শিৱসাগৰৰ দিচাংমুখত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া : অফলা আৰু লিগিৰিবাৰী গাঁৱৰ অস্তিত্ব সংকটত : মাথাউৰিলৈ মাত্ৰ ১৫০ মিটাৰ দূৰত গৰাখহনীয়া : ১৯৯৬-৯৭ চনৰ পৰাই অব্যাহত দুৰ্যোগ : বাৰিষাৰ পূৰ্বে আতংকত হাজাৰ হাজাৰ গঞা

শিৱসাগৰ, ৮ জুন : শিৱসাগৰ জিলাৰ দিচাংমুখ অঞ্চলত ব্ৰহ্মপুত্ৰ নৈৰ অব্যাহত আৰু ভয়ংকৰ গৰাখহনীয়াই পুনৰ উদ্বিগ্ন কৰি তুলিছে স্থানীয় ৰাইজক। বিশেষকৈ অফলা আৰু লিগিৰিবাৰী গাঁৱত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ জীৱন-জীৱিকা আৰু বাসস্থান আজি সংকটৰ সন্মুখীন হৈছে। বাৰিষাৰ আগমনৰ লগে লগে নদীখনৰ খহনীয়াৰ গতি অধিক তীব্ৰ হোৱাৰ আশংকাত শংকিত হৈ দিন অতিবাহিত কৰিছে স্থানীয় লোকসকলে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ১৯৯৬-৯৭ চনৰ পৰাই এই অঞ্চলত গৰাখহনীয়া এক স্থায়ী সমস্যাৰ ৰূপ লৈছে। বিগত প্ৰায় তিনিটা দশক ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে কৃষিভূমি, বাসগৃহ, গছ-গছনি আৰু মূল্যৱান সম্পদ। ইতিমধ্যে অফলা আৰু লিগিৰিবাৰী গাঁৱৰ হেক্টৰে হেক্টৰে উৰ্বৰ কৃষিভূমি নদীগৰ্ভত জাহ গৈছে। বহু পৰিয়ালে নিজৰ পৈতৃক ভিটা-মাটি হেৰুৱাই অন্য স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

স্থানীয় বাসিন্দাসকলে জনোৱা মতে, বৰ্তমানেও প্ৰায় চাৰি কিলোমিটাৰ এলেকা গৰাখহনীয়াৰ কবলত পৰি আছে। বিশেষ উদ্বেগজনক বিষয় হৈছে যে অঞ্চলটোৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা মাথাউৰিৰ পৰা মাত্ৰ প্ৰায় ১৫০ মিটাৰ দূৰত্বত গৰাখহনীয়া অব্যাহত আছে। যদি শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে অহা বাৰিষাত মাথাউৰিটোও বিপদৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে।

ৰাইজৰ অভিযোগ, জলসম্পদ বিভাগে বছৰৰ পিছত বছৰ ধৰি সমস্যাটোৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধান উলিয়াবলৈ ব্যৰ্থ হৈছে। প্ৰতিবছৰে গৰাখহনীয়াৰ সময়ত সাময়িকভাৱে কিছু জিঅ’ বেগ বা বাঁহৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও ইয়াৰ ফলত স্থায়ী সমাধান পোৱা নাযায়। স্থানীয়সকলৰ মতে, খৰালি বতৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত প্ৰস্তুতি আৰু প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰিব পাৰিলেহেঁতেন বাৰিষাৰ সময়ত এই ভয়ংকৰ পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা গ’লহেঁতেন।

অঞ্চলবাসীয়ে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, সংবাদ মাধ্যমত গৰাখহনীয়াৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছতহে বিভাগীয় কৰ্তৃপক্ষ সক্ৰিয় হৈ উঠে। সমস্যাৰ প্ৰকৃত সমাধানৰ ক্ষেত্ৰত পূৰ্ব পৰিকল্পিত আৰু সময়োপযোগী ব্যৱস্থা গ্ৰহণৰ সলনি কেৱল অভিযোগ উত্থাপিত হোৱাৰ পিছতহে কিছু পদক্ষেপ লোৱা হয়।

গৰাখহনীয়াৰ ফলত কেৱল ভূমি হেৰুওৱাই নহয়, অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালসমূহে বছৰৰ পিছত বছৰ ধৰি ভূমি হেৰুৱাই জীৱিকাৰ সংকটত ভুগিবলগীয়া হৈছে। বহু শিক্ষাৰ্থী আৰু বৃদ্ধ লোকে পুনৰাবৃত্ত স্থানান্তৰৰ ফলত নানান সমস্যাৰ সন্মুখীন হৈছে।
এই পৰিস্থিতিত স্থানীয় ৰাইজে অসম চৰকাৰ, জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনক অতি শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী, বিজ্ঞানসন্মত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্যথা অহা বাৰিষাত অফলা, লিগিৰিবাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ আশংকা উলাই কৰিব নোৱাৰি।




