Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifLocal NewsSIVASAGARSocial ServiceSTUDENTSटॉप न्यूज़युवाशिवसागर

বিশ্ব পৰিৱেশ দিৱসত ‘মানুহে মানুহৰ বাবে গ্ৰুপ’ৰ ব্যতিক্ৰমী উদ্যোগ : বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া আৰু সাংবাদিকক সম্বৰ্ধনা; পাঁচ শতাধিক গছপুলি বিতৰণেৰে সেউজীয়া পৰিৱেশ গঢ়াৰ সংকল্প

ক’ভিড কালত প্ৰতিষ্ঠা হোৱা সংগঠনটোৰ জনকল্যাণমূলক কামৰ ধাৰাবাহিকতা অব্যাহত

শিৱসাগৰ, ৫ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শিৱসাগৰত “মানুহে মানুহৰ বাবে গ্ৰুপ”ৰ উদ্যোগত আৰু শিৱসাগৰ যান-বাহন আৰক্ষীৰ সহযোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৱসটো উদযাপন কৰা হয়। পৰিৱেশ সংৰক্ষণ, সামাজিক দায়বদ্ধতা আৰু জনসেৱাৰ বাৰ্তা সমাজৰ মাজলৈ কঢ়িয়াই নিয়াৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত সমাজসেৱা, জনপ্ৰশাসন, পৰিৱেশ সংৰক্ষণ আৰু সামাজিক ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ব্যক্তিসকলৰ ভিতৰত আছিল শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ খেমকা, ৰূপচান্দ কাৰ্ণী আৰু মানস শইকীয়া, শিৱসাগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-পৰিদৰ্শক পাৰ্থ সাৰথি বড়া, কানাড়া বেংক শিৱসাগৰ শাখাৰ প্ৰৱন্ধক ময়ুৰ জয়াৰাজন, শিৱসাগৰ জিলা পৰিবহণ বিষয়া হীৰকজ্যোতি ডেকা, শিৱসাগৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ কাৰ্যালয়ৰ মুৰব্বী জয়ন্ত দত্তৰ লগতে শিৱসাগৰৰ কেইবাগৰাকী সংবাদ মাধ্যমৰ কৰ্মী।

অনুষ্ঠানত বক্তাসকলে কয় যে, সমাজৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নীৰৱে কাম কৰি অহা ব্যক্তিসকলক স্বীকৃতি প্ৰদান কৰাটো সমাজৰ বাবে ইতিবাচক পদক্ষেপ। এইসকল ব্যক্তিৰ কৰ্ম আৰু অৱদান নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হ’ব।

উল্লেখ্য যে, ২০২১ চনত ক’ভিড মহামাৰীৰ সংকটকালত অসহায় আৰু দুখীয়া লোকসকলৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে গঠন হোৱা “মানুহে মানুহৰ বাবে গ্ৰুপ”-এ প্ৰতিষ্ঠাকালৰ পৰা বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু জনকল্যাণমূলক কাম-কাজ ৰূপায়ণ কৰি আহিছে। ক’ভিড কালত খাদ্য সামগ্ৰী বিতৰণ, আৰ্থিক সহায়, চিকিৎসা সহায়তা আদিৰ জৰিয়তে সংগঠনটোৱে সমাজত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়তো বিভিন্ন সামাজিক আৰু জনহিতকৰ কাৰ্যসূচীৰে সংগঠনটোৱে ৰাইজৰ আস্থাভাজন সংগঠন হিচাপে পৰিচিতি লাভ কৰিছে।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সংগঠনটোৰ সদস্যসকলে পৰিৱেশ সংৰক্ষণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি প্ৰায় পাঁচ শতাধিক গছপুলি সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰে। গছপুলি ৰোপণৰ লগতে ইয়াৰ সঠিক যত্ন আৰু সংৰক্ষণৰ জৰিয়তে এখন সেউজীয়া আৰু সুস্থ পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনায় সংগঠনটোৱে। সদস্যসকলে কয় যে, জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস আৰু বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰত্যাহ্বানৰ সময়ত গছপুলি ৰোপণ আৰু সংৰক্ষণেই হৈছে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুস্থ পৃথিৱী এৰি যোৱাৰ অন্যতম উপায়।

অনুষ্ঠানত বিষ্ণু জ্যোতি শইকীয়াই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানৰ আঁত ধৰে আক্ৰাম হুছেইনে। অনুষ্ঠানটোৰ সফল ৰূপায়ণত সহযোগিতা আগবঢ়ায় বিতু বৰুৱা, নীপু দাস, তাচিক আহমেদ, শশাংক কলিতা, প্ৰাঞ্জল কাকতি, বিপ্লৱ গগৈ আৰু ছাজাদ আহমেদকে ধৰি বহু কৰ্মীয়ে।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত এই কাৰ্যসূচীয়ে কেৱল পৰিৱেশ সংৰক্ষণৰ বাৰ্তাই নহয়, সমাজসেৱা, সামাজিক সম্প্ৰীতি আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰে। অনুষ্ঠানৰ শেষত উপস্থিত সকলোৱে অধিক সংখ্যক গছপুলি ৰোপণ আৰু সংৰক্ষণৰ জৰিয়তে এখন সেউজীয়া, সুস্থ আৰু পৰিষ্কাৰ সমাজ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!