শিৱসাগৰ কৈশোৰ ন্যায় পৰিষদৰ ত্ৰৈমাসিক পৰ্যালোচনা সভা—বিচাৰাধীন গোচৰৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা : তিনিটা আধৰুৱা গোচৰৰ প্ৰাথমিক মূল্যাংকন প্ৰতিবেদন দাখিল নোহোৱাত গুৰুত্ব—সদৰ আৰু শিমলুগুৰি থানাক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
যৌন নিৰ্যাতনৰ বলি কন্যাই সমৰ্পণ কৰা নৱজাত শিশুৰ DNA পৰীক্ষাক লৈ আলোচনা—আইনী আৰু বিভাগীয় নীতিৰ তথ্য শীঘ্ৰে দাখিল কৰিবলৈ স্বাস্থ্য বিভাগক অনুৰোধ

শিৱসাগৰ, ২৭ ছেপ্টেম্বৰ : শিৱসাগৰ কৈশোৰ ন্যায় পৰিষদৰ ত্ৰৈমাসিক পৰ্যালোচনা সভাখন কালি জিলা ন্যায়িক আদালতৰ সভাগৃহত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ সন্মানীয় শ্ৰীমতী অদ্ৰী ভট্টাচাৰ্যই। কৈশোৰ ন্যায় পৰিষদত বিচাৰাধীন হৈ থকা বিভিন্ন গোচৰৰ বৰ্তমান অৱস্থা, নিষ্পত্তিৰ অগ্ৰগতি আৰু সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় বিষয়সমূহ সভাত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়।

তিনিমাহত পঞ্জীয়ন আৰু নিষ্পত্তি হোৱা গোচৰৰ খতিয়ান
সভাৰ আৰম্ভণিতে কৈশোৰ ন্যায় পৰিষদৰ সদস্যা পৰীস্মিতা ডেকাই বিগত তিনিমাহত কিশোৰ ন্যায় ব’ৰ্ডত পঞ্জীয়ন হোৱা গোচৰসমূহৰ লগতে এই সময়ছোৱাত নিষ্পত্তি হোৱা গোচৰসমূহৰ বিষয়ে সভাক অৱগত কৰে। তেওঁ গোচৰসমূহৰ অগ্ৰগতি আৰু বৰ্তমান স্থিতিৰ ওপৰতো আলোকপাত কৰে।
তিনিটা গোচৰৰ প্ৰাথমিক মূল্যাংকন প্ৰতিবেদন দাখিল নোহোৱাক লৈ উদ্বেগ
পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ আন এগৰাকী সদস্যা শ্ৰীমতী অপৰাজিতা দাসে কৈশোৰ ন্যায় পৰিষদত আধৰুৱা হৈ থকা তিনিটা গোচৰৰ প্ৰাথমিক মূল্যাংকনৰ প্ৰতিবেদন এতিয়াও সংশ্লিষ্ট আৰক্ষী থানাৰ পৰা দাখিল নোহোৱাৰ বিষয়টো সভাৰ দৃষ্টিগোচৰ কৰে। সংশ্লিষ্ট গোচৰকেইটাৰ প্ৰতিবেদন শিৱসাগৰ সদৰ আৰক্ষী থানা আৰু শিমলুগুৰি আৰক্ষী থানাৰ পৰা দাখিল হ’বলগীয়া বুলি সভাত উল্লেখ কৰা হয়।
বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীমতী অদ্ৰী ভট্টাচাৰ্যই সভাত উপস্থিত উপ-আৰক্ষী অধীক্ষকৰ লগতে সংশ্লিষ্ট দুয়োখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

নৱজাত শিশুৰ DNA পৰীক্ষাক লৈ স্পৰ্শকাতৰ বিষয় উত্থাপন
সভাত শিশু কল্যাণ সমিতিয়ে আন এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় উত্থাপন কৰে। যৌন নিৰ্যাতনৰ বলি হোৱা কন্যাসকলে সন্তান জন্ম দিয়াৰ পাছত শিশু কল্যাণ সমিতিৰ ওচৰত সমৰ্পণ কৰা নৱজাত শিশুৰ DNA পৰীক্ষা সম্পৰ্কীয় বিষয়টো সভাত আলোচনাৰ বাবে উত্থাপন কৰা হয়।
এই সন্দৰ্ভত জিলা আৰু সত্ৰ ন্যায়াধীশে স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক নৱজাত শিশুৰ DNA পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনী বিধি-বিধান আৰু বিভাগীয় নীতি-নিৰ্দেশনাৰ বিষয়ে প্ৰয়োজনীয় তথ্য শীঘ্ৰে দাখিল কৰিবলৈ অনুৰোধ জনায়। বিষয়টোৰ সংবেদনশীলতা আৰু আইনী দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট নীতি-নিৰ্দেশনা স্পষ্ট কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ন্যায়পালিকা, আৰক্ষী, স্বাস্থ্য আৰু শিশু বিকাশ বিভাগৰ বিষয়াৰ অংশগ্ৰহণ
পৰ্যালোচনা সভাখনত জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰঞ্জন ব্ৰহ্ম, জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰী সৌমাৰ জ্যোতি দত্ত, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শ্ৰীমতী জাহ্নৱী হাজৰিকা আৰু মহকুমা ন্যায়িক দণ্ডাধীশ (সদৰ) শ্ৰী শৈলেন বুঢ়াগোহাঁইৰ লগতে স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগ তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
সভাখনত কৈশোৰ ন্যায় ব্যৱস্থাৰ অধীনত থকা গোচৰসমূহৰ সময়মতে নিষ্পত্তি, সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় আৰু শিশু তথা কিশোৰ-কিশোৰীৰ সৈতে জড়িত স্পৰ্শকাতৰ বিষয়সমূহত প্ৰযোজ্য আইনী আৰু বিভাগীয় প্ৰক্ৰিয়া অনুসৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।




