জেৰেঙা মেটেকা ক্ৰাফট ক্লাষ্টাৰত ৪৫ দিনীয়া ‘সমৰ্থ হস্ততাঁত প্ৰশিক্ষণ’ আৰম্ভ : অৰ্ধশতাধিক শিপিনীৰ অংশগ্ৰহণ : হস্ততাঁত দক্ষতা বিকাশ আৰু স্বাৱলম্বিতাৰ লক্ষ্যৰে বিশেষ প্ৰশিক্ষণ : বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ ৱেভাৰ্ছ চাৰ্ভিচ চেণ্টাৰ, গুৱাহাটীৰ উদ্যোগ : ২৫ নৱেম্বৰত সামৰণি পৰিব প্ৰশিক্ষণৰ

শিৱসাগৰ, ২৯ ছেপ্টেম্বৰ : শিৱসাগৰ জিলাৰ হস্ততাঁত খণ্ডৰ সৈতে জড়িত শিপিনীসকলৰ দক্ষতা বিকাশৰ লক্ষ্যৰে জেৰেঙা মেটেকা ক্ৰাফট ক্লাষ্টাৰত আজিৰে পৰা ৪৫ দিনীয়া ‘সমৰ্থ হস্ততাঁত প্ৰশিক্ষণ’ কাৰ্যসূচী আৰম্ভ হৈছে।

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ ডিচি হেণ্ডলুমৰ ৱেভাৰ্ছ চাৰ্ভিচ চেণ্টাৰ (WSC), গুৱাহাটীৰ উদ্যোগত নৰ্থ ইষ্ট ডেভেলপমেন্ট ফৰামৰ জেৰেঙা মেটেকা ক্ৰাফট ক্লাষ্টাৰ আৰু শিৱসাগৰ জিলা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ যুটীয়া সহযোগত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ
ভটীয়াপাৰস্থিত আইলাহাবি গাঁৱত থকা জেৰেঙা মেটেকা ক্ৰাফট ক্লাষ্টাৰ প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ৪৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে শিৱসাগৰ জিলা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক ভানু হাজৰিকাই। অনুষ্ঠানটোৱে অঞ্চলটোৰ শিপিনীসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে।

ড০ আছফিয়া চুলতানাৰ সঞ্চালনাত উদ্বোধনী সভা
প্ৰশিক্ষণ শিবিৰ উপলক্ষে অনুষ্ঠিত সভাখন সঞ্চালনা কৰে বিশিষ্ট শিক্ষাবিদ তথা আমগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ আছফিয়া চুলতানাই। নৰ্থ ইষ্ট ডেভেলপমেন্ট ফৰামৰ সঞ্চালিকা প্ৰিয়ম হাজৰিকাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি প্ৰশিক্ষণ কাৰ্যসূচীৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে।

হস্ততাঁত প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত বিশদ আলোচনা
উদ্বোধনী সভাত উপস্থিত থাকি হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক ভানু হাজৰিকা, গুৱাহাটীৰ শিপিনী সেৱা কেন্দ্ৰৰ কাৰিকৰী বিষয়া পৰিচৰণ বনীয়া আৰু জেৰেঙা মেটেকা ক্ৰাফট ক্লাষ্টাৰৰ জীতা হাজৰিকাই হস্ততাঁত প্ৰশিক্ষণৰ বিভিন্ন দিশ আৰু ইয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মনোজ্ঞ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নজিউল্লা হাজৰিকাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি প্ৰশিক্ষাৰ্থীসকলৰ সফলতা কামনা কৰে।

বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি
অনুষ্ঠানত শিৱসাগৰ জিলা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ পৰিদৰ্শক পল্লৱ শইকীয়া, গুৱাহাটীৰ শিপিনী সেৱা কেন্দ্ৰৰ ৰাকেশ তালুকদাৰ, মুখ্য প্ৰশিক্ষক হেমেন্দ্ৰ ৰাজবংশীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ, ২৫ নৱেম্বৰত সামৰণি
উল্লেখযোগ্য যে, এই ৪৫ দিনীয়া ‘সমৰ্থ হস্ততাঁত প্ৰশিক্ষণ’ শিবিৰত অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দীৰ্ঘম্যাদী এই প্ৰশিক্ষণ কাৰ্যসূচী অহা ২৫ নৱেম্বৰত সামৰণি পৰিব।

হস্ততাঁত শিল্পৰ সৈতে জড়িত শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক অধিক সুদক্ষ কৰি তোলাৰ ক্ষেত্ৰত এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ আশা কৰা হৈছে।




