শিৱসাগৰত আদৰ্শ সাংবাদিক পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু দিৱস উদযাপন

শিৱসাগৰ, ১৭ মে’ : সমগ্ৰ ৰাজ্যখনৰ লগতে আজি ঐতিহাসিক শিৱসাগৰ চহৰতো আদৰ্শ সাংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়।
শিৱসাগৰ চহৰৰ দ’ল মুখ চাৰিআলি স্থিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৱে আঁতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰি প্ৰয়াত পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট লেখক চিন্তাবিদ চামচুল বাৰিক আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অনন্ত স্মীথ আৰু জ্যেষ্ঠ সাংবাদিক চৈয়দ মুস্তাকুৰ ৰহমানে।
অসমৰ জাতীয় জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰে উন্নতি সাধন কৰা, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰে প্ৰগতিশীল জাতীয়তাবাদী চেতনাৰ গতি দিয়া আৰু কৃষি শিল্প বাণিজ্য অৰ্থনীতি স্বাৱলম্বিতা ইত্যাদি বিভিন্ন দিশত অসমখনক আগুৱাই নিবলৈ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসে বিভিন্ন লেখা মেলাৰে প্ৰয়াস কৰিছিল।
ভয় ভাবুকি লোভ মোহ ত্যাগ কৰি পৰাগ কুমাৰ দাসে জাতিৰ কল্যাণৰ বাবে কৰ্তব্য পালন কৰিছিল যদিও অচিনাক্ত আততায়ীয়ে তেওঁক দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল।
আজি পৰ্যন্ত হত্যাকাৰী ধৰা নপৰিল আৰু আদৰ্শ সাংবাদিক গৰাকীয়ে ন্যায় লাভ নকৰাৰ বাবে মৃত্যু দিৱসৰ ক্ষণত সাংবাদিক সকলে ক্ষোভ প্ৰকাশ কৰে।
পৰাগ কুমাৰ দাসে গভীৰ অধ্যয়ন আৰু পৰিশ্ৰমেৰে ৰাইজৰ মাজত দেশপ্ৰেম জগাই তুলিছিল বুলি ভাষণ প্ৰসংগত বক্তা ক্ৰমে চামচুল বাৰিকৰ লগতে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মীথ, জিলা সাহিত্য সভাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গগৈ, জ্যেষ্ঠ সাংবাদিক চৈয়দ মুস্তাকুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈয়ে উল্লেখ কৰে।
মৃত্যু দিৱসৰ অনুষ্ঠানত সাংবাদিক অপৰ্ণা ভৰালী, অংকুশ দত্ত, মোকাদিছ ৰমিজেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চমু বক্তব্য প্ৰদান কৰে।




