শিৱসাগৰত দাহ হ’ল কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি : মূল্য বৃদ্ধি ৰোধত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰ, ২৬ মে’ : ইন্ধন জাত সামগ্ৰী পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শিৱসাগৰৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী মুৰ্দাবাদ, পেট্ৰ’ল – ডিজেলৰ মূল্য হ্ৰাস কৰক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে শিৱসাগৰ উত্তাল কৰি তোলে। ধাৰাবাহিক ভাৱে ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱন দায়িনী ঔষধ, নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তীব্ৰ বিৰোধিতাৰে শিৱসাগৰ আছুৱে ৰাজপথত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।
শিৱসাগৰ আৰক্ষীৰ কঠোৰ বাধাৰ পিছতো আছুৰ কৰ্মীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক হুংকাৰ প্ৰদান কৰে।
আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীক নেতৃত্ব প্ৰদাণ কৰা শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে – সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ইন্ধন জাত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰিছে।
যিহেতু বৰ্তমান সময়ত নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে দেশত সৃষ্টি হোৱা অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে। সমান্তৰাল ভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখনেও মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিফল হৈছে।
বিফল আৰু ব্যৰ্থ হোৱা এই দুয়োখন চৰকাৰক আছুৱে ধিক্কাৰ জনাইছে বুলি জিলা সভাপতি গৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে এতিয়া অসমৰ জনসাধাৰণে ৰাজপথত আন্দোলন কৰিব লগীয়া হৈছে। আনহাতে পুঁজিপতি গোষ্ঠীৰ ওচৰত সকলো ক্ষমতা গতাই দি এই চৰকাৰে এতিয়া তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
জনসাধাৰণৰ কথা চিন্তা নকৰি এইখন চৰকাৰে পুঁজিপতি গোষ্ঠীক সকলো গতাই দি সাধাৰণ জনতাক মাধমাৰ সোধাইছে। চৰকাৰৰ এনে শাসন মানি লোৱা নহয়। যিহেতু আজিৰ দিনটোতে এক লিটাৰ পেট্ৰলৰ মুল্য ১১২.২৫ টকা হোৱাৰ পিছতো অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে অসমৰ জনসাধাৰণক মিঠা মিঠা প্ৰতিশ্ৰুতি দি এতিয়া চৰকাৰ গঠন কৰাৰ পিছত জনসাধাৰণৰ বাবে একো কৰা নাই। চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া মানুহে বজাৰলৈ আহিব নোৱৰা অৱস্থা হৈছে।
ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান সমূহ বন্ধ হৈ পৰিছে। চৰকাৰে যদি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি মূল্য হ্ৰাস কৰিব নোৱাৰে তেন্তে প্ৰত্যেক দিনাই আছুৱে ৰাজপথত আন্দোলন চলাই যাব বুলি সভাপতি মানৱ হাজৰিকাই স্পষ্ট কৰি দিয়ে।




