শিৱসাগৰত সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অভিৱৰ্তন সফল সামৰণি : ৰাজ্যৰ বিভিন্ন জিলাৰ পাঁচশৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে মুখৰিত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহ : শিৱসাগৰ জিলা সমিতিৰ ৱেবছাইট মুকলি, স্মৃতিগ্ৰন্থ ‘সমন্বয়’ উন্মোচন

শিৱসাগৰ, ৬ জুলাই : সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অভিৱৰ্তনখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই ৰাজ্যিক পৰ্যায়ৰ অভিৱৰ্তনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা পাঁচশৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলিৰে কাৰ্যসূচীৰ শুভাৰম্ভ
অভিৱৰ্তনৰ আৰম্ভণিতে সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ সভাপতি ৰঞ্জিত বৰাই সংগঠনৰ পতাকা উত্তোলন কৰে। প্ৰতিনিধিসকলৰ পঞ্জীয়নৰ পিছতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়।
ইয়াৰ পিছতে ৰাজ্যিক সমিতিৰ সম্পাদক মহম্মদ আলি, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক জ্যোতি ফুকন আৰু আদৰণী সমিতিৰ মুখ্য সম্পাদক আতিকুৰ হাজৰিকাই স্মৃতি তৰ্পণ কৰে।
সমবেত সংগীত, বৰগীত আৰু মুকলি সভা
শিৱসাগৰ জিলাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত শিল্পীয়ে বৰগীত পৰিৱেশন কৰে। তাৰ পিছতে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেয়ে বন্তি প্ৰজ্বলন কৰি মুকলি সভাৰ শুভাৰম্ভ কৰে।
ৰাজ্যিক সভাপতি ৰঞ্জিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে আদৰণী সমিতিৰ যুটীয়া সম্পাদক মহেন্দ্ৰ নাথে। আদৰণী ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় আতিকুৰ হাজৰিকা আৰু মহম্মদ আলিয়ে।
শিৱসাগৰ জিলা সমিতিৰ ৱেবছাইট মুকলি
অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ উৎকৃষ্ট প্ৰদৰ্শনৰ দৃশ্যাংশ উন্মোচন কৰে অতিৰিক্ত আয়ুক্ত তথা জিলা মিছন সমন্বয়ক মীনাক্ষী পাৰ্মেয়ে।
ইয়াৰ পিছতে শিৱসাগৰ জিলা সমিতিৰ ৱেবছাইট মুকলি কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ সমীৰণ বৰাই।
তেওঁ ভাষণত কয় যে, জিলাখনৰ লগতে সমগ্ৰ অসমৰ শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চি আৰ চি সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। নতুন চিন্তা, নতুন পৰিকল্পনা আৰু দায়িত্ববোধেৰে আগবাঢ়িবলৈ তেওঁ সকলোকে আহ্বান জনায়।
স্মৃতিগ্ৰন্থ ‘সমন্বয়’ উন্মোচন
অভিৱৰ্তনৰ সৈতে সংগতি ৰাখি ইয়াছমিন চুলতানা আৰু সমীৰণ বড়াৰ যুটীয়া সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘সমন্বয়’ উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড০ সব্যসাচী মহন্তই।
স্মৃতিগ্ৰন্থখনিৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে তেওঁ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ দায়িত্ব, কৰ্তব্য আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে।
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ সন্দৰ্ভত বিশেষ আলোচনা
অনুষ্ঠানত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু ইয়াৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড০ প্ৰতীম শৰ্মাই।
তেওঁ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ বিভিন্ন দিশ, শিক্ষাৰ পৰিৱৰ্তনশীল ধাৰা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান সন্দৰ্ভত এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে।
প্ৰতিযোগিতাৰ বিজয়ী আৰু মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা
আদৰণী সমিতিৰ উদ্যোগত অনলাইনযোগে অনুষ্ঠিত “ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত ইণ্টাৰনেটৰ প্ৰভাৱ” বিষয়ক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা স্বত্যয়ন শইকীয়া, দ্বিতীয় স্থানৰ পৰিক্ষিত কলিতা, তৃতীয় স্থানৰ নৱনীতা দাসৰ লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰা অংশুমান দুৱৰী আৰু বাৰ্বী গগৈক পুৰস্কৃত কৰা হয়।
কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত গংগোত্ৰী কাশ্যপ, প্ৰতীক্ষা নেওগ আৰু দেবানুজ বৰাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ‘খ’ শাখাত আৰাধ্যা দত্ত, আকাশনীল দত্ত আৰু বেদাংগৰাজ শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। লগতে দুয়োটা শাখাৰ কেইবাগৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয়।
ইয়াৰ উপৰি চলিত বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ জিলাৰ শিক্ষাৰ্থী চানিয়া টানৱীৰা, আদিত্য দত্ত, ৰাজলক্ষ্মী মহন, দ্ৰিশান দত্ত, ক্ৰিষ্টিনা কোঁৱৰ আৰু চানক্য ফুকনক বিশেষভাৱে অভিনন্দন জনোৱা হয়।
সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি
আদৰণী সমিতিৰ সভাপতি জুবেদ আলী, কাৰ্যকৰী সভাপতি যদুমনি বড়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচশৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত অভিৱৰ্তনখন সফলতাৰে সম্পন্ন হয়।
সন্ধিয়াৰ ভাগত অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰি অনুষ্ঠানটিক অধিক জীপাল কৰি তোলে।




