Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ACHIVEMENTASSAMAWARDLITERATURELocal NewsNGOOBITUARYSIVASAGARSTATE

পদ্ধতিগত গৱেষণাৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া ড° ময়িদুল ইছলাম বড়া — ড° জ্যোতিপ্ৰসাদ শইকীয়া : শিৱসাগৰত ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা–২০২৬’ প্ৰদান—জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াক সন্মান : ‘পাৰ্চী আৰু উৰ্দু সাহিত্যৰ বিদগ্ধ পণ্ডিতৰ লগতে উদাৰ, ধৰ্মনিৰপেক্ষ আৰু দেশপ্ৰেমিক ব্যক্তি আছিল ড° ময়িদুল ইছলাম বড়া’—ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা

লণ্ডন বিশ্ববিদ্যালয়ত আমিৰ হাছান দিহলবীৰ জীৱন আৰু কৰ্মৰ ওপৰত গৱেষণা—ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্বও পালন কৰিছিল ড° বড়াই : অসম সাহিত্য সভাৰ সৰ্বকনিষ্ঠ সভাপতি হিচাপেও ইতিহাস ৰচিছিল ড° ময়িদুল ইছলাম বড়াই—সম্প্ৰীতি, যুক্তিবাদ আৰু জ্ঞানচৰ্চাৰ আদৰ্শ নতুন প্ৰজন্মলৈ লৈ যোৱাৰ আহ্বান

শিৱসাগৰ, ২২ ছেপ্টেম্বৰ : “অসমীয়াৰ বাবে আজি এক চিৰস্মৰণীয় দিন। ১৮৯৯ চনৰ ২২ ছেপ্টেম্বৰৰ দিনটোতেই শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল বৃহত্তৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট তথা প্ৰাচ্যতত্ত্ববিদ ড° ময়িদুল ইছলাম বড়াই। ড° ময়িদুল ইছলাম বড়া নিশ্চিতভাৱে অসমৰ প্ৰথমগৰাকী ডক্টৰেট। আজি এনে এগৰাকী মহান মনীষীৰ নামত প্ৰদান কৰা সাহিত্য বঁটাৰ বাবে মোক নিৰ্বাচিত কৰাত মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ।”

শিৱসাগৰত অনুষ্ঠিত ‘ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা–২০২৬’ গ্ৰহণ কৰি এইদৰে অনুভৱ ব্যক্ত কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।

অৰুণোদয় সাহিত্য সভা আৰু স্মৃতিৰক্ষা সমিতিৰ যৌথ উদ্যোগ

অৰুণোদয় সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যৌথ উদ্যোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ড° জ্যোতিপ্ৰসাদ শইকীয়াক এই বৰ্ষৰ ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰা হয়।

দিনৰ ১০.৩০ বজাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ড° জ্যোতিপ্ৰসাদ শইকীয়াক বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই।

বঁটা গ্ৰহণ কৰি ড° শইকীয়াই কয় যে কোনো মহান ব্যক্তি কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেওঁ এৰি যোৱা দৰ্শন, আদৰ্শ আৰু ত্যাগ পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকে। এনে চিন্তাশীল ব্যক্তিৰ জীৱন আৰু কৰ্মক লৈ আলোচনা-প্ৰতিআলোচনা হ’লে তেওঁলোকৰ মনন, চিন্তা আৰু দৰ্শন অধ্যয়নৰ সুযোগ সৃষ্টি হয়। সেই চিন্তাধাৰা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টাও অব্যাহত ৰখা উচিত।

পাৰ্চী আৰু উৰ্দু ভাষাৰ জৰিয়তে বিশ্বক জনাৰ প্ৰয়াস

ড° শইকীয়াই উল্লেখ কৰে যে ময়িদুল ইছলাম বড়াই ঢাকা বিশ্ববিদ্যালয়ৰ পৰা পাৰ্চী ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি এম.এ. ডিগ্ৰী অৰ্জন কৰাৰ পিছত উৰ্দু ভাষাতো এম.এ. ডিগ্ৰী লাভ কৰিছিল।

তেওঁ কয়, নতুন প্ৰজন্মৰ মাজত এই প্ৰশ্ন উত্থাপন হোৱা উচিত যে ময়িদুল ইছলাম বড়াই কিয় পাৰ্চী আৰু উৰ্দুৰ দৰে ভাষা অধ্যয়ন কৰিবলৈ আগ্ৰহী হৈছিল। তেওঁৰ মতে, ড° বড়াৰ মাজত পৃথিৱীৰ বিভিন্ন মানুহৰ সৈতে যোগাযোগ স্থাপন, বিভিন্ন সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ আৰু পৃথিৱীখনক বিভিন্ন দৃষ্টিকোণৰ পৰা চোৱাৰ গভীৰ আগ্ৰহ আছিল।

বিভিন্ন ভাষা আৰু সংস্কৃতিৰ সৈতে পৰিচিত হৈ বিভিন্ন দেশ আৰু জনগোষ্ঠীৰ পৰা জ্ঞান আহৰণ কৰি সেই জ্ঞান নিজৰ দেশ আৰু সমাজৰ কল্যাণত ব্যৱহাৰ কৰাৰ যি লক্ষ্য তেওঁ গ্ৰহণ কৰিছিল, সেয়া আছিল প্ৰকৃত অৰ্থত জ্ঞানৰ সেৱা।

ড° বড়াৰ লক্ষ্য আছিল এখন বিকশিত দেশ আৰু সম্প্ৰীতিৰ বান্ধোনেৰে আবদ্ধ অসমীয়া সমাজ গঢ়ি তোলা, য’ত শিক্ষা আৰু জ্ঞান আহৰণৰ অন্যতম ভিত্তি হ’ব যুক্তিবাদী চিন্তাৰ প্ৰসাৰ।

আমিৰ হাছান দিহলবীৰ ওপৰত ঐতিহাসিক গৱেষণা

ড° জ্যোতিপ্ৰসাদ শইকীয়াই তেওঁৰ ভাষণত ভাৰতত পাৰ্চী সাহিত্যৰ বিকাশৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে মধ্যযুগীয় ভাৰতত পাৰ্চী সাহিত্যৰ উল্লেখযোগ্য বিকাশ ঘটিছিল। দিল্লী চুলতান আলাউদ্দিন খিলজিৰ ৰাজসভাৰ সৈতে জড়িত বিখ্যাত পাৰ্চী কবি, পণ্ডিত আৰু চুফী সাধক আমিৰ হাছান দিহলবী ১২৫৩ চনত জন্মগ্ৰহণ কৰিছিল।

ড° ময়িদুল ইছলাম বড়াই এইগৰাকী ঐতিহাসিক ব্যক্তিত্বৰ জীৱন আৰু কৰ্মৰ প্ৰকৃত মূল্যায়ন কৰাৰ লক্ষ্যৰে গৱেষণা কৰিছিল। মাধৱ কন্দলী, ৰুদ্ৰ কন্দলী অথবা কবিৰত্ন সৰস্বতীৰো পূৰ্বৰ সময়ৰ এই পাৰ্চী কবি-পণ্ডিতগৰাকীৰ ওপৰত ড° বড়াই কৰা গৱেষণা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ড° শইকীয়াই কয় যে বিষয়টো নতুন প্ৰজন্মৰ গৱেষকৰ বাবেও অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ’ব পাৰে।

‘পদ্ধতিগত গৱেষণাৰে ডক্টৰেট লাভ কৰা প্ৰথমগৰাকী অসমীয়া’

ড° শইকীয়াই কয়, “ড° ময়িদুল ইছলাম বড়া পদ্ধতিগতভাৱে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া।”

দিল্লীৰ প্ৰখ্যাত চুফীবাদী কবি আমিৰ হাছান দিহলবীৰ জীৱন আৰু কৰ্মৰ ওপৰত গৱেষণা কৰি তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ ডেনিছন ৰছৰ তত্ত্বাৱধানত তেওঁ এই গৱেষণা সম্পন্ন কৰিছিল।

ড° শইকীয়াই লগতে উল্লেখ কৰে যে ড° ময়িদুল ইছলাম বড়া কেৱল প্ৰথম অসমীয়া ডক্টৰেটেই নাছিল, তেওঁ প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য হিচাপেও পৰিচিত। ১৯৪৩ চনত তদানীন্তন ঢাকা বিশ্ববিদ্যালয়ৰ পাৰ্চী আৰু উৰ্দু বিভাগৰ প্ৰধান অধ্যাপক হিচাপে কৰ্মৰত ড° বড়াই নিজৰ যোগ্যতাৰ বলত বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব লাভ কৰিছিল।

দেশ বিভাজনৰ বিৰোধিতা আৰু অখণ্ড ভাৰতৰ পক্ষে অৱস্থান

পাৰ্চী আৰু উৰ্দু ভাষাৰ বিদগ্ধ পণ্ডিত ড° ময়িদুল ইছলাম বড়া অখণ্ড ভাৰতৰ সমৰ্থক আছিল বুলিও ড° শইকীয়াই উল্লেখ কৰে। তেওঁ দেশ বিভাজনৰ বিৰোধিতা কৰিছিল।

অনুষ্ঠানত উল্লেখ কৰা অনুসৰি, এই ৰাজনৈতিক মতপাৰ্থক্যৰ পৰিপ্ৰেক্ষিতত মহম্মদ আলী জিন্নাৰ সৈতে তেওঁৰ তীব্ৰ মতবিৰোধ সৃষ্টি হৈছিল। পিছত লক্ষ্ণৌত অনুষ্ঠিত এখন ইতিহাস সন্মিলনত ভাষণ দিয়াৰ পাছত কোনো অচিনাক্ত ব্যক্তিয়ে তেওঁক বিষ মিহলোৱা গাখীৰ দিয়াৰ অভিযোগ আছে আৰু সেই গাখীৰ পান কৰাৰ পাছতেই অতি কম বয়সতে ড° বড়াৰ মৃত্যু ঘটে বুলি অনুষ্ঠানত উল্লেখ কৰা হয়।

‘বাহাৰিস্তান-ই-গায়েবী’ অনুবাদেৰে লাভ কৰিছিল খ্যাতি

ড° জ্যোতিপ্ৰসাদ শইকীয়াই ড° বড়াক সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ হিচাপেও স্মৰণ কৰে।

ঢাকা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা সময়তে তেওঁ মোগল সম্ৰাট জাহাঙ্গীৰ আৰু ছাহজাহানৰ ৰাজত্বকালত অসম, বঙ্গ, বিহাৰ আৰু উৰিষ্যাত সংঘটিত মোগল অভিযানৰ বিস্তৃত ইতিহাস সম্বলিত ‘বাহাৰিস্তান-ই-গায়েবী’ গ্ৰন্থখন পাৰ্চী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল বুলি ড° শইকীয়াই উল্লেখ কৰে।

‘উদাৰ, ধৰ্মনিৰপেক্ষ আৰু দেশপ্ৰেমিক আছিল ময়িদুল ইছলাম বড়া’

বঁটা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই কয় যে ড° ময়িদুল ইছলাম বড়া আছিল এগৰাকী আগশাৰীৰ বুৰঞ্জীবিদ আৰু পাৰ্চী-উৰ্দু সাহিত্যৰ বিদগ্ধ পণ্ডিত।

স্কুলীয়া জীৱনতেই অসাধাৰণ মেধা আৰু পাণ্ডিত্যৰ পৰিচয় দিয়া ময়িদুল ইছলাম বড়াই কটন কলেজৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা পাৰ্চী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। একেটা বছৰতে তেওঁ আইন পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হৈছিল।

ঢাকা বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনা কৰাৰ পিছত তেওঁ লণ্ডনলৈ যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ত গৱেষণা কৰি অসমৰ প্ৰথম ডক্টৰেট হিচাপে স্বীকৃতি লাভ কৰে বুলি ড° হাজৰিকাই উল্লেখ কৰে।

অসম সাহিত্য সভাৰ সৰ্বকনিষ্ঠ সভাপতি

ড° জিতেন হাজৰিকাই উল্লেখ কৰে যে ১৯৪০ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত ড° ময়িদুল ইছলাম বড়াই সভাপতিৰ আসন অলংকৃত কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ সভাপতিসকলৰ ভিতৰত সৰ্বকনিষ্ঠ সভাপতি আছিল।

ড° হাজৰিকাৰ ভাষ্য অনুসৰি, ময়িদুল ইছলাম বড়া আছিল এগৰাকী উদাৰ, ধৰ্মনিৰপেক্ষ আৰু দেশপ্ৰেমিক ব্যক্তি। অসম সাহিত্য সভাৰ মঞ্চৰ পৰা তেওঁ হিন্দু আৰু মুছলমান উভয়কে ভাৰতৰ সন্তান বুলি অভিহিত কৰি ঐক্য আৰু সম্প্ৰীতি বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

তেওঁৰ বক্তব্যৰ মূল সুৰ আছিল—হিন্দু-মুছলমান একেলগে আছে আৰু একেলগে থাকিব লাগিব; সমাজত যাতে কোনেও বিভেদ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিজন অসমীয়া সতৰ্ক হোৱা উচিত। লেখকসকলেও নিজৰ সৃষ্টিৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতিৰ ভাব অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা উচিত।

“স্বদেশপ্ৰেম কোনো জাতি, ধৰ্ম বা সম্প্ৰদায়ৰ একচেটিয়া সম্পত্তি নহয়”—ড° ময়িদুল ইছলাম বড়াই অসম সাহিত্য সভাৰ সভাপতিত্বকালীন অভিভাষণত এনে মত প্ৰকাশ কৰিছিল বুলি ড° জিতেন হাজৰিকাই স্মৰণ কৰে।

বন্তি প্ৰজ্বলন আৰু ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰে শুভাৰম্ভ

শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সন্তোষ দত্তই। আদৰণি ভাষণ আগবঢ়ায় অৰুণোদয় সাহিত্য সভাৰ সভাপতি মণিৰুল ইছলাম বড়াই।

বঁটা প্ৰদান অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট কবি-সাহিত্যিক প্ৰেম গগৈয়ে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মূল সভাৰ পূৰ্বে চিন্তাশীল লেখক দেৱ হাজৰিকাই ড° ময়িদুল ইছলাম বড়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

সমগ্ৰ অনুষ্ঠানত ড° ময়িদুল ইছলাম বড়াৰ বহুমুখী প্ৰতিভা, ইতিহাসচৰ্চা, পাৰ্চী-উৰ্দু সাহিত্যৰ ওপৰত থকা গভীৰ পাণ্ডিত্য, গৱেষণামূলক অৱদান, ধৰ্মনিৰপেক্ষ চিন্তাধাৰা আৰু সামাজিক সম্প্ৰীতিৰ আদৰ্শক স্মৰণ কৰাৰ লগতে তেওঁৰ চিন্তা আৰু কৰ্ম নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!