শিৱসাগৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাব আছুৱে : ৭ জুনত নাট্য মন্দিৰত বৃহৎ অভিনন্দন অনুষ্ঠান : মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে
উপস্থিত থাকিব জিলা আয়ুক্ত মৃদুল য়াদৱ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° সুৰজিৎ বৰকটকী, অ’এনজিচিৰ উদয় পাছোৱানসহ বহু বিশিষ্ট ব্যক্তি

শিৱসাগৰ, ৫ জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উজ্জ্বল ফলাফল প্ৰদৰ্শন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱাৰ উদ্দেশ্যে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অহা ৭ জুনত শিৱসাগৰ নাট্য মন্দিৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বিশেষ অনুষ্ঠানত ৰাজ্যৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত জিলাখনৰ বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব।
অনুষ্ঠানত শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল য়াদৱ, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু ড° সুৰজিৎ বৰকটকী, অ’এনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক উদয় পাছোৱানৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ একাধিক বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
জানিব পৰা মতে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা কৃতী শিক্ষাৰ্থীসকলক অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
শিক্ষাক্ষেত্ৰত উৎকৰ্ষতা প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক উৎসাহ আৰু স্বীকৃতি প্ৰদান কৰাৰ লগতে নতুন প্ৰজন্মক অধিক অধ্যৱসায়ী আৰু লক্ষ্যনিষ্ঠ হ’বলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়াই এক বিবৃতিযোগে জিলাখনৰ সকলো কৃতীমান ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, শুভাকাংক্ষী ৰাইজ আৰু আছুৰ কৰ্মীসকলক অনুষ্ঠানটোত উপস্থিত থাকি সফল কৰি তুলিবলৈ আহ্বান জনাইছে।
শিক্ষাৰ্থীসকলৰ সাফল্যক স্বীকৃতি দিয়াৰ লগতে সমাজত শিক্ষাৰ ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখনত উৎসাহ-উদ্দীপনাৰ পৰিৱেশ সৃষ্টি হৈছে।




