Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
GUWAHATIhttps://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARटॉप न्यूज़राज्यलोकल न्यूज़शिवसागर

যোগান বিভাগৰ গাফিলতিৰ বলি সুলভ মূল্য দোকানৰ এজেণ্ট : কমিচন সময়মতে নোপোৱাত আত্মহত্যাৰ পথ বাচিলে বলিয়াঘাটৰ মামুদ আলীয়ে : ই-প’ছ মেচিন আৰু কেন্দ্ৰীয় ডিভাইচৰ বিসংগতিত পকেটৰ ধন ভৰিবলগীয়া এজেণ্টসকল

মৃত এজেণ্টৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু ৩২৫ কোটি টকাৰ বকেয়া মুকলিৰ দাবী

শিৱসাগৰ, ২৪ মে’ : অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গাফিলতি, বকেয়া কমিচন সময়মতে আদায় নিদিয়া আৰু ইলেকট্ৰনিক ব্যৱস্থাৰ ভয়ংকৰ বিসংগতিৰ ফলত শিৱসাগৰত এজন সুলভ মূল্যৰ দোকানৰ এজেণ্টে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বলিয়াঘাট অঞ্চলৰ সুলভ মূল্য দোকানৰ এজেণ্ট মামুদ আলীৰ আত্মহত্যাৰ ঘটনাক লৈ শনিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

সংবাদ মেলত সন্থাৰ সভাপতি ধৰণীধৰ বৰা আৰু সাধাৰণ সম্পাদক গুঞ্জন কুমাৰ বৰায়ে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰে যোৱা নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰা সুলভ মূল্যত চেনি, দাইল আৰু নিমখ বিতৰণ আঁচনিৰ বেমেজালিৰ ফলত ৰাজ্যজুৰি বহু এজেণ্ট ভয়ংকৰ আৰ্থিক সংকটত পৰিছে।

সন্থাৰ সম্পাদক গুঞ্জন কুমাৰ বৰাই কয় যে, বলিয়াঘাটৰ এজেণ্ট মামুদ আলীয়ে দোকানৰ পৰা বিতৰণ কৰা সামগ্ৰীৰ বাবদ সমবায় সমিতিক ২৬,২৮২ টকা পৰিশোধ কৰিবলগীয়া হৈছিল। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ সময়মতে এই ধন পৰিশোধ কৰিব নোৱাৰাত বিভাগীয় কৰ্তৃপক্ষৰ পৰা তীব্ৰ হেঁচাৰ সন্মুখীন হৈছিল। একে সময়তে দুমাহৰ চাউলৰ কমিচনো সময়মতে লাভ নকৰাত মানসিকভাৱে ভাঙি পৰি অৱশেষত তেওঁ আত্মহননৰ পথ বাচি ল’বলগীয়া হয় বুলি সন্থাই অভিযোগ কৰে।

সভাপতি ধৰণীধৰ বৰাই অভিযোগ কৰে যে, নিৰ্বাচনৰ পূৰ্বে ভোটাৰক প্ৰলোভিত কৰাৰ উদ্দেশ্যে চৰকাৰে চেনি, দাইল আৰু নিমখ সুলভ মূল্যত বিতৰণ আৰম্ভ কৰিছিল। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে চৰকাৰে চলিত মাহৰ পৰা আঁচনিখন স্থগিত ৰাখে। ফলত বহু এজেণ্টে এতিয়া নিজৰ পকেটৰ পৰা ধন ভৰিবলগীয়া হৈছে।

সংবাদ মেলত সন্থাই যোগান বিভাগৰ ইলেকট্ৰনিক ব্যৱস্থাৰ গুৰুতৰ বিসংগতিও উন্মোচন কৰে। সন্থাৰ দাবী অনুসৰি, বহু সুলভ মূল্য দোকানত বাস্তৱিকভাৱে কোনো খাদ্য সামগ্ৰী মজুত নথকাৰ পাছতো কেন্দ্ৰীয় ডিভাইচত সেই সামগ্ৰী মজুত থকা বুলি দেখুওৱা হৈছে। ফলত দোকানত সামগ্ৰী নাথাকিলেও এজেণ্টসকলে সেই সামগ্ৰীৰ মূল্য সমবায় সমিতিক পৰিশোধ কৰিবলৈ বাধ্য হৈছে।

ইয়াৰ বিপৰীতে কেতবোৰ দোকানত বাস্তৱিকভাৱে খাদ্য সামগ্ৰী মজুত থাকিলেও কেন্দ্ৰীয় ডিভাইচত মজুত শূন্য দেখুওৱা হৈছে। সন্থাৰ মতে, EPOS মেচিন আৰু কেন্দ্ৰীয় ডিভাইচৰ মাজত ভয়ংকৰ বিসংগতিৰ সৃষ্টি হোৱাত ৰাজ্যজুৰি সুলভ মূল্যৰ এজেণ্টসকল ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে।

শিৱসাগৰ জিলাৰ মুঠ ১০২৮ খন সুলভ মূল্য দোকানৰ প্ৰায় ৯০ শতাংশ এজেণ্টেই এই সমস্যাৰ বলি হোৱা বুলি দাবী কৰি সন্থাই কয় যে, যোগান বিভাগৰ একাংশ বিষয়াৰ গাফিলতি আৰু ইলেকট্ৰনিক ব্যৱস্থাৰ খেলিমেলিৰ ফলতেই বহু এজেণ্ট এতিয়া ঋণ আৰু আৰ্থিক সংকটত জৰ্জৰিত হৈ পৰিছে।

সন্থাই লগতে অভিযোগ কৰে যে, ২০১৫ চনৰ পৰা ২০১৯ চন আৰু ২০১৯ চনৰ পৰা ২০২১ চনলৈকে দুটা পৃথক সময়ছোৱাৰ বাবদ সমগ্ৰ অসমৰ সুলভ মূল্য দোকানৰ এজেণ্টসকলে চৰকাৰৰ পৰা মুঠ ৩২৫ কোটি টকা বকেয়া হিচাপে পাবলগীয়া হৈ আছে। কিন্তু আজিলৈকে এই বকেয়া মুকলি কৰা হোৱা নাই।

এই পৰিপ্ৰেক্ষিতত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই মৃত মামুদ আলীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে সমগ্ৰ বকেয়া ধন তৎকালীনভাৱে মুকলি কৰিবলৈ অসম চৰকাৰক দাবী জনায়।

সংবাদ মেলত সন্থাৰ কাৰ্যকৰী সভাপতি হৰি নাৰায়ণ দত্ত, শিৱসাগৰ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ চেতিয়া আৰু সম্পাদক নেকিবুদ্দিন আহমেদও উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!