Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
AASUAll Assam Students UnionASSAMEducationhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifLocal NewsSIVASAGARSTUDENTSटॉप न्यूज़युवाराज्यलोकल न्यूज़शिवसागर

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী উদ্যোগ : পাঁচ শতাধিক কৃতী শিক্ষাৰ্থীক বিশেষ অভিনন্দন : শিক্ষাৰ জৰিয়তে সমাজ আৰু জাতি গঢ়াৰ আহ্বান আছুৰ

"নম্বৰেই জীৱনৰ শেষ কথা নহয়, জ্ঞান, মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাই সফলতাৰ প্ৰকৃত মাপকাঠী" — সমীৰণ ফুকন

শিৱসাগৰ, ৭ জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত ৮৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ জিলাৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দেওবাৰে শিৱসাগৰ নাট্যমন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ আৰু বৰ্ণাঢ্য “বিশেষ অভিনন্দন অনুষ্ঠান” অনুষ্ঠিত হয়।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃতী শিক্ষাৰ্থী, অভিভাৱক, শিক্ষাবিদ, ছাত্ৰনেতা আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিৰে নাট্যমন্দিৰ প্ৰেক্ষাগৃহ ভৰি পৰে।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক সমবেত সংগীতৰ এক আৱেগঘন আৰু সাংস্কৃতিক পৰিৱেশৰ সৃষ্টিৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়।

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানত সভাপতিত্ব কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই।

অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা আয়ুক্তৰ প্ৰতিনিধি তথা সহকাৰী আয়ুক্ত বিদিশা শইকীয়া। তেওঁ ছাত্ৰ সন্থাৰ এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈ কয় যে, কেৱল নম্বৰ লাভ কৰা শিক্ষাৰ্থীক সন্মান জনোৱাই নহয়, তেওঁলোকক সমাজৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাটোও এনে অনুষ্ঠানৰ অন্যতম উদ্দেশ্য। এনে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ, আত্মবিশ্বাস বৃদ্ধি আৰু ভৱিষ্যৎ জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনাই কয় যে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা জীৱনৰ দুটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই পৰ্যায়ত লাভ কৰা সফলতা কোনো আকস্মিক ঘটনা নহয়, ই শিক্ষাৰ্থীসকলৰ দীঘলীয়া পৰিশ্ৰম, আত্মনিয়োগ, অধ্যৱসায় আৰু পৰিয়ালৰ ত্যাগৰ ফল।

তেওঁ কয় যে, ছাত্ৰ সমাজৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে শিক্ষা। এই অস্ত্ৰৰ সঠিক ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰ শিখৰত উপনীত হ’ব পাৰে। বৰ্তমান সময় হৈছে আত্মঅনুসন্ধান, আত্মবিশ্বাস আৰু আত্মপ্ৰতিষ্ঠাৰ সময়। কেৱল উচ্চ নম্বৰ লাভ কৰাই লক্ষ্য হ’ব নালাগে, বৰং সমাজৰ বাবে উপযোগী, নৈতিক মূল্যবোধসম্পন্ন আৰু দায়িত্বশীল নাগৰিক হিচাপে নিজকে গঢ়ি তুলিব লাগিব।

সমীৰণ ফুকনে লগতে কয় যে, নতুন প্ৰজন্মই নিজৰ ভাষা, সাহিত্য, কৃষ্টি আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। বিশ্বায়নৰ যুগত নিজৰ শিপা পাহৰি যোৱাটো উচিত নহয়। তেওঁ শিক্ষাৰ্থীসকলক কৰ্মমুখী শিক্ষা, উদ্ভাৱনী চিন্তা, গৱেষণা, উদ্যোগশীলতা আৰু দক্ষতাভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

তেওঁ আৰু কয় যে, শ্ৰমৰ প্ৰতি শ্ৰদ্ধা, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু জাতিৰ প্ৰতি দায়িত্ববোধ থাকিলেহে এজন শিক্ষিত ব্যক্তিৰ শিক্ষা সাৰ্থক হয়। নতুন প্ৰজন্মই চাকৰিৰ অপেক্ষা নকৰি নতুন সম্ভাৱনা সৃষ্টি কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু তথা গণিত বিভাগৰ অধ্যাপক ড° সুৰজিৎ বৰকটকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে, পৰীক্ষাত লাভ কৰা নম্বৰ কেতিয়াও জীৱনৰ একমাত্ৰ পৰিচয় হ’ব নোৱাৰে। জীৱনত সফল হ’বলৈ হ’লে আত্মবিশ্বাস, অধ্যৱসায়, সৃষ্টিশীলতা আৰু সঠিক লক্ষ্য নিৰ্ধাৰণৰ প্ৰয়োজন।

তেওঁ কয় যে, জীৱনৰ ৰং বিচাৰি উলিয়াবলৈ সকলোৱে নিজৰ আগ্ৰহ, দক্ষতা আৰু সপোন অনুসৰি পথ নিৰ্বাচন কৰিব লাগিব।

অনুষ্ঠানত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰতিম শৰ্মা আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পংকজ জ্যোতি হাজৰিকাই শিক্ষাৰ্থীসকলক জীৱনৰ লক্ষ্য স্থিৰ কৰি নিষ্ঠা আৰু অধ্যৱসায়ৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

অনুষ্ঠানৰ অন্তত শিক্ষাবিদ তথা জনপ্ৰিয় কুইজ মাষ্টাৰ ব্ৰজেন বড়াৰ পৰিচালনাত জিলাখনৰ ৮৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰা পাঁচ শতাধিক কৃতী শিক্ষাৰ্থীক অভিনন্দন পত্ৰ, লেডাৰৰ ফাইল আৰু গ্ৰন্থ ক্ৰয়ৰ বাবে বিশেষ কুপন প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।

এই বিশেষ সন্মানে কৃতী শিক্ষাৰ্থীসকলক অধিক অনুপ্ৰাণিত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যৎ শিক্ষাজীৱনৰ বাবে এক নতুন উৎসাহ যোগাই বুলি অভিভাৱক আৰু শিক্ষাবিদসকলে মত প্ৰকাশ কৰে।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জীতেন্দ্ৰ চুতীয়া, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, লব্ধ প্ৰতীম দাস, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বৰুৱা, সম্পাদক মনজিৎ হাজৰিকা, লগতে জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।

অনুষ্ঠানটোৱে কেৱল কৃতী শিক্ষাৰ্থীসকলৰ সফলতাক উদযাপন কৰাই নহয়, বৰং শিক্ষা, মূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু জাতি গঠনৰ প্ৰতি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ এক শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!