Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
SIVASAGARUncategorized

শিৱসাগৰত ৰুলী বৰগোহাঁই গগৈৰ কাব্যগ্ৰন্থ ‘সেউজীয়া নদীৰ সীপাৰে’ উন্মোচন

কাব্যগ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড॰ জীৱন কলিতা

  • 6

শিৱসাগৰ :

অসম সাহিত্য সভা আৰু সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য, লেখিকা সংস্থা অসম, সদৌ অসম মইনা পাৰিজাতৰ লগত ওতপ্ৰোতভাৱে জড়িত কবি ৰুলী বৰগোহাঁই গগৈৰ চতুৰ্থখন কাব্য সংকলন ‘সেউজীয়া নদীৰ সিপাৰে’ আজি শিৱসাগৰ প্ৰেছ ক্লাৱত উন্মোচন হৈ যায়৷ সাংবাদিক বাবুল বৰুৱাই বন্তি প্ৰজ্বলনৰ পাছতে কাব্যগ্ৰন্থখন উন্মোচন কৰি শিৱসাগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ড॰ জীৱন কলিতাই কয় যে, বাল্মিকীয়ে গা ধুবলৈ যাওঁতে গছৰ ডালত মৈথুনৰত এহাল ক্ৰৌঞ্চ পক্ষীৰ এটাক শৰবিদ্ধ কৰিলে৷ সেই পক্ষীটো বাল্মিকীৰ সন্মুখতে পানীত পৰাত এক বেদনাই তেওঁক কাতৰ কৰি তুলিলে৷ তেতিয়া তেওঁৰ মুখৰ পৰা নিগৰিত বাক্যকেইটাই প্ৰথম কবিতা হিচাপে পৰিগণিত হ’ল৷ হীৰেণ ভট্টই কৈছিল – ‘কবিতা সহজলভ্য নহয়৷ অন্য ধাতুৰে গঢ়া এটা বিপন্ন শৰীৰ৷ তেজত প্ৰতিবাদ, সত্ত্বাত বিপ্লৱ৷’ এচাম কবি আছে তেওঁলোকে ভাবে, উপযুক্ত শব্দৰ উৎকৃষ্টতম বিন্যাসেই হৈছে কবিতা৷ সেয়া হৈছে কবিতাৰ বাহ্যিক ৰূপ৷ কিন্তু ভিতৰৰ দিশৰ দিশৰ ক্ষেত্ৰত তাল, মান, সুৰ, সঞ্চাৰ, ছন্দ লয়ো চাব লাগিব৷ কৌশলী কবিসকলহে কবি হিচাপে স্বীকৃতি লাভ কৰে বুলি মন্তব্য কৰাৰ লগতে তেওঁ ভাষণ প্ৰসংগত বিভিন্ন দেশী-বিদেশী কবি আৰু কবিতাৰ সম্পৰ্কতো বিশ্লেষণাত্মক ব্যাখ্যা দাঙি ধৰে৷

আনহাতে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে ৰুলী বৰগোহাঁই ফুকনক সাম্প্ৰতিক সময়ৰ এগৰাকী অনুভৱী কবি, সেউজীয়াৰ উপাসক আখ্যা দি সুখ আৰু দুখৰ মাজেদি ভৱিষ্যতৰ মধুময় জালিকটা বাট বিচাৰি তেওঁ কলমত ব্যস্ত হৈছে বুলি মন্তব্য কৰে৷ অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি হেমন্ত ৰাজখোৱা, সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক মোহন দত্তই বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানত উজ্জ্বল ফুকনে কবিতা পাঠ কৰাৰ লগতে উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০ শতাংশ লাভৰ বাবে জনোৱা অভিনন্দন গ্ৰহণ কৰি শান্তিপ্ৰিয়া গগৈয়ে অনুভৱ ব্যক্ত কৰে৷

বিজু বৰঠাকুৰে আঁত ধৰা আৰু কবি ৰুলী বৰগোহাঁই গগৈয়ে অনুভৱ প্ৰকাশ কৰা অনুষ্ঠানত লেখক জ্যোতি গগৈ, মুকুল নাথ, ব্ৰজেন দাস, হৰেন চন্দ্ৰ নাথ, জয়জ্যোতি গগৈ, সুৰেশ ভূঞা, হৰেন বৰগোহাঁই, প্ৰাঞ্জল আবিৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!