অসমৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ : শিৱসাগৰ জিলা বিজেপিৰ সংবাদমেলত ইউচিচিৰ পক্ষে বিস্তৃত ব্যাখ্যা
"ইউচিচিয়ে সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰিব" : বিমল বৰা

শিৱসাগৰ, ২ জুন : অসম চৰকাৰে সম নাগৰিক সংহিতা (Uniform Civil Code-UCC) প্ৰৱৰ্তনৰ দিশত আগবঢ়োৱা পদক্ষেপক অসমৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে টিংখাং সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিমল বৰাই। মঙলবাৰে শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য প্ৰকাশ কৰে।
বিমল বৰাই কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে তৃতীয়বাৰৰ বাবে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই সমাজ সংস্কাৰ আৰু সুশাসনৰ লক্ষ্যৰে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই পদক্ষেপসমূহৰ ভিতৰত সম নাগৰিক সংহিতা অন্যতম। তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতেই অসমত ইউচিচি বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিধানসভাৰ প্ৰথম অধিৱেশনতে এই বিধেয়ক উত্থাপন কৰি চৰকাৰে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে।
সংবাদমেলত তেওঁ ভাৰতীয় সংবিধানৰ ৰচয়িতা ড° ভীমৰাও ৰামজি আম্বেদকাৰৰ দৃষ্টিভংগীৰ উল্লেখ কৰি কয় যে ১৯৪৮ চনত সংবিধান সভাতেই আম্বেদকাৰে “এক দেশ, এক আইন”ৰ ধাৰণাক সমৰ্থন কৰিছিল। সংবিধানৰ ৪৪ নং নিৰ্দেশনামূলক নীতিৰ জৰিয়তে সম নাগৰিক সংহিতাৰ কথা উল্লেখ কৰা হৈছিল বুলিও তেওঁ স্মৰণ কৰায়।
বিধায়কগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানৰ ১৪ নং অনুচ্ছেদে সকলো নাগৰিকক সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে। কিন্তু বিভিন্ন ধৰ্মীয় পাৰ্চনেল ল’ৰ বাবে এতিয়ালৈকে একে দেশৰ নাগৰিকসকলে বিভিন্ন ধৰণৰ আইনী অধিকাৰ আৰু সুবিধা লাভ কৰি আহিছিল। ইউচিচি বলৱৎ হ’লে এই বৈষম্যৰ অৱসান ঘটিব আৰু সকলো নাগৰিকে একে আইনৰ অধীনত সম অধিকাৰ লাভ কৰিব।
বিয়াৰ দৰে সামাজিক প্ৰতিষ্ঠানৰ গুৰুত্ব ব্যাখ্যা কৰি বিমল বৰাই কয় যে বিবাহ কেৱল এটা আইনী চুক্তি নহয়, ই এখন সমাজৰ সাংস্কৃতিক আৰু নৈতিক ভেটি। বিভিন্ন পাৰ্চনেল ল’ৰ কাৰণে বিবাহ আৰু পৰিয়াল ব্যৱস্থাৰ ক্ষেত্ৰত বহু অসামঞ্জস্য সৃষ্টি হৈছে। এই প্ৰসংগত তেওঁ মুছলমান সমাজত পূৰ্বে প্ৰচলিত ‘তিনি তালাক’ প্ৰথাৰ উল্লেখ কৰি কয় যে এনে ব্যৱস্থাই বহু ক্ষেত্ৰত নাৰীৰ অধিকাৰ ক্ষুণ্ণ কৰিছিল।
তেওঁৰ মতে, সম নাগৰিক সংহিতা প্ৰৱৰ্তনৰ ফলত নাৰী অধিকাৰ অধিক সুৰক্ষিত হোৱাৰ লগতে সমাজত ন্যায়, সমতা আৰু স্থিৰতা প্ৰতিষ্ঠা হ’ব। বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ আদি ক্ষেত্ৰত সকলো নাগৰিকৰ বাবে একে আইনী কাঠামো থাকিলে সমাজ অধিক সুসংগঠিত আৰু ন্যায়সঙ্গত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।
সংবাদমেলত ইউচিচিত অন্তৰ্ভুক্ত বিভিন্ন বিষয়, ইয়াৰ বিধানসমূহ, লগতে আইন উলংঘনৰ ক্ষেত্ৰত সম্ভাৱ্য শাস্তিমূলক ব্যৱস্থাৰ বিষয়েও বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় বিধায়কগৰাকীয়ে। তেওঁ কয় যে এই আইন কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ সকলো নাগৰিকৰ বাবে সম অধিকাৰ আৰু সম ন্যায় নিশ্চিত কৰাৰ উদ্দেশ্যেই প্ৰস্তুত কৰা হৈছে।
সভাত উপস্থিত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াই কয় যে সম নাগৰিক সংহিতা অসমৰ সামাজিক উন্নয়ন আৰু সম অধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ ৰাইজক আইনখনৰ বিষয়ে সঠিক তথ্য গ্ৰহণ কৰি বিভ্ৰান্তিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।
সংবাদমেলত বিজেপিৰ জিলা সভাপতি বিতোপন ৰাইদঙীয়া, সাধাৰণ সম্পাদক চন্দন বুঢ়াগোহাঁই, বিজেপি নেত্ৰী ড° অসমী গগৈ আৰু দীপিকা দুৱৰী উপস্থিত আছিল।




