লাইট কেমেৰা এক্সন অসমৰ দুদিনীয়া সাংস্কৃতিক মহোৎসৱৰ সফল সামৰণি : চিত্ৰকলা, নৃত্য আৰু সন্মান অনুষ্ঠানত জিলিকিল নৱপ্ৰজন্মৰ প্ৰতিভা : শিৱসাগৰৰ উদীয়মান কণ্ঠশিল্পী-সংগীত পৰিচালক ৰিতপল বৰকাকতি আৰু ডিব্ৰুগড়ৰ শিশু নৃত্যশিল্পী অনুষ্কা গগৈক ‘জ্যোতিৰ্ময় বঁটা’ৰে সন্মানিত
ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা, বিশেষ নৃত্য কৰ্মশালা আৰু ‘জ্যোতিৰ্ময় বঁটা’ প্ৰদান অনুষ্ঠানে নৱপ্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভাক দিলে বিশেষ মঞ্চ

শিৱসাগৰ, ৬ জুলাই : অসমৰ কলা-সংস্কৃতিৰ বিকাশ আৰু নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কাম কৰি অহা অন্যতম সাংস্কৃতিক সংগঠন লাইট কেমেৰা এক্সন অসমৰ উদ্যোগত আয়োজিত দুদিনীয়া সাংস্কৃতিক মহোৎসৱৰ সফল সামৰণি পৰে।

৪ আৰু ৫ জুলাইত শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ মেম’ৰিয়েল ভৱনত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা, বিশেষ নৃত্য কৰ্মশালা আৰু সন্মানীয় ‘জ্যোতিৰ্ময় বঁটা’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠানত শিৱসাগৰৰ লগতে যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজিকে ধৰি অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু যুৱ শিল্পীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে নিজৰ কলা, সৃষ্টিশীল চিন্তা আৰু সাংস্কৃতিক প্ৰতিভাৰ সুন্দৰ প্ৰদৰ্শনেৰে উপস্থিত সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।
দুদিন ধৰি চলা এই অনুষ্ঠান নৱপ্ৰজন্মৰ শিল্পীসকলৰ বাবে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হয়।

অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে লাইট কেমেৰা এক্সন অসমৰ সভাপতি সঞ্জয় পাৰীকে। নিজৰ ভাষণত তেওঁ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰি কয় যে এনে সাংস্কৃতিক মঞ্চই নৱপ্ৰজন্মৰ মাজত লুকাই থকা প্ৰতিভাসমূহ উন্মোচন কৰাৰ লগতে অসমৰ সমৃদ্ধিশালী কলা-সংস্কৃতিক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংগঠনটোৱে যুৱ শিল্পীসকলক সঠিক সুযোগ আৰু মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ অংশ হিচাপে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। শিশুসকলে ৰঙৰ জৰিয়তে নিজৰ কল্পনাশক্তি, চিন্তা আৰু সৃষ্টিশীলতা সুন্দৰভাৱে প্ৰকাশ কৰে।

এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰাঞ্জল নেওগ আৰু পৰিস্মিতা ফুকন। বিচাৰকদ্বয়ে প্ৰতিযোগীসকলৰ কলাত্মক চিন্তা, উপস্থাপন আৰু সৃষ্টিশীল প্ৰকাশভংগীৰ মূল্যায়ন কৰি তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰে।

ইফালে বিশেষ নৃত্য কৰ্মশালাত প্ৰশিক্ষক হিচাপে আকাংক্ষা প্ৰিয়দৰ্শিনীয়ে অংশগ্ৰহণকাৰীসকলক নৃত্যকলাৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত মঞ্চ উপস্থাপন, ভংগিমা, আত্মবিশ্বাস বৃদ্ধি আৰু উন্নত প্ৰদৰ্শনৰ বিভিন্ন কৌশলৰ বিষয়ে শিক্ষাদান কৰা হয়।

ৰিতপল বৰকাকতি আৰু অনুষ্কা গগৈলৈ ‘জ্যোতিৰ্ময় বঁটা’
সামৰণি অনুষ্ঠানত কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰা দুগৰাকী প্ৰতিভাশালী শিল্পীক সন্মানীয় ‘জ্যোতিৰ্ময় বঁটা’ প্ৰদান কৰা হয়।

শিৱসাগৰৰ উদীয়মান কণ্ঠশিল্পী তথা সংগীত পৰিচালক ৰিতপল বৰকাকতিক সংগীত ক্ষেত্ৰত তেওঁৰ অৱদান আৰু সফলতাৰ বাবে এই সন্মান প্ৰদান কৰা হয়। একেদৰে ডিব্ৰুগড়ৰ প্ৰতিভাৱান শিশু নৃত্যশিল্পী অনুষ্কা গগৈক নৃত্যকলাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ‘জ্যোতিৰ্ময় বঁটা’ৰে সন্মানিত কৰা হয়।

নৃত্য কৰ্মশালাৰ শ্ৰেষ্ঠ প্ৰতিভাসকলক সন্মান
নৃত্য কৰ্মশালাত উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত ধেমাজিৰ গোগামুখৰ ধ্ৰিয়া নেৱাৰে প্ৰথম স্থান লাভ কৰে। ডিব্ৰুগড়ৰ কস্তুৰী হাজৰিকাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে শিৱসাগৰৰ অনুৰাগ পাছৱানে তৃতীয় স্থান অধিকাৰ কৰে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকল
ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন শাখাত প্ৰতিযোগীসকলে উল্লেখযোগ্য সফলতা লাভ কৰে।

‘ক’ শাখাত লিয়ান জ্যোতি গগৈয়ে প্ৰথম স্থান, ফাৰজাৰা আফৰোজে দ্বিতীয় স্থান আৰু ইনায়া হুছেইনে তৃতীয় স্থান লাভ কৰে। এই শাখাত কৃতিমান বৰুৱাক উৎসাহমূলক বঁটা প্ৰদান কৰা হয়।

‘খ’ শাখাত অত্ৰীয় শৰ্মাই প্ৰথম স্থান, ৰূপাংকিতা বৰুৱাই দ্বিতীয় স্থান আৰু কাব্যা কলিতাই তৃতীয় স্থান লাভ কৰে। লগতে আয়ুষ গগৈ আৰু জাসিষ্ঠা ৰাণী গগৈক উৎসাহমূলক বঁটাৰে সন্মানিত কৰা হয়।

‘গ’ শাখাত গৰিমা বড়াই প্ৰথম, দৰ্শিল ৰাজ গগৈয়ে দ্বিতীয় আৰু অস্মিতা ৰয়ে তৃতীয় স্থান লাভ কৰে।

ইয়াৰ লগতে ‘ঘ’ শাখাত সমীৰ গগৈয়ে প্ৰথম, ধৰিত্ৰী চেতিয়াই দ্বিতীয় আৰু তামান্না আহমেদে তৃতীয় স্থান লাভ কৰে।

সামৰণি অনুষ্ঠানত গণ্যমান্য ব্যক্তিৰ উপস্থিতি
সামৰণি অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ ভাৰপ্ৰাপ্ত পৌৰপতি, অধিবক্তা তথা সাংস্কৃতিক কৰ্মী সঞ্জীৱ বৰা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, যুটীয়া সাধাৰণ সম্পাদক পাৰ্থ গগৈ, জাগৃতি নাৰী সমাজৰ সভানেত্ৰী পদ্মা চেতিয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ উপৰি লাইট কেমেৰা এক্সন অসমৰ উপদেষ্টা ৰবি চৌবে, সাংস্কৃতিক সমিতিৰ মুখ্য উপদেষ্টা ৰাতু কুমাৰ দাস, কাৰ্যকৰী সভাপতি ৱাশিমুৰ ৰহমান, উপ-সভাপতি ৱাকিয়া আব্জা হক, যুটীয়া সম্পাদিকা মামণি গগৈ, সহকাৰী সম্পাদক পাপু সাহু, আশিফ আলী, মুন্না আগৰৱাল, অঞ্জলি বৰা, অংকুৰিমা বৰুৱা, প্ৰেৰণা বৰুৱা, পূৰ্ণিমা বৰুৱা, কৃষ তন্ময় ভাগৱতী, আলীশা বেগম, প্ৰজ্ঞানিতা গগৈ সহ বহু শিল্পী, অভিভাৱক আৰু সংস্কৃতিপ্ৰেমী উপস্থিত থাকে।

অনুষ্ঠানৰ সফল সামৰণিৰ পাছত লাইট কেমেৰা এক্সন অসমৰ সম্পাদক আক্ৰম হুছেইনে সকলো অংশগ্ৰহণকাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিচাৰক, প্ৰশিক্ষক, অতিথি আৰু সহযোগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ কয় যে সংগঠনটোৱে আগন্তুক দিনতো অসমৰ কলা, সংস্কৃতি, সংগীত আৰু নৃত্যক্ষেত্ৰৰ বিকাশৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিভাক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি যাব।

উৎসাহ, সন্মান আৰু সাংস্কৃতিক উদ্যমেৰে পৰিপূৰ্ণ এই দুদিনীয়া মহোৎসৱে পুনৰ প্ৰমাণ কৰিলে যে সঠিক দিশ-নিৰ্দেশনা আৰু সুযোগ লাভ কৰিলে অসমৰ নৱপ্ৰজন্মই কলা-সংস্কৃতিৰ ক্ষেত্ৰত এক নতুন পৰিচয় গঢ়িবলৈ সক্ষম।




