দিয়ে।

একেদৰে উদ্যোগসমূহ বাস্তৱায়নৰ ক্ষেত্ৰত কাৰ্যক্ষেত্ৰত সন্মুখীন হোৱা বাধা-বিঘিনিৰ প্ৰকৃত কাৰণসমূহ চিনাক্ত আৰু বিশ্লেষণ কৰি সেই অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনোৱা হয়।

বৈঠকত উপস্থিত আছিল বিভিন্ন বিভাগ আৰু বেংকৰ প্ৰতিনিধি

গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকখনত জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সাধাৰণ প্ৰবন্ধক মৃণাল দাস, অগ্ৰণী বেংক প্ৰবন্ধক জয়দীপ চৌধুৰী, বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগতে বিনিয়োগকাৰী উদ্যোগীসকল উপস্থিত থাকে।

বৈঠকৰ পাছতে শিৱসাগৰ-নাজিৰাৰ প্ৰকল্প পৰিদৰ্শন

ইফালে, ‘এডভাণ্টেজ অসম ২.০’ৰ বিস্তৃত পৰ্যালোচনা বৈঠকৰ পাছতে জিলা আয়ুক্ত মৃদুল য়াদৱে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলক লগত লৈ আঁচনিখনৰ অধীনত বাস্তৱায়িত হোৱা শিৱসাগৰ আৰু নাজিৰাৰ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু উদ্যোগসমূহৰ কাম-কাজৰ বুজ লোৱাৰ লগতে উদ্যোগীসকলৰ সৈতে মত-বিনিময় কৰে।

কৰ্মসংস্থাপন সৃষ্টিৰ বাবে উদ্যোগীসকলক শলাগ

বিশেষকৈ নতুন উদ্যোগ স্থাপন আৰু সম্প্ৰসাৰণৰ জৰিয়তে স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে সমাজ আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশলৈ আগবঢ়োৱা অৱদানৰ বাবে জিলা আয়ুক্ত মৃদুল য়াদৱে উদ্যোগীসকলৰ আন্তৰিক শলাগ লয়।

জিলা প্ৰশাসনৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ‘এডভাণ্টেজ অসম ২.০’ৰ অধীনত আগবঢ়োৱা বিনিয়োগ প্ৰস্তাৱসমূহ বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাধাসমূহ চিনাক্ত কৰি সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয়ৰ জৰিয়তে উদ্যোগ স্থাপন আৰু সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াত অধিক গতি অনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!