Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARUncategorizedराज्यलोकल न्यूज़शिवसागर

শিৱসাগৰত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন : নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত সজাগতা সভা, কুইজ প্ৰতিযোগিতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী

শিৱসাগৰ, ২৪ মে’ : বিশ্বজুৰি পৰিবেশ সংৰক্ষণ আৰু জীৱ বৈচিত্ৰ্য ৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে উদযাপিত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে শিৱসাগৰত এক সচেতনতা মূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। নেচাৰ্চ বেকনৰ ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰু ধাইআলি মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ সহযোগত বিদ্যালয় চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিবেশপ্ৰেমীসকলৰ উৎসাহজনক অংশগ্ৰহণে অনুষ্ঠানটো সজীৱ কৰি তোলে।

অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুবিন আৰা বেগমক নেচাৰ্চ বেকনৰ পক্ষৰ পৰা ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে অনুষ্ঠিত সজাগতা সভাত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ মুখ্য সমন্বয়ৰক্ষী জেহিৰুদ্দিন খানে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে, পৃথিৱীৰ জীৱ বৈচিত্ৰ্যৰ সুৰক্ষা, পৰিবেশৰ ভাৰসাম্য অটুট ৰখা আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি জনসাধাৰণক অধিক সজাগ কৰি তোলাই এই দিৱস উদযাপনৰ মূল উদ্দেশ্য। তেওঁ বৰ্ধিত পৰিবেশ দূষণ, বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত জীৱ বৈচিত্ৰ্যৰ ওপৰত সৃষ্টি হোৱা সংকটৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰে।

সভাত বক্তব্য ৰাখি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুবিন আৰা বেগমে নেচাৰ্চ বেকনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, বিদ্যালয় পৰ্যায়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিবেশ সচেতনতা গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। বিদ্যালয়ত এই ধৰণৰ শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত হোৱাত শিক্ষাৰ্থীসকল বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সহকাৰী হিন্দী শিক্ষয়িত্ৰী ৰেখা শইকীয়াই আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱসৰ পটভূমি, ইয়াৰ প্ৰয়োজনীয়তা আৰু পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ দায়িত্ব সন্দৰ্ভত বিস্তৃত আৰু সাৱলীল বক্তব্য আগবঢ়ায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্লাষ্টিক ব্যৱহাৰ কমোৱা, গছ-গছনি ৰোপণ কৰা আৰু জীৱ-জন্তুৰ প্ৰতি সহানুভূতিশীল হ’বলৈ আহ্বান জনায়।

ইফালে নেচাৰ্চ বেকনৰ সমন্বয়ক শ্ৰীমন্ত বৰুৱাইও পৰিবেশ সংৰক্ষণৰ ওপৰত এক সৰল কিন্তু তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াই দৈনন্দিন জীৱনত সৰু সৰু পদক্ষেপৰ জৰিয়তে কেনেকৈ প্ৰকৃতি ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে।

দিৱসৰ লগত সংগতি ৰাখি আয়োজিত জৈৱ বৈচিত্ৰ্য বিষয়ক কুইজ প্ৰতিযোগিতাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে আনন্দ-উল্লাসেৰে অংশগ্ৰহণ কৰে। কুইজৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ মাজত পৰিবেশ আৰু জীৱ বৈচিত্ৰ্য সম্পৰ্কে জ্ঞান বৃদ্ধি পোৱা বুলি আয়োজকসকলে মত প্ৰকাশ কৰে।

অনুষ্ঠানৰ অন্তত বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলে নাহৰ পুলি ৰোপণ কৰি পৰিবেশ সংৰক্ষণৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিয়ে। সামগ্ৰিকভাৱে অনুষ্ঠানটোৱে পৰিবেশ সজাগতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!