Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMDEVLOPMENTEconomyhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifLocal NewsPOLITICSPROTESTSIVASAGARटॉप न्यूज़देशराजनीतिराज्यलोकल न्यूज़शिवसागर

শিৱসাগৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চি পি আইৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট : মূল্যবৃদ্ধি, দুৰ্নীতি, নিবনুৱা সমস্যা আৰু অসমীয়াবিৰোধী মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ চি পি আই : জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ১৩ দফীয়া দাবীচনদ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ

“নৰেন্দ্ৰ মোদী ব্যৰ্থ প্ৰধানমন্ত্ৰী”— কনক গগৈৰ তীব্ৰ সমালোচনা : গুৱাহাটীৰ ঘটনা আৰু “অসমীয়া গ’ বেক” ধ্বনিৰ তীব্ৰ গৰিহণা

শিৱসাগৰ, ৮ জুন : নিত্যব্যৱহাৰ্য্য খাদ্য সামগ্ৰী, পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চি পি আই)ৰ শিৱসাগৰ জিলা পৰিষদৰ উদ্যোগত সোমবাৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলে বিভিন্ন শ্ল’গান ধ্বনিৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলে।

অৱস্থান ধৰ্মঘটত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কয় যে দেশৰ জনসাধাৰণে বিপুল সমৰ্থনেৰে বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰিছিল যদিও চৰকাৰে সাধাৰণ মানুহক লাগামহীন মূল্যবৃদ্ধিৰ বোজা জাপি দিছে। তেওঁৰ অভিযোগ, বৃহৎ বণিক গোষ্ঠীৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ নিৰ্বাচনী পুঁজি লাভ কৰাৰ ফলত চৰকাৰে এতিয়া সেই গোষ্ঠীসমূহক নিয়ন্ত্ৰণ কৰাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে।

পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত কনক গগৈয়ে কয় যে চৰকাৰে ইৰান-ইজৰাইল-আমেৰিকাৰ যুদ্ধ পৰিস্থিতিক দায়ী কৰি আহিছে যদিও আচল সত্য সেয়া নহয়। তেওঁ দাবী কৰে যে চলিত বৰ্ষৰ প্ৰথম তিনিমাহত Indian Oil Corporation-এ ১৪,৪৫৮ কোটি টকা, Hindustan Petroleum Corporation Limited (HPCL)-এ ৪,৯০২ কোটি টকা আৰু Bharat Petroleum Corporation Limited (BPCL)-এ ৩,১৯১ কোটি টকা লাভ অৰ্জন কৰিছে। যুদ্ধৰ প্ৰভাৱ কিছু থাকিলেও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া আৰু ইৰানৰ পৰা সুলভ মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ কিয় সক্ষম হোৱা নাই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। লগতে তেওঁ মন্তব্য কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতি ভাৰতৰ কূটনৈতিক স্থিতি সম্পৰ্কেও দেশবাসীয়ে স্পষ্ট ব্যাখ্যা বিচাৰে।

দুৰ্নীতিৰ অভিযোগত বিজেপি চৰকাৰক লক্ষ্য

বক্তব্যত কনক গগৈয়ে বিজেপি চৰকাৰৰ “স্বচ্ছতা” আৰু “দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা” নীতিৰো তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ উত্থাপন কৰি কয় যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যালয়ে যোৱা পাঁচ বছৰত উঁইপৰুৱা নিয়ন্ত্ৰণৰ নামত ৩ কোটি ৮৫ লাখ ৪ হাজাৰ ৪৫২ টকা ব্যয় দেখুৱাইছে। লগতে ১২৬ জন বিধায়কক ৰূপৰ উপহাৰ দিয়াৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ ৰাজহুৱা ধনৰ অপব্যৱহাৰ হোৱা বুলিও তেওঁ অভিযোগ কৰে।

ইফালে, LIC-ত ১৫ লাখ কোটি টকাৰ কথিত জালিয়াতি আৰু অনিয়ম ধৰা পৰাৰ অভিযোগ উত্থাপন কৰি কনক গগৈয়ে কয় যে এয়াই হৈছে মোদী চৰকাৰৰ তথাকথিত “সুশাসন” আৰু “দুৰ্নীতিবিৰোধী নীতি”ৰ প্ৰকৃত স্বৰূপ।

নিবনুৱা, শিক্ষা আৰু স্বাস্থ্যখণ্ডতো চৰকাৰ ব্যৰ্থ – চি পি আই

কনক গগৈয়ে কয় যে দেশত সংস্থাপনৰ সংকট ভয়াবহ ৰূপ লৈছে। যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ সুযোগ লাভ নকৰাৰ লগতে স্বাস্থ্যসেৱা, শিক্ষাসেৱা আৰু পুষ্টিকৰ খাদ্য লাভৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হৈছে। তেওঁ দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰৰ ভুল অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ ফলত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য অভূতপূৰ্বভাৱে হ্ৰাস পাইছে। দেশৰ অৰ্থনীতিৰ দুৰ্বল পৰিস্থিতিৰ বাবেই দেশত প্ৰথমবাৰৰ বাবে ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে বুলি তেওঁ মন্তব্য কৰে।

গুৱাহাটীৰ ঘটনা আৰু “অসমীয়া গ’ বেক” ধ্বনিৰ তীব্ৰ গৰিহণা

চি পি আই নেতাগৰাকীয়ে গুৱাহাটীত এগৰাকী সাংবাদিকৰ ওপৰত সংঘটিত বুলি অভিযোগ উত্থাপিত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। লগতে “অসমীয়া গ’ বেক” ধ্বনি দিয়া আৰু অসমীয়াৰ প্ৰতি অপমানসূচক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ভৱিষ্যতে কোনো বহিৰাগত ব্যক্তিয়ে অসমীয়া জাতি আৰু ভাষাৰ বিৰুদ্ধে অপমানজনক মন্তব্য নকৰিবলৈও তেওঁ সকীয়াই দিয়ে।

একাধিক নেতাৰ অংশগ্ৰহণ

অৱস্থান ধৰ্মঘটত জ্যেষ্ঠ চি পি আই নেতা ধৰ্ম বৰুৱা, জিলা সম্পাদক মণি বুঢ়াগোহাঁই, সহকাৰী সম্পাদক মদন বৰুৱা, যোগেশ বুঢ়াগোহাঁই, জিলা সহ-সম্পাদক অজয় বড়া আৰু অসম মহিলা সংঘৰ জিলা সভানেত্ৰী মল্লিকা বেগমকে ধৰি বহু সংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। বক্তাসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নীতি আৰু কাৰ্যকলাপৰ সমালোচনা কৰি মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জনসাধাৰণৰ জীৱন-জীৱিকাৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰে।

মুখ্যমন্ত্ৰীলৈ ১৩ দফীয়া দাবীচনদ প্ৰেৰণ

কাৰ্যসূচীৰ অন্তত চি পি আইৰ প্ৰতিনিধি দলটোৱে শিৱসাগৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ১৩ দফীয়া দাবীচনদ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। দাবীচনদত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, কৰ্মসংস্থাপন বৃদ্ধি, স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ উন্নয়ন, জনকল্যাণমূলক আঁচনিৰ সম্প্ৰসাৰণ আদি বিষয় অন্তৰ্ভুক্ত কৰা হয়।

চি পি আই নেতৃত্বই স্পষ্ট কৰি দিয়ে যে জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰ ৰূপ ধাৰণ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!