
তেজপুৰ, ৪ জুলাই : পৰিৱেশ সংৰক্ষণ আৰু সেউজ পৃথিৱী গঢ়াৰ সংকল্পৰে লায়ন্স ক্লাব অৱ তেজপুৰ গ্ৰেটাৰে ২০২৬-২৭ বৰ্ষৰ নতুন লায়নিষ্টিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বন মহোৎসৱ উপলক্ষে ক্লাবটোৰ উদ্যোগত তেজপুৰৰ প’ল’ফিল্ডস্থিত হিন্দী বিদ্যাপীঠত এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

বিদ্যালয় চৌহদত ১০টা গছৰ পুলি ৰোপণ
কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰাৰ পিছত ১০টা ফলমূলৰ গছৰ পুলি আৰু ছাঁ প্ৰদানকাৰী গছ ৰোপণ কৰা হয়। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এই গছসমূহে ভৱিষ্যতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক পুষ্টিকৰ ফল আৰু শীতল ছাঁ প্ৰদান কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

‘গছ ৰোপণৰ লগতে সংৰক্ষণো সমানেই প্ৰয়োজনীয়’
বৃদ্ধি পোৱা উষ্ণতা, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশগত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বৃক্ষৰোপণৰ গুৰুত্ব সম্পৰ্কে ক্লাবৰ বিষয়ববীয়াসকলে আলোকপাত কৰে। তেওঁলোকে কয় যে কেৱল গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰা প্ৰতিটো গছৰ সঠিক যত্ন আৰু সংৰক্ষণ কৰাটোও সকলোৰে দায়িত্ব।
লগতে অধিক সংখ্যক লোকক সেউজ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে বৃক্ষৰোপণ অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।

বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি
এই পৰিৱেশমুখী কাৰ্যসূচীত লায়ন্স ক্লাব অৱ তেজপুৰ গ্ৰেটাৰৰ সভানেত্ৰী লায়ন প্ৰণীতা মেধী, সম্পাদক লায়ন ইনু গগৈ, সদ্য প্ৰাক্তন সভাপতি লায়ন ৰাজীৱ জৈন, হিন্দী বিদ্যাপীঠ সমিতিৰ সম্পাদক শ্ৰী ৰাজীৱ বৰুৱা আৰু স্বেচ্ছাসেৱক শ্ৰী ভাস্কৰ ৰাজখোৱাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, সমাজসেৱা, পৰিৱেশ সংৰক্ষণ আৰু জনকল্যাণমূলক কাম-কাজৰ ক্ষেত্ৰত লায়ন্স ক্লাব অৱ তেজপুৰ গ্ৰেটাৰে আগন্তুক দিনসমূহতো বিভিন্ন সেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।




