চিৰাঙত উলহ-মালহেৰে ৬৫ সংখ্যক শিক্ষক দিৱস পালন, ১০ গৰাকী কৃতি আৰু ১৫২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা : কাজলগাঁৱৰ ডায়েটত জিলাস্তৰীয় শিক্ষক দিৱস : ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আদৰ্শ আৰু কৰ্মজীৱন স্মৰণ : ‘শিক্ষকসকল দেশ তথা সমাজৰ শিক্ষাৰ খনিকৰ’—জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম
সমাজক একত্ৰিত কৰি আগুৱাই নিয়াত শিক্ষকৰ ভূমিকা অপৰিসীম—নিত্য বিনোদ ৱাৰী

কাজলগাঁও, ৫ ছেপ্টেম্বৰ : দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিটিএডিৰ চিৰাং জিলাতো শনিবাৰে ব্যাপক উৎসাহ-উদ্দীপনা আৰু বিভিন্ন কাৰ্যসূচীৰে ৬৫ সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। এই উপলক্ষে চিৰাং জিলা শিক্ষা বিভাগৰ উদ্যোগত কাজলগাঁওস্থিত ডায়েটৰ ‘জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ’ত জিলাস্তৰীয় শিক্ষক দিৱসৰ এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়।

ড০ ৰাধাকৃষ্ণনৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলিৰে কাৰ্যসূচীৰ শুভাৰম্ভ
শিক্ষক দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিকৃতিত দীপ প্ৰজ্বলন, মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ পিছত দিনৰ ১১ বজাৰ পৰা চিৰাং জিলা বিদ্যালয়সমূহৰ সহকাৰী পৰিদৰ্শক সৌমদৌন নাৰ্জাৰীৰ সঞ্চালনাত ড০ ৰাধাকৃষ্ণনৰ কৰ্মজীৱন আৰু আদৰ্শক কেন্দ্ৰ কৰি আলোচনা তথা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
১০ গৰাকী আদৰ্শ শিক্ষক আৰু ১৫২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা
চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় বৈষ্ণৱে উদ্বোধন কৰা সভাখনত জিলাখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ কৰ্মৰত ১০ গৰাকী আদৰ্শ তথা কৃতি শিক্ষকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। একেটা অনুষ্ঠানতে শিক্ষাক্ষেত্ৰলৈ দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা ১৫২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো মানপত্ৰ, আৰ’নাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

‘শিক্ষকসকল দেশ তথা সমাজৰ শিক্ষাৰ খনিকৰ’—জিলা আয়ুক্ত
অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি চিৰাং জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই শিক্ষক দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ কয় যে শিক্ষকসকল হৈছে দেশ তথা সমাজৰ শিক্ষাৰ খনিকৰ। এগৰাকী শিক্ষাৰ্থীৰ জীৱন গঢ়াত শিক্ষকৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকৰ সৈতে সুসম্পৰ্ক আৰু সঠিক দিক্নিৰ্দেশনা অবিহনে এগৰাকী শিক্ষাৰ্থীৰ বাবে জীৱনৰ পথত সফলতাৰে আগবাঢ়ি যোৱাটো কঠিন।
ৰাধাকৃষ্ণনৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান
চিৰাং ডায়েটৰ অধ্যক্ষ নাছিৰ উদ্দিনে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কৰ্মজীৱন, শিক্ষা-দৰ্শন আৰু আদৰ্শৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। মহান শিক্ষাবিদগৰাকীৰ আদৰ্শৰ পৰা শিক্ষা গ্ৰহণ কৰি ভৱিষ্যৎ প্ৰজন্মক সমাজ আৰু দেশ গঢ়াৰ কামত আত্মনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়।
সমাজক একত্ৰিত কৰি ৰখাত শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ—নিত্য বিনোদ ৱাৰী
বিটিচিৰ অ’এছডি নিত্য বিনোদ ৱাৰীয়ে নিজৰ বক্তব্যত বৰ্তমান সময়ত সমাজক একত্ৰিত কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। শিক্ষকসকল সমাজৰ বাবে প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি তেওঁ নিজ নিজ অঞ্চলত দায়িত্বশীলতাৰে কৰ্তব্য পালন কৰি সমাজক সঠিক দিশ দেখুৱাই যাবলৈ শিক্ষকসকলক আহ্বান জনায়।

ৰাজ্যপালৰ দ্বাৰা সন্মানিত শিক্ষক চুকেল বসুমতাৰীৰ বক্তব্য
সভাত ৰাজ্যপালৰ দ্বাৰা সন্মানিত শিক্ষক চুকেল বসুমতাৰীয়েও বক্তব্য আগবঢ়ায়। ইয়াৰ লগতে সম্বৰ্ধিত কৃতি শিক্ষক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কেইবাগৰাকীয়েও নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে।
অনুষ্ঠানত সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক থানেশ্বৰ ব্ৰহ্ম দৈমাৰী, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি কামেশ্বৰ বসুমতাৰী, কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা অজিত কুমাৰ শৰ্মা আৰু চিদলী খণ্ড শিক্ষা বিষয়া কামেশ্বৰ ব্ৰহ্মৰ লগতে শিক্ষা বিভাগৰ বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী আৰু কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।

জিলাখনৰ বিদ্যালয়সমূহতো শিক্ষক দিৱসৰ বৰ্ণাঢ্য আয়োজন
ইফালে, বিজিআৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়তো উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰা হয়। বিদ্যালয়সমূহত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা, আলোচনা সভা আৰু বিভিন্ন সাংস্কৃতিক তথা শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে।




