ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত ‘মিছ কিড গ্ৰেণ্ড উইনাৰ’ খিতাপ অৰ্জন কৰি অসমৰ নাম উজ্জ্বল কৰিলে শিৱসাগৰৰ কিশোৰী প্ৰিন্সিপ্ৰিয়া ফুকনে : গামোচা আৰু জাপিৰে ৰাষ্ট্ৰীয় মঞ্চত অসমৰ সংস্কৃতি দাঙি ধৰি লাভ কৰিলে বিশেষ প্ৰশংসা : গৌৰীসাগৰত বিভিন্ন দল-সংগঠন আৰু গাঁওবাসীৰ উষ্ম সম্বৰ্ধনা
মুম্বাইৰ ফিল্ম চিটিত অনুষ্ঠিত প্ৰতিযোগিতাত দেশৰ শতাধিক প্ৰতিযোগীক পিছ পেলাই সাফল্যৰ শিখৰত ১০ বছৰীয়া প্ৰতিভা

গৌৰীসাগৰ, ১০ জুন : ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় মডেলিং প্ৰতিযোগিতাত অসাধাৰণ সাফল্য লাভ কৰি শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ এগৰাকী ১০ বছৰীয়া কিশোৰীয়ে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। গৌৰীসাগৰ ফুকনফদীয়া বেজগাঁৱৰ বাসিন্দা প্ৰিন্সিপ্ৰিয়া ফুকনে মুম্বাইত অনুষ্ঠিত ‘গ্লেমাৰাছ ইণ্ডিয়া ইণ্টাৰনেচনেল’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ‘মিছ কিড গ্ৰেণ্ড উইনাৰ’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ক্ৰিয়েটিভ পিক্সেলৰ উদ্যোগত যোৱা ৫ জুনত মুম্বাইৰ বিখ্যাত ফিল্ম চিটিত আয়োজন কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তেনে প্ৰতিযোগিতাৰ মাজতে প্ৰিন্সিপ্ৰিয়াই নিজৰ প্ৰতিভা, আত্মবিশ্বাস আৰু মঞ্চ উপস্থাপনৰ দক্ষতাৰে বিচাৰক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰি শ্ৰেষ্ঠত্বৰ মুকুট দখল কৰে।
বৰ্তমান আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ফুকনফদীয়া বেজগাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী প্ৰিন্সিপ্ৰিয়াই অতি কম বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে। বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰাই তেওঁ সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ চৰ্চা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত মডেলিংৰ প্ৰতি বিশেষ আগ্ৰহ জন্ম লোৱাত ইউটিউব আৰু বিভিন্ন অনলাইন মাধ্যমৰ সহায়ত নিজে নিজেই মডেলিংৰ কৌশল আয়ত্ত কৰিবলৈ আৰম্ভ কৰে।

২০২৫ চনৰ পৰা বিভিন্ন মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অহা প্ৰিন্সিপ্ৰিয়াই ইতিমধ্যে প্ৰায় ২৫টাকৈ সন্মান আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। যদিও তেওঁ কোনো আনুষ্ঠানিক মডেলিং প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা নাই, তথাপিও ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ সময়ত ভাষাগত বা উপস্থাপনাগত কোনো অসুবিধা নোহোৱাকৈ আগবাঢ়িবলৈ যোৰহাট জিলাৰ ৰিজোৱাৰ শইকীয়া, মিন্টু ভৰালী আৰু কাৰ্বি আংলং জিলাৰ বোকাজানৰ মানস গগৈৰ ওচৰত ব্যক্তিগতভাৱে মডেলিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাখনৰ ট্ৰেডিচনেল, ৱেষ্টাৰ্ণ আৰু ডিজাইনাৰ—এই তিনিওটা গুৰুত্বপূৰ্ণ ৰাউণ্ডত সফলতাৰে উত্তীৰ্ণ হৈ প্ৰিন্সিপ্ৰিয়াই ‘গ্ৰেণ্ড উইনাৰ’ খিতাপ নিজৰ দখললৈ আনে। বিশেষকৈ ৰাষ্ট্ৰীয় মঞ্চত অসমৰ সংস্কৃতি আৰু জাতীয় পৰিচয়ক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। গামোচাত “জয় আই অসম” লিখি আৰু পৰম্পৰাগত জাপি পৰিধান কৰি অসমৰ স্বাভিমান, সংস্কৃতি আৰু ঐতিহ্যক দেশৰ সন্মুখত গৌৰৱেৰে দাঙি ধৰিবলৈ সক্ষম হয়।

পখিলা খেদাৰ বয়সতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত নিজৰ প্ৰতিভাৰ বলত এই সাফল্য অৰ্জন কৰা প্ৰিন্সিপ্ৰিয়া হৈছে মনজিৎ ফুকন আৰু সংগীতা ফুকনৰ কন্যা। তেওঁৰ এই কৃতিত্বই কেৱল পৰিয়ালটোকেই নহয়, সমগ্ৰ গৌৰীসাগৰ অঞ্চল, শিৱসাগৰ জিলা তথা অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।
ইফালে, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা বিজয়ী হৈ আজি নিজ গৃহ গৌৰীসাগৰত উপস্থিত হোৱাৰ পিছতে কিশোৰীগৰাকীক আদৰিবলৈ ওলাই আহে অসংখ্য শুভাকাংক্ষী। নগা আলি তিনিআলিৰ পৰা ঢোল-ডগৰ আৰু উচ্ছ্বাসৰ মাজেৰে গাঁওবাসী আৰু বিভিন্ন দল-সংগঠনে তেওঁক শোভাযাত্ৰাৰে নিজ গৃহলৈ আদৰি নিয়ে।

এই উপলক্ষে ত্ৰিলোচন সাংস্কৃতিক মঞ্চ, গৌৰীসাগৰ, নাৰী মুক্তি সংগ্ৰাম সমিতি, গৌৰীসাগৰ, আটাছুৰ গৌৰীসাগৰ আঞ্চলিক সমিতি, ফুকনফদীয়া বেজগাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি একাধিক সামাজিক, সাংস্কৃতিক আৰু শিক্ষানুষ্ঠানে কিশোৰীগৰাকীক গামোচা, চেলেং আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

অদম্য ইচ্ছাশক্তি, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে এগৰাকী সাধাৰণ গাঁওৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হোৱাটো সমগ্ৰ ৰাজ্যৰ নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাদায়ক উদাহৰণ হিচাপে পৰিগণিত হৈছে।




