শিৱসাগৰত নিৰু চেতিয়া হাজৰিকাৰ দুখন গ্ৰন্থ ‘সোণসেৰীয়া অসমীয়া’ আৰু ‘যাউতিযুগীয়া সাধুকথাৰ ৰহঘৰা’ উন্মোচন

শিৱসাগৰ, ১৮ মে’: শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ নাওজান গাঁৱৰ নিৱাসী শিৱসাগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া তথা ৰংপুৰ সাহিত্য সভাৰ সদস্য লেখিকা নিৰু চেতিয়া হাজৰিকাৰ দুখনকৈ গ্ৰন্থ কালি লেখিকাৰ নিজা বাসগৃহত উন্মোচন হৈ যায়।
ৰংপুৰ সাহিত্য সভাৰ সভাপতি অমিতাভ বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখন ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হয়। নিৰু চেতিয়া হাজৰিকাৰ ভাতৃপ্ৰতীম সমাজহিতৈষী অধ্যাপক প্ৰণৱজ্যোতি চেতিয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে আৰু মাল্যাৰ্পণ কৰে সমাজসেৱক অঞ্জলি চিৰিঙে।
শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰতিনিধি, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানত প্ৰথমখন গ্ৰন্থ প্ৰবাহ প্ৰবচন জতুৱা ঠাঁচ আৰু সাঁথৰৰ কুঁকি সংকলন ‘সোণসেৰীয়া অসমীয়া’ উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক আৰু বুৰঞ্জীবিদ প্ৰেম গগৈ আৰু
শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈয়ে।

প্ৰেম গগৈয়ে বক্তব্য আগবঢ়াই কয় যে, গ্ৰন্থখন একমাত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেই যে উপকৃত হ’ব তেনে নহয়, লেখকসকলকো উপকৃত কৰিব৷ গ্ৰন্থখন ব্যৱসায়ী দৃষ্টিৰে গ্ৰন্থখন প্ৰস্তুত কৰা বাবে ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈ সমাজৰ বাবে আদৰৰ হ’ব।
আনহাতে যোগ গগৈয়ে গ্ৰন্থখনে পঢ়ুৱৈ আৰু অভিভাৱকসকলৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
দ্বিতীয়খন গ্ৰন্থ ‘যাউতিযুগীয়া সাধুকথাৰ ৰহঘৰা’ উন্মোচন কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বুৰঞ্জীবিদ ৰেখামণি বড়াই কয় যে, আমাৰ মাজৰ পৰা মুখে মুখে চলি থকা পৌৰাণিক সাধুবোৰ আঁতৰি গৈছে৷ ল’ৰা-ছোৱালীবোৰক বিচিত্ৰ জ্ঞান দিবলৈ গৈ সাধুকথাবোৰক উপেক্ষিত কৰা হৈছে। গ্ৰন্থখনত এনে কিছুমান সাধু সন্নিৱিষ্ট কৰা হৈছে যে আমাৰ মাজৰ পৰা হেৰাই আইৰ মুখৰ সাধুবোৰ কিছুসংখ্যক ল’ৰা-ছোৱালী মাজত পুনৰ চৰ্চা হ’ব৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ, সাহিত্যিক ড° প্ৰশান্ত কুমাৰ চুতীয়া, কবি পুঞ্জন বৰুৱা, জ্যেষ্ঠ সাংবাদিক তথা লেখক মনোজ কুমাৰ বৰঠাকুৰ, অসম সাহিত্য সভাৰ যুৱ সংসদৰ কাৰ্যকৰী সভাপতি জীৱমণি নাথ, জিলা সভাৰ প্ৰাক্তন কোষাধ্যক্ষ দুলাল দত্ত।

লেখিকা তথা শিমলুগুৰি শাখা সাহিত্য সভাৰ সভাপতি ইলা মহন বৰগোহাঁইয়ে ঘোষাপাঠ কৰা সভাত শলগুৰি মুকুল শাখাৰ সভাপতি তথা স্তম্ভ লেখক পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, কলঞ্চুপাৰ শাখাৰ সভাপতি সূৰ্যকান্ত দাস, বেতবাৰী শাখাৰ সত্যপ্ৰভা গগৈ, অঞ্জলি দিহিঙীয়া ফুকন, দিতিমণি নেওগ, মেঘালী গগৈ, শিৱপ্ৰসাদ কলিতা, ববীতা গগৈ কোঁৱৰ, কল্পনা কটকী, জেউতি বৰা ভূঞা, কমল চিৰিং, চাদিকুৰ ৰহমান, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক হিমাংশু নেওগ, সাংবাদিক মুন্না আগৰৱালা, শাখা সম্পাদক ৰমেন বৰুৱা, ধিতাইপুখুৰী শাখাৰ সভাপতি দিলীপ শইকীয়া, অশোক কটকী, বিদ্যা পাতিৰি, দীপান্বিতা বৰা, শিক্ষাবিদ প্ৰমোদ বৰুৱা, মিনু চেতিয়া, অঞ্জনা চেতিয়া, বিভাৰাণী শেনচোৱা, জুলী গগৈ, পুতুল লাহন, মৌচুমী গগৈ ফুকন, কল্যাণী বৰগোহাঁই ৰূপালী চেতিয়াকে ধৰি শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটো জাতীয় সংগীতেৰে সামৰণি পৰে।



