উন্নয়ন, ঐতিহ্য সংৰক্ষণ আৰু আত্মনিৰ্ভৰশীল শিৱসাগৰ গঢ়াৰ লক্ষ্যৰে সক্ৰিয় অভিভাৱক মন্ত্ৰী বিমল বড়া : প্ৰথমবাৰৰ বাবে অভিভাৱক মন্ত্ৰী হিচাপে শিৱসাগৰ ভ্ৰমণ : শিৱ দ’লত পূজা-অৰ্চনা : চুকাফা সভাকক্ষত ব্যাপক পৰ্যালোচনা বৈঠক
বান প্ৰস্তুতি, কৃষি-উদ্যোগ, মহিলা উদ্যোগিতা, আন্তঃগাঁথনি উন্নয়ন আৰু চৰকাৰী আঁচনিৰ ৰূপায়ণত বিশেষ গুৰুত্ব : বিভিন্ন বিভাগক দিয়া হ'ল সময়মতে কাম সম্পূৰ্ণ কৰা আৰু জনমুখী প্ৰশাসন নিশ্চিত কৰাৰ নিৰ্দেশ

শিৱসাগৰ, ৯ জুন : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী বিমল বড়াই দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হৈ উন্নয়ন আৰু ঐতিহ্য সংৰক্ষণক সমান গুৰুত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

অভিভাৱক মন্ত্ৰী বিমল বড়াই জিলাত উপস্থিত হৈ বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজ, উন্নয়নমূলক প্ৰকল্প আৰু জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।

দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত উপস্থিত হৈ তেওঁ প্ৰথমে ঐতিহাসিক শিৱদৌলত পূজা-অৰ্চনা আগবঢ়াই ৰাজ্য আৰু ৰাজ্যবাসীৰ সুখ-সমৃদ্ধি, শান্তি আৰু মংগল কামনা কৰে। ইয়াৰ পাছতে জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এক বিস্তৃত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি উন্নয়নমূলক কাম-কাজ, জনকল্যাণমূলক আঁচনি আৰু আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়।

শিৱ দ’লত পূজা-অৰ্চনা, ঐতিহ্য সংৰক্ষণৰ প্ৰতিশ্ৰুতি
শিৱসাগৰ ভ্ৰমণৰ আৰম্ভণিতে অভিভাৱক মন্ত্ৰী বিমল বড়াই সপৰিয়ালে ঐতিহাসিক শিৱ দ’লত উপস্থিত হৈ ভগৱান শিৱৰ চৰণত পূজা-অৰ্চনা আগবঢ়ায়। আহোম যুগৰ স্থাপত্য কীৰ্তিৰ অন্যতম প্ৰতীক শিৱদৌলত তেওঁ পৰম্পৰাগতভাৱে শৰাই আগবঢ়াই ৰাজ্যবাসীৰ কল্যাণ কামনা কৰে।

এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ কেৱল এখন জিলা নহয়, ই অসমৰ ইতিহাস, সংস্কৃতি, ঐতিহ্য আৰু আত্মপৰিচয়ৰ এক জীৱন্ত প্ৰতীক। সেয়ে আধুনিক উন্নয়নৰ লগতে জিলাখনৰ ঐতিহাসিক সম্পদ, ধৰ্মীয় স্থান আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো চৰকাৰে সমানে গুৰুত্ব আৰোপ কৰিব।

শিৱদৌলত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা আয়ুক্ত মৃদুল য়াদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, সমাজকৰ্মী তথা বিজেপি নেতা বিতোপন ৰাইদঙীয়া, শিৱসাগৰ টেম্পল ডেভেলপমেণ্ট ব’ৰ্ডৰ বিষয়ববীয়া আৰু বহু ভক্ত উপস্থিত থাকে।
চুকাফা সভাকক্ষত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক
ইয়াৰ পাছতে জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত মৃদুল য়াদৱে অভিভাৱক মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক কাম-কাজৰ এক বিস্তৃত অৱলোকন দাঙি ধৰে।

বৈঠকত উদ্যোগ আৰু বাণিজ্য, লোকনিৰ্মাণ বিভাগ (পথ), লোকনিৰ্মাণ বিভাগ (গৃহ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, কৃষি, মীন, পশুপালন আৰু পশুচিকিৎসা, জলসম্পদ, জলসিঞ্চন, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়।

মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ লগতে সময়মতে আঁচনি সম্পূৰ্ণ কৰা, কামৰ গুণগত মান অটুট ৰখা আৰু জনসাধাৰণে যাতে আঁচনিসমূহৰ সুফল লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

কৃষি, মীন আৰু পশুপালন খণ্ডক অধিক শক্তিশালী কৰাৰ আহ্বান
বৈঠকত কৃষি, মীন পালন, পশুপালন আৰু পশুচিকিৎসা খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰৰ বৃহৎ অংশৰ জনসাধাৰণ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত। কৃষক, মীন পালক আৰু পশুপালকসকলৰ আয় বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতা নিশ্চিত কৰিবলৈ চৰকাৰৰ বিভিন্ন আঁচনি অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ হ’ব লাগিব।

তেওঁ বিষয়াসকলক ক্ষেত্ৰ পৰ্যায়ত নিয়মীয়া তদাৰকিৰ জৰিয়তে বাস্তৱিক ফলাফল নিশ্চিত কৰিবলৈ আহ্বান জনায়।
আত্মনিৰ্ভৰ অসম অভিযান আৰু মহিলা উদ্যোগিতা আঁচনিৰ অগ্ৰগতিৰ বুজ লয়
বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান (MMUA)-ৰ অগ্ৰগতিৰ বুজ লোৱা হয়।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে অধিকসংখ্যক যুৱক-যুৱতী আৰু মহিলাক উদ্যোগিতা, স্বনিয়োজন আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য লৈ কাম কৰি আছে। সেয়ে আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি তেওঁলোকৰ সমস্যাসমূহৰ সমাধান আৰু ব্যৱসায়িক অগ্ৰগতি নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে হিতাধিকাৰীসকলক প্ৰদান কৰা আৰ্থিক সহায় বাস্তৱিক উৎপাদন, উদ্যোগ স্থাপন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে নে নাই তাৰো নিয়মীয়া পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে।
উদ্যোগ, বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ নতুন সম্ভাৱনা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব
উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰ্যালোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰত প্ৰাকৃতিক সম্পদ, কৃষিজাত সামগ্ৰী, পৰ্যটন আৰু ঐতিহ্যভিত্তিক অৰ্থনীতিৰ অপাৰ সম্ভাৱনা আছে। এই সম্পদসমূহৰ সঠিক ব্যৱহাৰৰ জৰিয়তে নতুন উদ্যোগ স্থাপন, বিনিয়োগ আকৰ্ষণ আৰু স্থানীয় যুৱক-যুৱতীৰ বাবে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰি।

তেওঁ স্থানীয় সম্পদভিত্তিক উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা গ্ৰহণৰ আহ্বান জনায়।
সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে আগতীয়া প্ৰস্তুতিৰ নিৰ্দেশ
আগন্তুক বৰ্ষাকালৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকত সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়েও বিস্তৃত আলোচনা হয়।

মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, জলসম্পদ বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ পৰা বান প্ৰস্তুতিৰ বিষয়ে বুজ লয়। জিলাখনৰ বানপ্ৰৱণ অঞ্চলসমূহত আগতীয়াকৈ খাদ্য সামগ্ৰী, ঔষধ, উদ্ধাৰ সামগ্ৰী আৰু আশ্ৰয় শিবিৰৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে।
তেওঁ স্পষ্টভাৱে কয় যে বান পৰিস্থিতিৰ সময়ত যাতে কোনো লোক অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো বিভাগে সমন্বয় ৰক্ষা কৰি কাম কৰিব লাগিব।

পথ-ঘাট, স্বাস্থ্য, শিক্ষা আৰু শক্তি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব
লোকনিৰ্মাণ বিভাগৰ পথ আৰু গৃহ শাখাৰ বিভিন্ন প্ৰকল্প, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সেৱা, শিক্ষা বিভাগৰ উন্নয়নমূলক কাৰ্যসূচী, জলসিঞ্চন আঁচনি আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত চলি থকা কাম-কাজৰো মন্ত্ৰীগৰাকীয়ে বিস্তৃত পৰ্যালোচনা কৰে।
তেওঁ কয় যে চৰকাৰী ধনৰ সদ্ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে উন্নয়নমূলক কামসমূহৰ গুণগত মান বজাই ৰখাটো অতি প্ৰয়োজনীয়।

উপস্থিত থাকে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ
আজিৰ বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক ময়ুৰ বৰগোহাঁই, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, ডিমৌৰ সম-জিলা আয়ুক্ত লুকুমণি বড়া, শিৱসাগৰ বন সংমণ্ডল (টেৰিটৰিয়েল)-ৰ মাণ্ডলিক বন বিষয়া চিৰঞ্জীৱ পি. জৈন, অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, গৌৰীপ্ৰিয়া দেউৰী, মীনাক্ষী পেৰ্মে আৰু ৰনন্ময় ভৰদ্বাজ, সমাজকৰ্মী বিতোপন ৰাইদঙীয়া, লক্ষ্যশ্ৰী চেতিয়া, ঘন গগৈ, শিৱসাগৰ পৌৰসভাৰ অধ্যক্ষা মৃণালী কোঁৱৰকে ধৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

সংবাদমেলত উন্নয়নৰ ৰোডমেপ দাঙি ধৰে মন্ত্ৰী
পৰ্যালোচনা বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত অভিভাৱক মন্ত্ৰী বিমল বড়াই বৈঠকৰ মূল আলোচ্য বিষয়সমূহৰ ওপৰত এক চমু অৱলোকন দাঙি ধৰে।

তেওঁ কয় যে শিৱসাগৰক উন্নয়ন, আত্মনিৰ্ভৰশীলতা, ঐতিহ্য সংৰক্ষণ, কৃষি উন্নয়ন, উদ্যোগ বিকাশ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অসমৰ এখন আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আছে। ইয়াৰ বাবে জিলা প্ৰশাসন, জনপ্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সমন্বিত সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

মন্ত্ৰীগৰাকীয়ে আশাবাদ ব্যক্ত কৰি কয় যে সঠিক পৰিকল্পনা, নিয়মীয়া পৰ্যবেক্ষণ আৰু জনমুখী প্ৰশাসনৰ জৰিয়তে শিৱসাগৰে অদূৰ ভৱিষ্যতে উন্নয়নৰ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিব।




