জিলা আয়ুক্ত কাৰ্যালয় স্থানান্তৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে শিৱসাগৰত নাগৰিক সভা : বিজ্ঞান যাদুঘৰ শিৱসাগৰ সমষ্টিতে স্থাপন কৰাৰ দাবী

শিৱসাগৰ, ২৪ মে’ : বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত দেওবাৰে এক ৰাজহুৱা নাগৰিক সভা অনুষ্ঠিত হয়।
বিশিষ্ট শিক্ষাবিদ তথা নাগৰিক মঞ্চৰ সভাপতি বুধীন মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় শিৱসাগৰ সমষ্টিৰ পৰা অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ সম্ভাৱ্য প্ৰচেষ্টাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তোষ প্ৰকাশ কৰা হয়।
সভাৰ আৰম্ভণিতে নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি গৌতম বৰবৰাই বিষয়টোৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে প্ৰাক-স্বাধীনতা কালৰে পৰা শিৱসাগৰ সদৰত অৱস্থিত জিলা আয়ুক্তৰ কাৰ্যালয় অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ যিকোনো পদক্ষেপ শিৱসাগৰবাসীৰ বাবে অত্যন্ত উদ্বেগজনক বিষয়। তেওঁ কয়, এনে সিদ্ধান্তই ঐতিহাসিক তথা প্ৰশাসনিক গুৰুত্ব বহন কৰা শিৱসাগৰ সদৰৰ মৰ্যাদা ক্ষুণ্ণ কৰিব।
সভাত অংশগ্ৰহণ কৰা বিভিন্ন দল-সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি চামচুল বাৰিকে কয় যে প্ৰয়োজনসাপেক্ষে শিৱসাগৰ সমষ্টিবাসীৰ গণস্বাক্ষৰ সংগ্ৰহ কৰি অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব। তেওঁ মন্তব্য কৰে যে জিলা সদৰত বহু বছৰ ধৰি স্থাপিত জিলা আয়ুক্তৰ কাৰ্যালয় অন্য স্থানলৈ স্থানান্তৰ কৰাৰ যিকোনো প্ৰচেষ্টা অনুচিত আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত।
সভাত সমাজকৰ্মী ভাৰতী শইকীয়া, সমাজকৰ্মী বিভূতি চেতিয়া, প্ৰাক্তন প্ৰধান শিক্ষক আছাদ উল্লাহ, লেখক পূণেশ্বৰ চেতিয়া, প্ৰাক্তন পৌৰপতি ৰাণা খান, ৰাজীৱ বৰপূজাৰী, ৱাৰ্ড সদস্যা আচিফা জামান আহমেদ, দীপ বৰা, যুৱ সমাজকৰ্মী জিণ্টু মেচ, ৰনী স্মিথ, জাতীয়তাবাদী নেতা অনুপ বৰপাত্ৰ গোঁহাই, প্ৰদীপ বৰগোঁহাই, বুলবুল বড়া, নাট্যকাৰ ব্ৰাজিল চুতীয়া, শিক্ষক ত্ৰৈলোক্য দত্ত আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নাগৰিক মঞ্চৰ সম্পাদক সৌৰভ ভাগৱতীয়ে জনোৱা মতে, সভাত সৰ্বসন্মতিক্ৰমে দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ অনুসৰি, শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় জিলা সদৰৰ পৰা অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ যিকোনো সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা হ’ব আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি কাৰ্যালয়টো শিৱসাগৰ সদৰতে ৰখাৰ বাবে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা হ’ব। লগতে শিৱসাগৰ সমষ্টিৰ জনপ্ৰতিনিধিক এই বিষয় বিধানসভাত উত্থাপন কৰিবলৈ অনুৰোধ জনাই আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।
দ্বিতীয় প্ৰস্তাৱত প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰ সমষ্টিতে স্থাপন কৰাৰ দাবী উত্থাপন কৰা হয়। এই দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই।
ইয়াৰ উপৰিও চৰকাৰৰ ফালৰ পৰা ইতিবাচক সঁহাৰি লাভ নকৰিলে আগন্তুক দিনত শিৱসাগৰত ব্যাপক গণজাগৰণ আৰু গণআন্দোলন গঢ়ি তোলা হ’ব বুলিও সভাত মত প্ৰকাশ কৰা হয়।




