Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMLocal NewsNGOSIVASAGARSTATE

শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন—সু-প্ৰশাসনত সংবাদ মাধ্যমৰ ভূমিকা লৈ মননশীল আলোচনা : ‘বৃটিছ শাসিত ভাৰতবৰ্ষতে ৰাইজক সজাগ আৰু জনচেতনা জাগ্ৰত কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল’—ড৹ সৌমাৰজ্যোতি মহন্ত : ‘সাংবাদিকসকল সমাজৰ অতন্দ্ৰ প্ৰহৰী’—ড৹ প্ৰতিম শৰ্মা; ‘আৰক্ষী আৰু সাংবাদিকতাৰ পথ ভিন্ন হ’লেও দুয়োপক্ষই সমাজৰ উত্তৰণৰ বাবে কাম কৰে’—পাপৰি চেতিয়া

জিলা আয়ুক্তলৈ জিলাৰ সমস্যাৰ কথা লিখা বিদ্যালয় পৰ্যায়ৰ চিঠি প্ৰতিযোগিতাৰ পাঁচগৰাকী বিজয়ীক নগদ ধন, কিতাপৰ টোপোলা আৰু প্ৰশংসা-পত্ৰৰে পুৰস্কৃত

শিৱসাগৰ, ২৭ ছেপ্টেম্বৰ : শিৱসাগৰৰ সাংবাদিকতাৰ সুদীৰ্ঘ পৰম্পৰা আৰু সামাজিক দায়বদ্ধতাৰ যাত্ৰাক সুঁৱৰি শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস এদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন, ‘সু-প্ৰশাসনত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বক্তৃতানুষ্ঠান আৰু বিদ্যালয় পৰ্যায়ৰ চিঠি লিখা প্ৰতিযোগিতাৰ বঁটা প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

জেঙণিকটীয়াত পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ

পুৱা জেঙণিকটীয়াস্থিত সংস্থাৰ কাৰ্যালয় প্ৰাংগণত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি কুমাৰ অভিজিৎ দুৱৰাই। পতাকা উত্তোলন অনুষ্ঠানত সম্পাদক অনন্ত স্মিথৰ লগতে জ্যেষ্ঠ সাংবাদিক ইনামুল হাজৰিকা, মণিৰুল ইছলাম বড়া, অতনু বৰা, অনিল গুপ্তা, মুস্তাকুৰ ৰহমান, জয়জ্যোতি গগৈ আৰু ৰাজকুমাৰ কনচেংকে ধৰি সাংবাদিকসকল উপস্থিত থাকে।

বাণিজ্য মহাবিদ্যালয়ত ‘সু-প্ৰশাসনত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বক্তৃতানুষ্ঠান

দিনৰ ১১ বজাত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘সু-প্ৰশাসনত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰ পাছত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক অনন্ত স্মিথে সংস্থাটোৰ ৬২ বছৰীয়া সুদীৰ্ঘ যাত্ৰাৰ এক চমু আভাস দাঙি ধৰে।

তেওঁ সংস্থাটোৰ যাত্ৰাপথত বীৰেন বৰকটকী, কমলা শইকীয়া, গুণ বৰুৱা, প্ৰদীপ দত্ত, সোমেশ ডেকা আৰু মনোজ বৰঠাকুৰে আগবঢ়োৱা অৱদান স্মৰণ কৰি তেওঁলোকে কেনেদৰে সংস্থাটোক এক নতুন গতি প্ৰদান কৰিছিল সেই বিষয়ে উল্লেখ কৰে।

‘সমাজৰ প্ৰতি আমি কিমান দায়বদ্ধ, সেই প্ৰশ্ন নিজকে কৰা উচিত’—লুকুমণি বৰা

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিৱসাগৰৰ অতিৰিক্ত আয়ুক্ত লুকুমণি বৰাই আত্মবিশ্লেষণ, সামাজিক দায়বদ্ধতা আৰু মানৱীয় মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জীৱনৰ কথাবোৰ জুকিয়াই চাই আমি নিজৰ কামবোৰ সঠিকভাৱে কৰি আছোঁ নে নাই, সেই সম্পৰ্কে সময়ে সময়ে চিন্তা কৰা উচিত। বহু প্ৰশ্নৰ উত্তৰ মানুহৰ নিজৰ ভিতৰতে থাকে বুলিও তেওঁ মন্তব্য কৰে।

আমি প্ৰকৃততে সমাজৰ বাবে দায়বদ্ধ হৈছোঁ নে নাই আৰু আমাৰ মাজৰ পৰা মানৱীয়তা হেৰাই গৈছে নেকি, সেই বিষয়েও চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। একেদৰে পৰস্পৰৰ প্ৰতি কেনেদৰে সহায়ৰ হাত আগবঢ়াব পাৰি, সেই দিশতো সমাজে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে।

সামাজিক মাধ্যমৰ প্ৰসংগ উত্থাপন কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে কয় যে নেতিবাচক চিন্তাৰ পৰিৱৰ্তে ইতিবাচক চিন্তাৰ প্ৰসাৰ অধিক প্ৰয়োজনীয়। ইতিবাচক চিন্তাই মানুহৰ মাজত উদ্যম সৃষ্টি কৰে আৰু সমাজৰ বাবে ভাল চিন্তা এৰি থৈ যোৱাটোৱেই মূল কথা বুলি তেওঁ উল্লেখ কৰে।

‘সাংবাদিকসকল সমাজৰ অতন্দ্ৰ প্ৰহৰী’—ড৹ প্ৰতিম শৰ্মা

শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড৹ প্ৰতিম শৰ্মাই সাংবাদিকসকলক সমাজৰ ‘অতন্দ্ৰ প্ৰহৰী’ আখ্যা দি সু-প্ৰশাসনত তেওঁলোকৰ উল্লেখযোগ্য অৰিহণা আছে বুলি মন্তব্য কৰে। সাংবাদিকতাৰ জগতখন একে সময়তে আকৰ্ষণীয় আৰু প্ৰত্যাহ্বানমূলক বুলিও তেওঁ কয়।

নতুন প্ৰজন্মক উদ্দেশ্য কৰি অধ্যক্ষগৰাকীয়ে কয় যে কলম-কাগজ আৰু কিতাপৰ এক সুকীয়া অনুভৱ আছে, যিয়ে মানুহৰ চিন্তাৰ সোঁতক ত্বৰান্বিত কৰে। মানুহৰ চিন্তাৰ সৈতে সমানে আগবাঢ়ি যোৱা AI এদিন ‘ক্ৰিয়েটৰ’ হৈ উঠিব পাৰে বুলি মত প্ৰকাশ কৰি তেওঁ ইয়াৰ প্ৰভাৱত ক্ৰমে হেৰাই যাবলৈ ধৰা মানৱীয় গুণসমূহ উদ্ধাৰৰ বাবে আলোচনা আৰু সমালোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চিঠি লিখাৰ অনুভৱক স্মৰণ কৰি নতুন প্ৰজন্মক প্ৰশংসা পাপৰি চেতিয়াৰ

শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই সংস্থাই আয়োজন কৰা চিঠি লিখা প্ৰতিযোগিতাৰ প্ৰসংগ উল্লেখ কৰি স্মৃতিকাতৰ হৈ চিঠি লিখা আৰু পঢ়াৰ অনুভৱক এক সুকীয়া সুখানুভূতি বুলি অভিহিত কৰে। প্ৰতিযোগিতাৰ চিঠিসমূহ পঢ়ি নতুন প্ৰজন্মৰ হাতৰ পৰা চিঠি লিখাৰ কলা আঁতৰি নোযোৱাত তেওঁ প্ৰশংসা প্ৰকাশ কৰে।

তেওঁ কয় যে জীয়াই থকাৰ কোনো উদ্দেশ্য নাথাকিলে জীৱনটো কেৱল যাপনহে কৰিব পাৰি, উদ্‌যাপন কৰিব নোৱাৰি। সৰু ঘৰুৱা কাম এটাৰে দিনটো আৰম্ভ কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ জীৱনলৈ নিয়মানুৱৰ্তিতা আহিলেহে আগবাঢ়ি যোৱাৰ এক পথ বিচাৰি পোৱা সম্ভৱ বুলি মন্তব্য কৰে।

‘আৰক্ষী আৰু সাংবাদিকতাৰ পথ ভিন্ন হ’লেও লক্ষ্য সমাজৰ উত্তৰণ’

সাংবাদিকসকলক উদ্দেশ্য কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষী আৰু সাংবাদিকতাৰ কৰ্মপথ ভিন্ন হ’লেও দুয়োপক্ষই সমাজৰ উত্তৰণৰ বাবে কাম কৰি যায়। সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলে পালন কৰা ভূমিকাৰ প্ৰশংসা কৰি তেওঁ গঠনমূলক সমালোচনাৰে আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৃটিছ শাসিত ভাৰতত জনচেতনা জাগ্ৰত কৰাত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা—ড৹ সৌমাৰজ্যোতি মহন্ত

অনুষ্ঠানত ‘সু-প্ৰশাসনত সংবাদ মাধ্যমৰ ভূমিকা’ শীৰ্ষক বিষয়ত মূল ভাষণ আগবঢ়াই শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নিবন্ধকাৰ ড৹ সৌমাৰজ্যোতি মহন্তই গণতন্ত্ৰৰ ‘চতুৰ্থ স্তম্ভ’ হিচাপে সংবাদ মাধ্যমৰ ভূমিকা আৰু তাৎপৰ্য ব্যাখ্যা কৰে।

তেওঁ কয় যে বৃটিছ শাসিত ভাৰতবৰ্ষতে ৰাইজক সজাগ কৰা আৰু জনচেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু গোপালকৃষ্ণ গোখলেকে ধৰি স্বাধীনতা আন্দোলনৰ বহু নেতাই সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ বৃটিছ শাসনৰ অন্যায়-অনীতি জনসাধাৰণৰ সন্মুখত উন্মোচিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

শিক্ষাৰ অধিকাৰৰ ধাৰণাৰ প্ৰসংগও উত্থাপন

ভাষণত শিক্ষাৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি ড৹ মহন্তই কয় যে ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়নৰ বহু পূৰ্বেই গোপালকৃষ্ণ গোখলেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক, বিনামূলীয়া আৰু সহজলভ্য কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল আৰু সেই বিষয় আইনসভাত উত্থাপন কৰিছিল।

তেওঁৰ বক্তব্য অনুসৰি, ভাৰতীয়সকলক শিক্ষিত কৰি তুলিবলৈ হ’লে প্ৰাথমিক শিক্ষাক সকলোৰে বাবে সহজলভ্য কৰি তোলাটো অত্যন্ত প্ৰয়োজনীয় বুলি গোখলেই বহু আগতেই উপলব্ধি কৰিছিল।

পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা প্ৰশাসনিক আসোঁৱাহলৈ—সংবাদ মাধ্যমৰ বিশ্লেষণাত্মক ভূমিকা

ড৹ মহন্তই কয় যে স্বাধীনতাৰ পাছত বিভিন্ন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আসোঁৱাহ আৰু বিভিন্ন দিশ সংবাদ মাধ্যমে একনিষ্ঠ, নিৰপেক্ষ আৰু যুক্তিনিষ্ঠভাৱে বিশ্লেষণ কৰি আহিছিল। সংবাদ মাধ্যমৰ এনে ভূমিকাই সমকালীন চৰকাৰসমূহকো সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বসহকাৰে ল’বলৈ বাধ্য কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

প্ৰশাসনৰ বিভিন্ন দিশ আৰু আসোঁৱাহো সংবাদ মাধ্যমে সময়ে সময়ে জনসাধাৰণৰ সন্মুখলৈ উন্মোচিত কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে।

১৯৭৫ৰ জৰুৰীকালীন অৱস্থাত সংবাদ মাধ্যম নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ স্মৰণ

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ উল্লেখ কৰি ড৹ মহন্তই সেই সময়ত সংবাদ মাধ্যমক কেনেদৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল, সেই বিষয়েও আলোকপাত কৰে। শাসকীয় নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংবাদ মাধ্যমে সম্পাদকীয় পৃষ্ঠা উকা কৰি ৰখাৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে, এনে ঘটনাই সংবাদ মাধ্যমৰ স্বাধীনতা, সাহস আৰু গণতান্ত্ৰিক দায়বদ্ধতাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিফলিত কৰে।

বাতৰি কাকতৰ যুগৰ পৰা ডিজিটেল আৰু নাগৰিক সাংবাদিকতালৈ

সময়ৰ লগে লগে সংবাদ মাধ্যমলৈ আমূল পৰিৱৰ্তন অহা বুলি উল্লেখ কৰি ড৹ মহন্তই কয় যে সত্তৰৰ দশকৰ আৰম্ভণিলৈকে বাতৰি কাকতেই সংবাদ প্ৰকাশৰ অন্যতম মুখ্য আহিলা আছিল। বাতৰি কাকতৰ পৃষ্ঠাই অতীতক সামৰি, বৰ্তমানক আকোৱালি লৈ ভৱিষ্যতৰ গতিপথ নিৰ্ণয় কৰাতো ভূমিকা পালন কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

সেই সময়ৰ সংবাদ মাধ্যমত সবল স্থিতি, নিৰপেক্ষ ভূমিকা আৰু দায়বদ্ধতাৰ ভাব স্পষ্টভাৱে প্ৰতিফলিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে পৰৱৰ্তী সময়ত নিউ মিডিয়া, ডিজিটেল মিডিয়া, ফ্ৰণ্টলাইন মিডিয়া আৰু নাগৰিক সাংবাদিকতা সক্ৰিয় হৈ উঠাৰ লগে লগে মূলধাৰাৰ সাংবাদিকতাৰ ধৰণতো ব্যাপক পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে।

সংবাদ মাধ্যমৰ সৈতে জড়িত অংশগ্ৰহণকাৰীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ লগতে সংবাদ মাধ্যমক সাংস্কৃতিক, ৰাজনৈতিক আৰু সামাজিক বিতৰ্কৰ এক শক্তিশালী প্লেটফৰ্ম হিচাপেও ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে বুলি তেওঁ কয়।

‘জেছমিন ৰিভলিউচন’ আৰু ‘প’ষ্ট ট্ৰুথ’ৰ প্ৰসংগ

নিজৰ ভাষণত ড৹ সৌমাৰজ্যোতি মহন্তই ‘জেছমিন ৰিভলিউচন’ আৰু ‘প’ষ্ট ট্ৰুথ’ৰ প্ৰসংগও উল্লেখ কৰি আধুনিক সংবাদ আৰু তথ্য-প্ৰবাহৰ পৰিৱৰ্তিত চৰিত্ৰৰ বিষয়ে আলোচনা কৰে।

তেওঁ কয় যে প্ৰশাসনৰ বিভিন্ন দিশ আলোচনা-পৰ্যবেক্ষণ কৰি তাৰ সৈতে বিশ্লেষণাত্মক দৃষ্টিভংগী সংযোজন কৰি মানুহ আৰু সমাজৰ উন্নয়নৰ বাবে সংবাদ মাধ্যমে যি ধৰণে ধাৱমান হ’ব লাগে, সেই ক্ষেত্ৰত যেন কিছু যতি পৰিছে বুলি বিশ্লেষকসকলে ক’বলৈ আৰম্ভ কৰিছে।

জিলা আয়ুক্তলৈ চিঠি লিখি জিলাৰ সমস্যা তুলি ধৰিলে শিক্ষাৰ্থীয়ে

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা আয়ুক্তক উদ্দেশ্য কৰি জিলাখনৰ বিভিন্ন সমস্যাক বিষয় হিচাপে লৈ বিদ্যালয় পৰ্যায়ত এক চিঠি লিখা প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাত দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌৰভ দত্তই প্ৰথম, গৌৰীসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰাখী দাসে দ্বিতীয়, বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিচিকা গগৈয়ে তৃতীয়, একেখন বিদ্যালয়ৰ ঋষিৰাজ বুঢ়াগোহাঁয়ে চতুৰ্থ আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুকন্যা বুঢ়াগোহাঁয়ে পঞ্চম স্থান লাভ কৰে।

বিজয়ী পাঁচগৰাকী শিক্ষাৰ্থীক নগদ ধন, কিতাপৰ টোপোলা আৰু প্ৰশংসা-পত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীৰ উপস্থিতি

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা সৃষ্টিপৰ্ণা ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত নিবন্ধকাৰ চামচুল বাৰিক, অধ্যাপক সঞ্জয় দাস, ড৹ ৰণ্টু বৰগোহাঁই, ড৹ সীমান্ত বৰুৱা, জ্যেষ্ঠ সাংবাদিক হৰেশ বৰুৱা, ভৈৰৱ মুণ্ডা, শিৱ গগৈ, মনোজ কুমাৰ গগৈ আৰু ৰাতু কুমাৰ দাসৰ লগতে মুক্তাৱ হুছেইন, প্ৰদীপ খেমকা আৰু ৰূপচান্দ কৰনানীকে ধৰি বহু বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

সংবাদ মাধ্যমৰ ঐতিহাসিক ভূমিকা, সু-প্ৰশাসনৰ প্ৰতি সাংবাদিকতাৰ দায়বদ্ধতা, ডিজিটেল যুগৰ নতুন প্ৰত্যাহ্বান, মানৱীয় মূল্যবোধ আৰু নতুন প্ৰজন্মৰ সামাজিক সচেতনতাক কেন্দ্ৰ কৰি হোৱা আলোচনা আৰু বিভিন্ন কাৰ্যসূচীৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস সফলতাৰে সম্পন্ন হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!