Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
Uncategorized

চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত নামতোলাত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন

নিউজ ডেস্ক, ১৬ মে : চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি নামতোলা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় ডেংগু দিৱস সফলতাৰে অনুষ্ঠিত হৈ যায়। জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত বিভিন্ন সজাগতামূলক কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ জৰিয়তে এই দিৱসটি ৰূপায়ণ কৰাৰ অংশ হিচাপে আজি নামতোলাত এই কেন্দ্ৰীয় সভাখন অনুষ্ঠিত কৰা হয়।

চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড° দণ্ডেশ্বৰ দেউৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত মূলত বাহকজনিত ৰোগ, বিশেষকৈ ডেংগুৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হয়। ড° দেউৰীয়ে তেওঁৰ ভাষণত ডেংগুৰ দৰে বাহকজনিত ৰোগৰ পৰা কেনেকৈ আতঁৰি থাকিব পাৰি, কি কি প্ৰতিৰোধমূলক পন্থা অৱলম্বন কৰিব লাগে আৰু নাগৰিকসকলে জ্বৰ বা আনুষংগিক লক্ষণ দেখা দিলে কেনেকৈ চৰকাৰী চিকিৎসালয়সমূহত উপলব্ধ বিনামূলীয়া আধুনিক চিকিৎসা সেৱাৰ লাভ উঠাব পাৰে, সেই বিষয়ে বিস্তাৰিতভাৱে অৱগত কৰে। চিকিৎসালয়সমূহত থকা বিভিন্ন চৰকাৰী সুবিধাসমূহৰ বিষয়েও তেখেতে ৰাইজক জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মহকুমা স্বাস্থ্য বিষয়া ড° জ্যোতি শ্যামে কুষ্ঠৰোগ আৰু বাহকজনিত ৰোগৰ সংক্ৰমণৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে অঞ্চলটোত থকা কুষ্ঠৰোগী সকলৰ আগতীয়া চিনাক্তকৰণ আৰু সঠিক চিকিৎসা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত উপস্থিত স্থানীয় ৰাইজক স্বাস্থ্য বিভাগৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ বিশেষভাৱে আহ্বান জনায়।

আনহাতে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চৰাইদেউ জিলা আঁচনি প্ৰবন্ধক অভিজিৎ শৰ্মাই তেখেতৰ বক্তব্যত বৰ্তমান সময়ৰ এক অতি স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ স্বাস্থ্য কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে ভাৰত চৰকাৰ তথা অসম চৰকাৰে ১৪ আৰু ১৫ বছৰীয়া কিশোৰীসকলক জৰায়ু মুখৰ কেন্সাৰ (Cervical Cancer) ৰ ভয়াৱহতাৰ পৰা চিৰদিনৰ বাবে সুৰক্ষিত কৰিবলৈ ‘এইচপিভি ভেকচিনেশ্যন’ (HPV Vaccination) প্ৰদানৰ যি অভিলাষী প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ কৰিছে, তাৰ সফল ৰূপায়ণৰ বাবে সমাজৰ প্ৰতিগৰাকী অভিভাৱক তথা সচেতন নাগৰিক আগবাঢ়ি অহাটো প্ৰয়োজন।

উক্ত সজাগতা সভাত স্থানীয় টাউকাক গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা দেৱী, গাঁও পঞ্চায়তৰ সদস্য উজ্জ্বল দেৱ আৰু স্থানীয় সমাজসেৱক কৃষ্ণ নেওৱাৰ উপস্থিত থাকি স্বাস্থ্য বিভাগৰ এই পদক্ষেপক আদৰণি জনায়। আজিৰ এই অনুষ্ঠানত উপস্থিত ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত ডেংগু আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয়।

সভাত চৰাইদেউ জিলাৰ স্বাস্থ‍্য বিভাগৰ বিভাগৰ জিলা বিষয়ববীয়া ক্ৰমে দীপজ‍্যোতি দত্ত, স্বপ্নালী শইকীয়া, গোপী চেতিয়া, ৰফিক আহমেদ, কংকন মহন্তকে প্ৰমুখ্য কৰি নামতোলা আয়ুষ্মান আৰোগ‍্য মন্দিৰৰ চিকিৎসা কৰ্মী তথা আশাকৰ্মী উপস্থিত থাকে।আনহাতে ইয়াৰ লগতে জিলাখনৰ প্ৰায়বোৰ স্বাস্থ‍্য অনুষ্ঠানতে এই দিৱসটি পালন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!