শিৱসাগৰত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সাংগঠনিক সভা : অধিবক্তা ৰিয়াজুদ্দিন আহমেদক শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পদত নিযুক্তি

শিৱসাগৰ, ১৮ মে’: সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ আৰু নাজিৰা জিলা সমিতিৰ এখনি যুটীয়া সাংগঠনিক সভা শিৱসাগৰত অনুষ্ঠিত হয়।
অসমৰ খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীটোৰ পীঠস্থান শিৱসাগৰৰ গৰিয়া সমাজে স্বাধীনোত্তৰ কালৰ পৰা বৰ্তমানলৈকে ৰাজনৈতিক ভাৱে শোষিত হৈ অহাৰ ফলশ্ৰুতিত জনগোষ্ঠীটোৱে ৰাজনৈতিক, শৈক্ষিক আৰু অৰ্থনৈতিক ভাৱে অতিকৈ পিছ পৰি থকাৰ হেতুকে সদৌ অসম গৰীয়া জাতীয় পৰিষদে শনিবাৰে শিৱসাগৰত এই সাংগঠনিক সভা অনুষ্ঠিত কৰে।
নগৰৰ বি জি পেলেচত অনুষ্ঠিত হোৱা এই সাংগঠনিক সভাৰ সভাপতিত্ব কৰে সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি নেকিবুল হকে। শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুকিবতদ্দিন আহমেদ (পাপু)ৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সভাপতি অধিবক্তা মইনুল ইছলাম।

কেন্দ্ৰীয় সভাপতি গৰাকীয়ে মুখ্য অতিথিৰ ভাষণত উল্লেখ কৰে যে অসমৰ গৰিয়া জনগোষ্ঠীটোৰ জনগোষ্ঠীয় পৰিচয় আৰু জনগোষ্ঠীটোৰ মৰ্যদা অটুট ৰাখিবৰ বাবে সদৌ অসম গৰিয়া জাতীয় পৰিষদে বিগত সময়ৰ পৰা ৰাজ্যখনৰ ২২ খন জিলাত ধাৰাবাহিকভাৱে কাম কৰি আহিছে। এক অৰাজনৈতিক সংগঠন হোৱাৰ হেতুকে সদ্য অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত পৰিষদে সাংগঠনিক কাম কাজ স্থগিত কৰি ৰাখিছিল যদিও নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰা সাংগঠনিক কাম কাজ বিলাক আগুৱাই নিবৰ বাবে গৰিয়া জনগোষ্ঠীটোৰ পীঠস্থান শিৱসাগৰৰ পৰাই আৰম্ভ কৰা হৈছে।
তেখেতে কয় যে যিহেতু অসমৰ গৰিয়া সকলৰ বিষয়ে উল্লেখ কৰিবলৈ হ’লে প্ৰথমে শিৱসাগৰ – যোৰহাট আদি জিলাৰ নাম শীৰ্ষত থাকে। কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে গৰিয়াৰ পীঠস্থান শিৱসাগৰে অসমৰ গৰিয়া জনগোষ্ঠীটোক যিদৰে প্ৰতিনিধিত্ব কৰিব লাগিছিল তেনেদৰে কৰিব পৰা নাই। ইয়াৰ মূলতে হ’ল জনগোষ্ঠীটোক নিস্বাৰ্থ ভাৱে প্ৰতিনিধিত্ব কৰিবৰ বাবে নেতৃত্বৰ অভাৱ হোৱা বুলি কেন্দ্ৰীয় সভাপতি গৰাকীয়ে উল্লেখ কৰে।

আনহাতে পৰিষদৰ শিৱসাগৰ জিলা সমিতিখনক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ উপস্থিতিত শিৱসাগৰৰ অধিবক্তা ৰিয়াজুদ্দিন আহমেদক জিলা সমিতিখনৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হয়। উকালতিৰ সমান্তৰাল ভাৱে এটি জনগোষ্ঠীয় সংগঠনৰ কাৰ্যকৰী সভাপতিৰ দৰে এটি গুৰুত্বপূৰ্ণ পদত নিযুক্ত লাভ কৰি ৰিয়াজুদ্দিন আহমেদে কেন্দ্ৰীয় সমিতিৰ লগতে জিলা সমিতিৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে।
নিজৰ বক্তব্য নৱ নিযুক্ত কাৰ্যকৰী সভাপতি গৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত ক্ষমতাৰ খকত এচামে নিজৰ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে অলপো চিন্তা নকৰিলে। যি সকলে জনগোষ্ঠীটোৰ নাম লৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল তেওঁলোকে জনগোষ্ঠীটোক দিয়া প্ৰতিশ্ৰুতি কেতিয়াবাই পাহৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ উঠিপৰি লাগিল। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি সকল গৰিয়া জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে তেওঁলোকে যুগ যুগ ধৰি প্ৰতাৰিত হৈ আহিছে। শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশতেই গৰিয়া জনগোষ্ঠীটো পিছপৰি থাকিব লগীয়াত পৰিছে বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ কয় যে বৰ্তমান চৰকাৰে জনগণনা কৰিব বুলি প্ৰকাশ পাইছে। ই অতিকৈ আদৰণীয় বিষয়। কিন্তু এই জনগণনাত চৰকাৰে অসমত প্ৰকৃত যি সকল গৰিয়া আছে ইয়াক নিৰ্ণয় কৰিব লাগিব। বহুতেই নিজকে গৰিয়া জনগোষ্ঠীটোৰ প্ৰতিনিধি বুলি ক’ব বিচাৰে যদিও বাস্তৱত সেইয়া নহয়। এই ক্ষেত্ৰত চৰকাৰে জনগণনাৰ সময়ত বিষয়টোক গুৰুত্ব দিব বুলি ৰিয়াজুদ্দিন আহমেদে প্ৰকাশ কৰে।
ইফালে নৱ নিযুক্ত কাৰ্যকৰী সভাপতি গৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় জিলা সভাপতি নেকিবুল হকে। সাংগঠনিক সভাখনত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে শিৱসাগৰ জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

উক্ত বৈঠকত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত (CBSE) উন্নত ফলাফল অৰ্জন কৰা তানিছা ইয়াছমিনক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়৷




