Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMCOMPENSATIONCONGRESSELECTIONFLOODLocal NewsPOLITICSPROTESTSIVASAGARSTATE

শিৱসাগৰত এদিনতে কংগ্ৰেছৰ দুটাকৈ প্ৰতিবাদ—দ’লমুখ চাৰিআলি উত্তাল : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰতিকৃতি দাহ কৰি পদত্যাগৰ দাবী—SIR আৰু ভোটাৰ তালিকা সংশোধনক লৈ উত্থাপন প্ৰশ্ন : দিখৌৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ আৰু যোগ্য মহিলাক অৰুণোদইৰ সুবিধা দিয়াৰ দাবীত ধৰ্ণা

জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কেইবাটাও দাবী সম্বলিত স্মাৰক-পত্ৰ

শিৱসাগৰ, ২৮ ছেপ্টেম্বৰ : শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে দেওবাৰে একেদিনাই দুটা পৃথক বিষয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাত নগৰখনৰ ঐতিহাসিক দ’লমুখ চাৰিআলি ৰাজনৈতিক প্ৰতিবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হয়। এটা কাৰ্যসূচীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰতিকৃতি দাহ কৰি তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ বিপৰীতে আনটো কাৰ্যসূচীত দিখৌ নৈৰ শেহতীয়া প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু অৰুণোদই আঁচনিৰ সুবিধা যোগ্য হিতাধিকাৰীসকলৰ বাবে নিশ্চিত কৰাৰ দাবীত ধৰ্ণা প্ৰদৰ্শন কৰা হয়।

জ্ঞানেশ কুমাৰৰ প্ৰতিকৃতি দাহ—পদত্যাগৰ দাবীত প্ৰতিবাদ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শিৱসাগৰ জিলা কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে দ’লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ বাধাৰ মাজতে প্ৰতিবাদকাৰীসকলে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ প্ৰতিকৃতি দাহ কৰে। এই সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ঠেলা-হেঁচাৰ পৰিস্থিতিও সৃষ্টি হয়।

প্ৰতিকৃতি দাহৰ পাছত কংগ্ৰেছ কৰ্মীসকলে নগৰত প্ৰতিবাদী সমদল উলিয়াই নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। কংগ্ৰেছে ভোটাৰ তালিকা সংশোধন আৰু বিশেষ নিবিড় পুনৰীক্ষণ অৰ্থাৎ SIR প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰি অভিযোগ কৰে যে এই প্ৰক্ৰিয়াত বিসংগতিপূৰ্ণভাৱে ভোটাৰৰ নাম কৰ্তন কৰা হৈছে।

নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ অজয় কুমাৰ গগৈৰ অভিযোগ

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি অজয় কুমাৰ গগৈয়ে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পূৰ্বৰে পৰা ভোটাৰ তালিকা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ বিভিন্ন তথ্য ৰাজহুৱা কৰি আহিছে আৰু সেই অভিযোগসমূহৰ নিৰপেক্ষ তদন্ত হোৱা উচিত।

গগৈয়ে মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি নিৰ্বাচন আয়োগে কোনো ৰাজনৈতিক পক্ষপাতিত্ব নকৰাকৈ সাংবিধানিক দায়িত্ব পালন কৰাটো নিশ্চিত কৰিব লাগে বুলি দাবী কৰে। তেওঁ জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীও পুনৰ দোহাৰে।

বানপীড়িতৰ ক্ষতিপূৰণৰ দাবীত পৃথক ধৰ্ণা

একেদিনাই জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দ’লমুখ চাৰিআলিত আন এখন প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়। দিনৰ প্ৰায় ১১ বজাৰ পৰা ২ বজালৈ চলা এই কাৰ্যসূচীত ১৯ জুলাইৰ দিখৌ নৈৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী প্ৰধানকৈ উত্থাপন কৰা হয়।

জিলা কংগ্ৰেছৰ উপ-সভাপতি (সংগঠন) মুস্তফা খানে আঁত ধৰা প্ৰতিবাদী সভাত সভাপতি অজয় কুমাৰ গগৈয়ে অভিযোগ কৰে যে উজনি অসমৰ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত দিখৌৰ বানে ব্যাপক ক্ষতি কৰাৰ পাছতো বহু ক্ষতিগ্ৰস্ত পৰিয়ালে এতিয়াও ঘোষিত চৰকাৰী আৰ্থিক সাহায্য লাভ কৰা নাই।

তেওঁ কয় যে বানত ঘৰ-বাৰী, সম্পত্তি, জীৱিকা আৰু পশুধনৰ ব্যাপক ক্ষতি হৈছিল। কিন্তু দুমাহৰো অধিক সময় পাৰ হৈ যোৱাৰ পাছতো বহু বানপীড়িত পৰিয়ালে ঘোষিত ১৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰিবলৈ বাকী আছে বুলি কংগ্ৰেছৰ অভিযোগ। ক্ষয়-ক্ষতি নিৰূপণৰ ক্ষেত্ৰতো বহু ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰলৈ এতিয়াও চৰকাৰী জৰীপকাৰী দল নোযোৱাৰ অভিযোগ উত্থাপন কৰা হয়।

‘বানাক্ৰান্তই এতিয়াও সাহায্যৰ অপেক্ষাত’

অজয় কুমাৰ গগৈয়ে অভিযোগ কৰে যে বানৰ পাছত বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলে সাহায্যৰ হাত আগবঢ়োৱা নাছিল হ’লে বহু ক্ষতিগ্ৰস্ত পৰিয়ালৰ অৱস্থা অধিক সংকটজনক হ’লহেঁতেন। চৰকাৰে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ সঠিক জৰীপ সম্পন্ন কৰি ঘৰ-বাৰী, সম্পত্তি, জীৱ-জন্তু আৰু জীৱিকাৰ ক্ষতি অনুসৰি উপযুক্ত ক্ষতিপূৰণ শীঘ্ৰে মুকলি কৰিব লাগে বুলি তেওঁ দাবী জনায়।

অৰুণোদই আঁচনিক লৈও কংগ্ৰেছৰ প্ৰশ্ন

প্ৰতিবাদত অৰুণোদই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈও কংগ্ৰেছে চৰকাৰক সমালোচনা কৰে। দলটোৰ অভিযোগ অনুসৰি, পূৰ্বে আঁচনিৰ সুবিধা লাভ কৰি অহা একাংশ হিতাধিকাৰীৰ নাম বৰ্তমান তালিকাৰ পৰা কৰ্তন কৰা হৈছে। যোগ্যতা পূৰণ কৰা সকলো মহিলাই যাতে ৰাজনৈতিক পৰিচয় নিৰ্বিশেষে আঁচনিখনৰ সুবিধা লাভ কৰে, সেয়া নিশ্চিত কৰাৰ দাবী জনায় কংগ্ৰেছে।

অজয় কুমাৰ গগৈয়ে অভিযোগ কৰে যে অৰুণোদই আঁচনিক দলীয় ৰাজনীতিৰ পৰা মুক্ত কৰি নিৰ্ধাৰিত যোগ্যতাৰ ভিত্তিত হিতাধিকাৰী নিৰ্বাচন কৰা উচিত। যোগ্য হিতাধিকাৰীক আঁচনিৰ পৰা বঞ্চিত নকৰিবলৈ আৰু নাম কৰ্তনৰ প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ বাবেও তেওঁ চৰকাৰৰ ওচৰত দাবী জনায়।

মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

প্ৰতিবাদস্থলীৰ পৰাই শিৱসাগৰ জিলা কংগ্ৰেছ কমিটীয়ে বানাক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ, অৰুণোদই আঁচনিৰ যোগ্য হিতাধিকাৰীৰ সুবিধা নিশ্চিত কৰাকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ শিৱসাগৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

দুয়োটা প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ গগৈৰ লগতে দলটোৰ জিলা আৰু প্ৰদেশ পৰ্যায়ৰ কেইবাজনো নেতা-পদাধিকাৰী উপস্থিত থাকে। প্ৰতিবাদী সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আব্দুৰ ৰহমান, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য লক্ষীনাথ সন্দিকৈ, শিৱসাগৰ গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি লাচিত মহন, দিলীপ ফুকন, প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা মুনমী বৰগোহাঁই আৰু প্ৰশান্ত গগৈয়েও বক্তব্য আগবঢ়ায়।

ইয়াৰ উপৰি জিলা কংগ্ৰেছৰ উপ-সভাপতি মুস্তফা খানকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ সদস্যসকলেও প্ৰতিবাদত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ উত্থাপিত অভিযোগৰ পৰা আৰম্ভ কৰি বানাক্ৰান্তৰ ক্ষতিপূৰণ আৰু অৰুণোদই আঁচনিৰ সুবিধালৈকে বিভিন্ন বিষয় একেদিনাই উত্থাপন হোৱাত দ’লমুখ চাৰিআলি কেইবাঘণ্টা ধৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ কেন্দ্ৰ হৈ থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!