Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
Uncategorized

শিৱসাগৰত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ জিলা স্বেচ্ছাসেৱক সমাৰোহ সম্পন্ন : ‘জনগণৰ সুৰক্ষা আমাৰ দায়িত্ব’ নাটকে মোহিত কৰিলে দৰ্শকক, উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ ‘প্ৰতিৰক্ষা’

তিনি শতাধিক স্বেচ্ছাসেৱক আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেৱা, সুৰক্ষা আৰু সাংস্কৃতিক চেতনাৰ অনন্য সমন্বয়

শিৱসাগৰ, ২৪ মাৰ্চ : ঐতিহাসিক শিৱসাগৰ নগৰত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আয়োজিত জিলা স্বেচ্ছাসেৱক সমাৰোহখনি অত্যন্ত উৎসাহ-উদ্দীপনা আৰু গাম্ভীৰ্যৰ মাজেৰে সম্পন্ন হয়।

শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এদিনীয়া এই সমাৰোহত সুৰক্ষা সজাগতা, সামাজিক দায়বদ্ধতা, সাংস্কৃতিক কাৰ্যসূচী আৰু স্বেচ্ছাসেৱকসকলৰ ভূমিকা সম্পৰ্কে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আগত অহা তিনি শতাধিক স্বেচ্ছাসেৱক, বিভাগীয় বিষয়া, শিক্ষাবিদ আৰু সমাজকৰ্মীৰ উপস্থিতিয়ে অনুষ্ঠানটিক বিশেষ মৰ্যাদা প্ৰদান কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে চাফাই অভিযানৰ আয়োজন কৰা হয়। শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱব্ৰত শৰ্মাই চাফাই অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ জিলা উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই বিভাগীয় পতাকা উত্তোলন কৰে আৰু জ্যেষ্ঠ প্ৰতিপালক শংকৰ আগৰৱালাই স্মৃতি তৰ্পণ কৰি প্ৰয়াত কৰ্মী আৰু স্বেচ্ছাসেৱকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিৰে পৰাই স্বেচ্ছাসেৱকসকলে শৃংখলা আৰু সেৱাৰ মানসিকতাৰ পৰিচয় দিয়ে।

পুৱা স্বেচ্ছাসেৱকসকলৰ মাজত এখন আন্তৰিক আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠান উদ্বোধন কৰি বিভাগৰ জ্যেষ্ঠ সহকাৰী উপ-নিয়ন্ত্ৰক অজয় বুঢ়াগোহাঁয়ে কয় যে, অসামৰিক প্ৰতিৰক্ষা বিভাগে কেৱল দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিতেই নহয়, সমাজত শৃংখলা, সজাগতা আৰু মানৱ সেৱাৰ মনোভাৱ গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ সকলো স্বেচ্ছাসেৱকক সমাজসেৱাক জীৱনৰ অন্যতম দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পিছত অনুষ্ঠিত মুকলি সভাখন জিলা উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই উদ্বোধন কৰে। সভাৰ আৰম্ভণিতে প্ৰশান্তজিৎ চেতিয়াৰ ৰচিত, হিমাংশু দিহিঙীয়াৰ সুৰাৰোপিত আৰু প্ৰাৰ্থনা ভূঞাৰ পৰিচালিত বিভাগীয় শীৰ্ষগীত প্ৰতিপালক আৰু স্বেচ্ছাসেৱকসকলে সমবেতভাৱে পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। গীতটিয়ে অনুষ্ঠানস্থলীত দেশপ্ৰেম আৰু সেৱাৰ মানসিকতাৰে ভৰা পৰিবেশ সৃষ্টি কৰে।

মুকলি সভাত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বড়া, উপ-আৰক্ষী অধীক্ষক ময়িদুল ইছলাম, মুখ্য প্ৰতিপালক প্ৰদীপ কুমাৰ খেমকা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সৌমাৰজ্যোতি মহন্ত, অগ্নি আৰু আপাতকালীন সেৱাৰ জিলা সমন্বয়ক বিষয়া ভানুপ্ৰিয়া গগৈ আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ প্ৰতিম শৰ্মাসহ বহু বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

বক্তাসকলে নিজৰ ভাষণত কয় যে, বৰ্তমান সময়ত প্ৰাকৃতিক দুৰ্যোগ, অগ্নিকাণ্ড, পথ দুৰ্ঘটনা আদি বিভিন্ন জৰুৰীকালীন পৰিস্থিতিত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু ইয়াৰ প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁলোকে যুৱসমাজক এই ধৰণৰ সেৱামূলক কাৰ্যৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।

অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিভাগৰ উদ্যোগত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘প্ৰতিৰক্ষা’ৰ উন্মোচন। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড॰ সব্যসাচী মহন্তই গ্ৰন্থখন উন্মোচন কৰে। তেওঁ কয় যে, এই স্মৃতিগ্ৰন্থ কেৱল বিভাগীয় কাৰ্যকলাপৰ দলিল নহয়, ই সমাজ সেৱা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰা ব্যক্তিসকলৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ প্ৰতিফলন।

সমাৰোহৰ সাংস্কৃতিক অনুষ্ঠানটিও বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। বিভাগৰ প্ৰতিপালক তথা সাংস্কৃতিক সমাৰোহৰ সভানেত্ৰী প্ৰাৰ্থনা ভূঞাৰ বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। ইয়াৰ পাছতে স্বেচ্ছাসেৱিকা ৰাজশ্ৰী দত্তই মনোমোহা দশাৱতাৰ নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰে। আন স্বেচ্ছাসেৱিকাসকলে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ আধাৰত সৃষ্টিশীল দলীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানস্থলীত উৎসাহমুখৰ পৰিবেশ সৃষ্টি কৰে।

ইয়াৰ উপৰিও আধুনিক গীত, লোকনৃত্য আৰু বিভাগৰ উদ্যোগত ৰংপুৰীয়া বিহু হুঁচৰি দলৰ হুঁচৰি পৰিৱেশনে অনুষ্ঠানটিক অধিক বৰ্ণাঢ্য কৰি তোলে। অসমীয়া লোকসংস্কৃতি আৰু আধুনিক সাংস্কৃতিক উপস্থাপনৰ এক অপূৰ্ব সমন্বয় অনুষ্ঠানটিত লক্ষ্য কৰা যায়।

সাংস্কৃতিক অনুষ্ঠানৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আকৰ্ষণ আছিল যতীন গগৈৰ পৰিচালনাত মঞ্চস্থ হোৱা ‘জনগণৰ সুৰক্ষা আমাৰ দায়িত্ব’ শীৰ্ষক নাটখন। নাটখনৰ জৰিয়তে সামাজিক সুৰক্ষা, নাগৰিক দায়িত্ববোধ, দুৰ্যোগ ব্যৱস্থাপনা আৰু সমন্বিত সহযোগিতাৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। দৰ্শকসকলে নাটখনৰ অভিনয় আৰু উপস্থাপনাক ভূয়সী প্ৰশংসা কৰে।

অনুষ্ঠানৰ সামৰণি পৰে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ৰ সুৰেৰে। দিনজোৰা এই সমাৰোহত সেৱা, শৃংখলা, সংস্কৃতি আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য সমন্বয় লক্ষ্য কৰা যায়।

প্ৰাৰ্থনা ভূঞাৰ সুনিপুণ পৰিচালনাত অনুষ্ঠিত এই জিলা স্বেচ্ছাসেৱক সমাৰোহে সমাজত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক পুনৰ এবাৰ উজ্জ্বলভাৱে প্ৰতিফলিত কৰে।

অনুষ্ঠানৰ সফল আয়োজনৰ বাবে উপস্থিত অতিথি, স্বেচ্ছাসেৱক আৰু বিশিষ্ট ব্যক্তিসকলে আয়োজক সমিতিক ভূয়সী প্ৰশংসা কৰে।

Related Articles

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!