গড়গাঁও মহাবিদ্যালয়ত ড° দেৱযানী বকলীয়ালৰ ব্যতিক্ৰমী কাব্য সংকলন ‘ঠুনুকা তৰাৰ মাত’ উন্মোচন : QR ক’ড সংযুক্ত দৃশ্য-শ্ৰব্য-পাঠ্য কাব্যগ্ৰন্থই অসমীয়া সাহিত্যত সূচনা কৰিলে নতুন সম্ভাৱনাৰ দিগন্ত
“পৰম্পৰা আৰু আধুনিকতাৰ সুসমন্বয়েৰে নতুন সম্পৰীক্ষা চলাইছে ‘ঠুনুকা তৰাৰ মাত’” — ড° সব্যসাচী মহন্ত

শিৱসাগৰ, ১০ জুন : ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত সাহিত্যপ্ৰেমী আৰু বৌদ্ধিক মহলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা কবি ড° দেৱযানী বকলীয়ালৰ ব্যতিক্ৰমী দৃশ্য-শ্ৰব্য-পাঠ্য কাব্য সংকলন ‘ঠুনুকা তৰাৰ মাত’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আধুনিক প্ৰযুক্তি আৰু সৃজনশীল সাহিত্যচৰ্চাৰ সমন্বয়েৰে প্ৰস্তুত কৰা এই গ্ৰন্থখন অসমীয়া কাব্য-জগতত এক অভিনৱ সংযোজন হিচাপে ইতিমধ্যে বিশেষ আগ্ৰহৰ সৃষ্টি কৰিছে।

অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, কবি আৰু সমালোচক ড° সব্যসাচী মহন্তই। উন্মোচনী ভাষণত তেওঁ কয় যে ‘ঠুনুকা তৰাৰ মাত’ত সন্নিৱিষ্ট কবিতাসমূহত পৰম্পৰাগত কাব্যধাৰা আৰু আধুনিক কাব্যবোধৰ এক সুন্দৰ সমন্বয় পৰিলক্ষিত হৈছে। কবিগৰাকীয়ে স্বকীয় প্ৰকাশভংগী আৰু সৃষ্টিশীল দৃষ্টিভংগীৰে অসমীয়া কাব্যচৰ্চাৰ ক্ষেত্ৰখনত এক নতুন সম্পৰীক্ষা চলোৱাৰ সাহসী প্ৰয়াস কৰিছে বুলি তেওঁ মন্তব্য কৰে।

ড° মহন্তই বিশেষভাৱে উল্লেখ কৰে যে গ্ৰন্থখনত অন্তৰ্ভুক্ত QR ক’ডৰ জৰিয়তে পাঠকে কবিৰ নিজ কণ্ঠত আবৃত্তি শুনিব পাৰিব। মুদ্ৰিত কাব্যগ্ৰন্থৰ সৈতে দৃশ্য আৰু শ্ৰব্য অভিজ্ঞতাৰ সংযোগে পাঠকৰ বাবে এক নতুন সাহিত্যিক অনুভূতি সৃষ্টি কৰিব। তেওঁৰ মতে, অসমীয়া সাহিত্যত এই ধৰণৰ প্ৰযুক্তিনিৰ্ভৰ উপস্থাপনা এক যুগান্তকাৰী পদক্ষেপ, যিয়ে ভৱিষ্যতৰ সাহিত্যচৰ্চাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

অনুষ্ঠানত শুভেচ্ছা ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত কোঁৱৰে কবিগৰাকীৰ এই সৃষ্টিশীল উদ্যোগক অভিনন্দন জনায়। তেওঁ সাহিত্যক অধিক সংখ্যক পাঠকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই ধৰণৰ নতুন চিন্তা আৰু উদ্ভাৱনীমূলক পদক্ষেপ অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ দুৱৰাই কাব্যগ্ৰন্থখনৰ কবিতাসমূহত অসমৰ গ্ৰাম্য সমাজ, লোকজ সংস্কৃতি, জীৱনবোধ আৰু মাটিৰ সুবাস গভীৰভাৱে প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰে। তেওঁ এই সংকলন অসমীয়া সাহিত্যৰ ভঁৰালত এক মূল্যৱান সংযোজন হিচাপে পৰিগণিত হ’ব বুলি আশাবাদ ব্যক্ত কৰে।

কাব্য সংকলনখনৰ সৃষ্টিপ্ৰক্ৰিয়া আৰু প্ৰকাশৰ আঁৰৰ অভিজ্ঞতা বৰ্ণনা কৰি কবি ড° দেৱযানী বকলীয়ালে অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ জানিবলৈ দিয়ে যে সাহিত্যক অধিক বিস্তৃত পাঠকমহলৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে গ্ৰন্থখন ছপা সংস্কৰণৰ লগতে ডিজিটেল ৰূপতো প্ৰকাশ কৰা হৈছে। ফলত দেশ-বিদেশৰ আগ্ৰহী পাঠকে অনলাইন মাধ্যমৰ জৰিয়তে সহজে গ্ৰন্থখন লাভ কৰিব পাৰিব। তেওঁ বিশেষভাৱে উল্লেখ কৰে যে গুগল প্লে বুকছ প্লেটফৰ্মৰ জৰিয়তে ই-বুক সংস্কৰণটো ক্ৰয় আৰু অধ্যয়ন কৰাৰ সুবিধা উপলব্ধ কৰা হৈছে।

গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° অংকুৰ দত্তই সুচাৰুৰূপে আঁত ধৰা অনুষ্ঠানটিত কবিগৰাকীৰ পিতৃ তথা ঔফুলীয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তৰুণ বকলীয়াল, মাতৃ দিব্যজ্যোতি বকলীয়াল, মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, সাহিত্যপ্ৰেমী আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে।

অনুষ্ঠানটোৱে একাধাৰে সাহিত্য, প্ৰযুক্তি আৰু সৃজনশীলতাৰ সফল সমন্বয়ৰ দৃষ্টান্ত স্থাপন কৰাৰ লগতে অসমীয়া কাব্যচৰ্চাক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি উপস্থিত সাহিত্যপ্ৰেমীসকলে মত প্ৰকাশ কৰে। ‘ঠুনুকা তৰাৰ মাত’ কেৱল এখন কাব্য সংকলন নহয়, বৰঞ্চ আধুনিক যুগত সাহিত্য উপস্থাপনৰ এক নতুন ধাৰাৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰা এক উল্লেখযোগ্য সৃষ্টি বুলিও অনুষ্ঠানত মত প্ৰকাশ কৰা হয়।




