আমগুৰিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উদযাপন : অধ্যাপক ড০ জীৱন কলিতাৰ গল্প সংকলন ‘আত্ম প্ৰতিবিম্ব’ উন্মোচন

শিৱসাগৰ, ১১ মে’ : শিৱসাগৰ জিলা সাহিত্য সভা চন্দ্ৰপ্ৰসাদ শইকীয়া কেন্দ্ৰীয় পুথিভঁৰালৰ উদ্যোগত আমগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত যোৱা ৯ মে’ ত আমগুৰিৰ চন্দ্ৰপ্ৰসাদ শইকীয়া কেন্দ্ৰীয় পুথিভঁৰালৰ সভাগৃহত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰা হয়।

আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড০ জীৱন কলিতাই। ইয়াৰ পাছত আমগুৰি লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী …’ গীত পৰিবেশন কৰে।
শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনৰ পৰিচালনাত অনুষ্ঠিত সভাত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে আমগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক হিৰণ্য গগৈ দুৱৰাই।
শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে সভাৰ উদেশ্য ব্যাখ্যা কৰাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীয়ে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তা পাঠ কৰি শুনায়।

আদৰণি ভাষণ প্ৰদান কৰে আমগুৰিৰ চন্দ্ৰপ্ৰসাদ শইকীয়া কেন্দ্ৰীয় পুথিভঁৰালৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ শইকীয়াই। নতুন প্ৰজন্মৰ প্ৰতিনিধি তৃষ্ণা বৰগোঁহাই, কাব্যশ্ৰী শইকীয়া, উজ্জ্বল ফুকন, কুঁৱলী দত্তই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত বক্তৃতা প্ৰদান কৰে।
উক্ত সভাত শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ জীৱন কলিতাৰ গল্প সংকলন ‘আত্ম প্ৰতিবিম্ব’ উন্মোচন কৰে গৌৰীসাগৰ শাখা সাহিত্য সভাৰ সভাপতি পবিত্ৰ দত্তই।

নিৰুজ তামুলী ফুকন,বেবী মহন্ত আৰু অবিনাশ বাস্তৱ বড়াই কবিতা পাঠ, পৰিণীতা বৰুৱাই গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অৱসৰী অধ্যাপক তথা জ্যেষ্ঠ নাগৰিক জ্যোতি প্ৰসাদ গগৈ, সুৰেশ শইকীয়া আৰু নলিনী মহন্ত দত্ত, বাবুল কুমাৰ বৰুৱা বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত তিনিওটা অনুষ্ঠানৰ লগতে কেইবাটাও শাখা সাহিত্য সভাৰ বিষয়-ববীয়াসকল
উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই আমগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰমোদ বৰুৱাই।




