Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
Uncategorized

শিৱসাগৰত নাজিৰাৰ নৱ-নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক আটাছুৰ সম্বৰ্ধনা : ২২, ২৩ আৰু ২৪ নৱেম্বৰত শিৱসাগৰত অনুষ্ঠিত হব আটাছুৰ শিৱসাগৰ জিলা সমিতি আৰু মহিলা মঞ্চৰ অধিৱেশনৰ লগতে কেন্দ্ৰীয় লাচিত দিৱস

শিৱসাগৰ, ১৭ মে’ : শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে আজি শিৱসাগৰ যুৱদলত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত আটাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা সদ্য নিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইয়ে আবেগত উচুপি উঠি কয় যে, আটাছুৰ পবিত্ৰ মঞ্চৰ পৰাই পৰ্যায়ক্ৰমে আগবাঢ়ি আহি তেওঁ এই পৰ্যায় পাইছেহি- এই অনুভৱ ভাষাৰে বুজাব নোৱাৰি।

এই আপাহতে তেওঁ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অহা সময়ছোৱাত আহোম জনগোষ্ঠীটোৰ পাপ্য অধিকাৰৰ বাবে মাত মাতি যাব।

আনহাতে সমান্তৰালভাৱে প্ৰতিটো জনগোষ্ঠী সমানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো চেষ্টা কৰিব বুলি মন্তব্য কৰে। বিধায়ক ময়ূৰ বৰগোহাঁইয়ে তেওঁৰ এই যাত্ৰাত বসন্ত গগৈৰ অৰিহণা স্বীকাৰ কৰে।

আনহাতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে আজিৰ দিনটো আটাছুৰ পৰিয়ালৰ বাবে অতিকে গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে, ৩৭ বছৰীয়া সংগ্ৰামৰ পাছত পৰিয়ালটোৰ দুজনকৈ সদস্য ময়ূৰ বৰগোহাঁই আৰু সুৰুজ দিহিঙীয়াই বিধানসভাত পদাৰ্পন কৰিছে। তেওঁক আজি সামান্য মৰম-চেনেহ যঁজা হৈছে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ দৰে এক সংগ্ৰামী মঞ্চৰ পৰা বিধানসভালৈ যোৱা ময়ুৰ বৰগোহাঁই যাতে অনাগত দিনত জনগোষ্ঠীটোৰ উত্তৰণৰ লগতে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ কন্ঠ হৈ বিধানসভাৰ মজিয়াত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে সেইয়াই আমি আন্তৰিকতাৰে কামনা কৰে।

অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈ, যুটীয়া সম্পাদক অচ্যুত বৰগোহাঁই, দিগন্ত চাংমাই, জিলা সভাপতি অখিল আহোম, কাৰ্যকৰী সভাপতি মাধুৰ্য গগৈ, যুটীয়া সম্পাদক পাৰ্থ গগৈ, দেৱজিৎ চাংমাইকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

এই সম্বৰ্ধনা সভাৰ পাছতেই সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়।

এই সভাতেই সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু তাই আহোম মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ অধিৱেশনৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ কেন্দ্ৰীয় লাচিত দিৱসটি অহা ২২, ২৩ আৰু ২৪ নৱেম্বৰত শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!