শিৱসাগৰত সৰ্বভাৰতীয় অনুসূচিত জাতি – জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ জননেতা ভীমবৰ দেউৰীৰ জন্ম জয়ন্তী উদযাপন
বৰেণ্য অসমীয়া গৰাকীৰ নামত উৎসৰ্গিত কৰিলে অ’এনজিচিৰ সভাকক্ষ

শিৱসাগৰ ১৭ মে’ : সৰ্বভাৰতীয় অনুসূচিত জাতি – জনজাতি কৰ্মচাৰী কল্যাণ সংস্থা, অ’এনজিচি অসম সম্পদৰ উদ্যোগত জননেতা ভীমবৰ দেউৰীৰ জন্ম জয়ন্তী উদযাপন কৰা হয়।

অ’এনজিচি কলনীৰ ই ডব্লিউ চি হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে জননেতা গৰাকীৰ কৰ্মৰাজী, জাতীয়তাবোধক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। জন্ম জয়ন্তীৰ লগত সংগতি জননেতা গৰাকীৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰিবলৈ ১৬ মে’ত সৰ্বভাৰতীয় অনুসূচিত জাতি – জনজাতি কৰ্মচাৰী কল্যাণ সংস্থা অসম সম্পদৰ দ্বাৰা আয়োজন কৰা হয় এখনি সভাৰ।

সন্থাৰ সম্পাদক জগত চন্দ্ৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ সঞ্চালনা কৰে সন্থাৰ অসম সম্পদৰ সভাপতি তথা সন্থাৰ সৰ্বভাৰতীয় কাৰ্যকৰী সভাপতি ডেম্বিৰাম পাংগিঙে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সমাজকৰ্মী তথা সুদক্ষ খেলুৱৈ মাধব জ্যোতি দেউৰীয়ে কয় যে – জননেতা ভীমবৰ দেউৰী অসমৰ এগৰাকী প্ৰখ্যাত জননেতা, আইনজ্ঞ, স্বাধীনতা সংগ্ৰামী আৰু জনজাতীয় অধিকাৰৰ অগ্ৰদূত আছিল। তেওঁক “জননেতা” বুলি সন্মানেৰে অভিহিত কৰা হয়।

শিৱসাগৰ জিলাৰ পানীদিহিঙত এটি দেউৰী পৰিয়ালত জন্ম গ্ৰহণ কৰা ভীমবৰ দেউৰীয়ে কটন কলেজ আৰু কলকাতাৰ প্ৰেচিডেন্সি কলেজত উচ্চ শিক্ষা লাভ কৰে। আইনৰ ডিগ্ৰী লৈ পৰৱৰ্তী সময়ত তেওঁ উকালতি আৰম্ভ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি অ’এনজিচি অসম সম্পদৰ জিজিএম আৰু সম্পদ প্ৰৱন্ধক অমিত কুমাৰ মুখোপাধ্যায়ে ভীমবৰ দেউৰীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা তেওঁৰ অপৰিসীম অৱদানৰ সন্মানত সৰ্বভাৰতীয় অনুসূচিত জাতি – জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ অসম সম্পদত “জননেতা ভীমবৰ দেউৰী কনফাৰেন্স হল” নামেৰে এটি সভাকক্ষ নামাকৰণ কৰি শুভ উদ্বোধন কৰে।

“জননেতা ভীমবৰ দেউৰী”ৰ নামেৰে নামাকৰণ কৰা সন্থাৰ প্ৰেক্ষাগৃহটো উদ্বোধন কৰি তেওঁ সুখ প্ৰকাশ কৰে। জননেতা গৰাকীয়ে অসমক ভাৰতৰ অংশ হিচাপে একত্ৰ কৰি ৰখাৰ লগতে খিলঞ্জীয়া আৰু জনজাতীয় জনগোষ্ঠীৰ পৰিচয়, অধিকাৰ, স্বাৰ্থ সুৰক্ষিত কৰাৰ দিশত তেওঁৰ যি দূৰদৰ্শী নেতৃত্ব, ত্যাগ, আৰু আন্তৰিক প্ৰচেষ্টা আছিল ইয়াৰ ওপৰত তেওঁ বিস্তৃত ভাৱে আলোকপাত কৰে। তেওঁ কয় যে সভাকক্ষটো তেওঁৰ সমৰ্পণৰ স্থায়ী প্ৰতীক হৈ থাকিব আৰু আগন্তুক বছৰবোৰলৈ নৱ প্ৰজন্মক ই অনুপ্ৰাণিত কৰিব।

সভাৰ সঞ্চালকৰ দায়িত্বত থকা সৰ্বভাৰতীয় অনুসূচিত জাতি – জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ অসম সম্পদৰ অধ্যক্ষ ডেম্বিৰাম পাংগিঙে নিজা বক্তব্যত উল্লেখ কৰে যে – জননেতা ভীমবৰ দেউৰীয়ে অসমৰ ভূমিপুত্ৰ আৰু জনজাতীয় জনগোষ্ঠীসকল (বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী, কাৰ্বি)ৰ উন্নয়ন আৰু অধিকাৰৰ বাবে আজীৱন সংগ্ৰাম কৰিছিল। ১৯৩৩ চনত অসম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ (ট্ৰাইবেল লীগ) প্ৰতিষ্ঠা কৰাত তেওঁ মূল ভূমিকা গ্ৰহণ কৰে আৰু ইয়াৰ সাধাৰণ সম্পাদক হিচাপে একেৰাহে ১৩ বছৰ দায়িত্ব পালন কৰিছিল। এই লীগে জনজাতীয় লোকসকলক একত্ৰিত কৰি তেওঁলোকৰ আৰ্থ-সামাজিক, শিক্ষা আৰু ৰাজনৈতিক অধিকাৰৰ বাবে কাম কৰিছিল।

জনজাতিসকলৰ বাবে বিধানসভাত আসন সংৰক্ষণ আৰু ভূমি অধিকাৰৰ বাবে তেওঁৰ ভূমিকা সক্ৰিয় আছিল। ১৯৪০ ৰ দশকত অসমক পূৱ পাকিস্তানৰ (বাংলাদেশ) সৈতে সংযুক্ত কৰাৰ ব্ৰিটিছ প্ৰচেষ্টাৰ বিৰোধিতা কৰাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতে মিলি গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল। তেওঁ অসমক সদায় ভাৰতৰ সৈতে একত্ৰিত হৈ থকাটো বিচাৰিছিল বুলি ডেম্বিৰাম পাংগিঙে উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ কয় যে জনজাতীয় জনগোষ্ঠী আৰু অসমীয়া জাতিটোৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্মৃতিত প্ৰতি বছৰে জননেতা ভীমবৰ দেউৰীৰ জন্ম বাৰ্ষিকী উদযাপন কৰি আহিছে। তেখেতে জননেতা ভীমবৰ দেউৰীৰ নামত সন্থাৰ প্ৰেক্ষাগৃহৰ নাম ৰখাৰ সুযোগ দিয়াৰ বাবে অ’এনজিচি অসম সম্পদৰ ব্যৱস্থাপনাক তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এই অনুষ্ঠানতে বাৰ্ষিক বদলি–২০২৬ৰ অধীনত অসম সম্পদৰ পৰা অন্যান্য বিভিন্ন সম্পদলৈ বদলি হৈ থকা বিদায়ী সদস্য সকলকো বিদায় সম্ভাষণ জনোৱাৰ লগতে সন্থা আৰু অসম সম্পদলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনোৱা হয়।

ভীমবৰ দেউৰী জন্ম জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰে ক্ৰমে এইচ আৰ – ই আৰৰ মুৰব্বী ৰিজৱানা নাকভি, জিজিএম-এইচ ই এছ অম্ব্ৰেশ গান্ধী, এছডিচিৰ মুৰব্বী গৌৰব দাস, হেড এম এছ ড০ ৰঞ্জন দেববৰ্মা, এল অ’ তপন কৌলি, এষ্টোৰ সভাপতি নিৰ্মল কুমাৰৰ লগতে লক্ষৰঞ্জন গোহাঁই, চি ডব্লিউ চিৰ প্ৰাক্তন সভাপতি পুনাৰাম মিলিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু অ’এনজিচিৰ বিষয়া – কৰ্মচাৰী, আৰু সন্থাৰ বিষয়ববীয়া সকল।





