Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
AASUGUWAHATIhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARटॉप न्यूज़युवाराज्यलोकल न्यूज़शिवसागर

শিৱসাগৰত “দক্ষতা বিষয়ৰ মূল্যায়ন” শীৰ্ষক ৰাজ্যিক প্ৰবোধন কাৰ্যসূচী, এনইপি-২০২০ ৰূপায়ণত বৃত্তিমূলক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব : দক্ষতা শিক্ষাক অধিক গুৰুত্ব দিয়েই আত্মনিৰ্ভৰশীল যুৱ সমাজ গঢ়িব লাগিব : আৰ. চি. জৈন

শিৱসাগৰ, ২৩ মে’ : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগত আৰু শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত শুকুৰবাৰে শিৱসাগৰ নাট্য মন্দিৰত “দক্ষতা বিষয়ৰ মূল্যায়ন” শীৰ্ষক এক গুৰুত্বপূৰ্ণ প্ৰবোধন আৰু প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সমল ব্যক্তি, বৃত্তিমূলক শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষা বিভাগৰ বিষয়া আৰু বিদ্যালয় পৰ্যায়ৰ বিভিন্ন কৰ্মকৰ্তাই এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত সভাপতিত্ব কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনয়ে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) মীনাক্ষী পেৰ্মে, শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতি, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনজিৎ গগৈ।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শিৱসাগৰ আঞ্চলিক সচিব গৌৰী শংকৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত চৰাইদেউ আঞ্চলিক সচিবৰ লগতে শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা মিছনৰ বহু বিষয়া-কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কয় যে এনইপি-২০২০ এ ভাৰতৰ শিক্ষা ব্যৱস্থাক এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ কয় যে বৰ্তমান সময়ত কেৱল পুথিগত জ্ঞানেই যথেষ্ট নহয়; ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰিক দক্ষতা, উদ্ভাৱনী চিন্তা আৰু জীৱনমুখী শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী হ’ব লাগিব।

তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে দক্ষতা শিক্ষা হৈছে শিক্ষাৰ্থীৰ জীৱন গঢ়াৰ অন্যতম শক্তিশালী মাধ্যম। বিদ্যালয় পৰ্যায়তেই যদি শিক্ষাৰ্থীসকলে কাৰিকৰী জ্ঞান, ব্যৱহাৰিক অভিজ্ঞতা আৰু কৰ্মমুখী প্ৰশিক্ষণ লাভ কৰে, তেন্তে ভৱিষ্যতে আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলা অধিক সহজ হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে বিদ্যালয়সমূহত গুণগত শিক্ষা আৰু দক্ষতাভিত্তিক মূল্যায়ন ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আগন্তুক দিনত সাধাৰণ শিক্ষাৰ সৈতে বৃত্তিমূলক শিক্ষাৰ অধিক সমন্বয় সাধন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

এই প্ৰশিক্ষণ কাৰ্যসূচীত এনইপি-২০২০ৰ অধীনত দক্ষতা বিষয়ৰ পাঠ্যক্ৰম ৰূপায়ণ, প্ৰায়োগিক মূল্যায়নৰ কৌশল, ৰুব্ৰিক্স প্ৰস্তুতকৰণ, শিকন ফলাফল নিৰ্ধাৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ দক্ষতা প্ৰমাণপত্ৰ প্ৰদানৰ আধুনিক পদ্ধতি সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিক্ষক-শিক্ষয়িত্ৰীসকলক হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰা হয় যাতে বিদ্যালয়সমূহত দক্ষতা বিষয়ৰ মূল্যায়ন অধিক বৈজ্ঞানিক, স্বচ্ছ আৰু ফলপ্ৰসূভাৱে সম্পন্ন কৰিব পৰা যায়।

উল্লেখযোগ্য যে, সমগ্ৰ ভাৰতত প্ৰথমবাৰৰ বাবে এক আৰ্হিমূলক পদক্ষেপ হিচাপে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে বিভিন্ন চৰকাৰী বিভাগৰ সৈতে পোনপটীয়া বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক কেৱল “চাকৰি বিচৰা” ব্যক্তি হিচাপে নহয়, বৰং “চাকৰি সৃষ্টিকাৰী” আত্মনিৰ্ভৰশীল নাগৰিক হিচাপে গঢ়ি তোলা।

এই নতুন ব্যৱস্থাৰ অধীনত চৰকাৰী সমল ব্যক্তিসকলে স্থানীয় অৰ্থনৈতিক সম্ভাৱনাৰ সৈতে সংগতি ৰাখি ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়াব। ইয়াৰ ভিতৰত চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি আতিথ্য ব্যৱস্থাপনা আৰু ট্যুৰ গাইডিঙৰ প্ৰশিক্ষণ, বিদ্যালয়ৰ খালী মাটিত আধুনিক কৃষি, পশুপালন, উন্নত মৎস্য পালন, প্ৰাথমিক চিকিৎসা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, একাউণ্টেন্সী আৰু ব্যৱসায় পৰিচালনাৰ ব্যৱহাৰিক শিক্ষাও অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনোৱা হয়।

কাৰ্যসূচীত দক্ষতা বিষয়ৰ মূল্যায়নত কঠোৰ আৰু স্বচ্ছ পদ্ধতি অনুসৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সমল ব্যক্তিসকলে বিদ্যালয়সমূহৰ আভ্যন্তৰীণ ব্যৱহাৰিক পৰীক্ষাত উপস্থিত থাকি পৰ্যবেক্ষণ কৰাৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত ব’ৰ্ড পৰীক্ষাত চৰকাৰী বহিঃ-পৰীক্ষক হিচাপে দায়িত্ব পালন কৰিব। চূড়ান্ত ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ আপলোড কৰাৰ ক্ষমতা আৰু ডিজিটেল প’ৰ্টেলৰ পাছৱৰ্ড কেৱল বহিঃসমল ব্যক্তিসকলকহে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়া হয়।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে সমল ব্যক্তিসকলক মাননি প্ৰদানৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। শিক্ষা মহলৰ মতে, এই ধৰণৰ প্ৰশিক্ষণ আৰু প্ৰবোধন কাৰ্যসূচীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বৃত্তিমূলক শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অধিক কৰ্মমুখী, দক্ষ আৰু আত্মনিৰ্ভৰশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ বিশেষ ভূমিকা পালন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!