Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARटॉप न्यूज़राजनीतिराज्यलोकल न्यूज़शिवसागर

জিলা আয়ুক্ত কাৰ্যালয় স্থানান্তৰৰ সম্ভাৱনাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ : “শিৱসাগৰৰ ঐতিহ্যৰ সৈতে আপোচ নহ’ব” — নাগৰিক সভাৰ হুংকাৰ

বিজ্ঞান যাদুঘৰ শিৱসাগৰ সমষ্টিতেই ৰখাৰ দাবীত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত

শিৱসাগৰ, ২৪ মে’ : শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় শিৱসাগৰ সমষ্টিৰ পৰা অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনাক কেন্দ্ৰ কৰি শনিবাৰে শিৱসাগৰত তীব্ৰ প্ৰতিবাদৰ সুৰ উঠিল। বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰীয়াৰ সহযোগত ৰংপুৰজ্যোতি ক্লাৱত অনুষ্ঠিত এক ৰাজহুৱা নাগৰিক সভাত এই বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে গণআন্দোলনৰ হুংকাৰ দিয়া হয়।

নাগৰিক সভাখন মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ বুধীন মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মঞ্চৰ কাৰ্যকৰী সভাপতি গৌতম বৰবৰায়ে বিষয়ৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে, প্ৰাক্-স্বাধীনতা কালৰে পৰা শিৱসাগৰ সদৰত অৱস্থিত জিলা আয়ুক্ত কাৰ্যালয় অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ যিকোনো চেষ্টা শিৱসাগৰবাসীৰ আবেগ আৰু ঐতিহ্যৰ ওপৰত আঘাত স্বৰূপ।

সভাত বক্তব্য ৰাখি মঞ্চৰ কাৰ্যকৰী সভাপতি চামচুল বাৰিকয়ে কয় যে, প্ৰয়োজন হ’লে শিৱসাগৰ সমষ্টিবাসীৰ গণস্বাক্ষৰ সংগ্ৰহ কৰি অসমৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব। তেওঁ স্পষ্টভাৱে কয় যে, শতাধিক বছৰৰ ঐতিহ্য বহন কৰা জিলা আয়ুক্ত কাৰ্যালয় অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ কুচকাৱাজ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

সভাত সমাজকৰ্মী ভাৰতী শইকীয়া, বিভূতি চেতিয়া, প্ৰাক্তন প্ৰধান শিক্ষক আছাদ উল্লাহ, লেখক পূণেশ্বৰ চেতিয়া, বিশিষ্ট নাগৰিক ৰাণা খান, ৰাজীৱ বৰপূজাৰী, ৱাৰ্ড মেম্বাৰ আচিফা জামান আহমেদ, দীপ বৰা, যুৱ সমাজকৰ্মী জিণ্টু মেচ, ৰনী স্মিথ, জাতীয়তাবাদী নেতা অনুপ বৰপাত্ৰ গোঁহাই, প্ৰদীপ বৰগোঁহাই, বুলবুল বড়া, নাট্যকাৰ ব্ৰাজিল চুটিয়া আৰু শিক্ষক ত্ৰৈলোক্য দত্তসহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজৰ মতামত আগবঢ়ায়।

নাগৰিক মঞ্চৰ সম্পাদক সৌৰভ ভাগৱতীয়ে জানিবলৈ দিয়ে যে সভাত সৰ্বসন্মতিক্ৰমে দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয়।

প্ৰথম প্ৰস্তাৱত শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় জিলা সদৰৰ পৰা অন্য সমষ্টিলৈ স্থানান্তৰ কৰাৰ যিকোনো প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰা হয়। লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিষয়টো পুনৰ বিবেচনা কৰি কাৰ্যালয়টো শিৱসাগৰ সদৰতেই ৰাখিবলৈ দাবী জনোৱা হ’ব। একে সময়তে শিৱসাগৰ সমষ্টিৰ জনপ্ৰতিনিধিকো এই বিষয়ত বিধানসভাত মাত মাতিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত লোৱা হয়।

দ্বিতীয় প্ৰস্তাৱত প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰটো শিৱসাগৰ সমষ্টিতেই স্থাপন কৰাৰ দাবী উত্থাপন কৰা হয়। এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীলৈ পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত উপস্থিত নাগৰিকসকলে স্পষ্টভাৱে হুংকাৰ দিয়ে যে, চৰকাৰৰ ফালৰ পৰা ইতিবাচক সঁহাৰি নাপালে আগন্তুক দিনত শিৱসাগৰত বৃহৎ গণজাগৰণ আৰু গণআন্দোলন গঢ়ি তোলা হ’ব। নাগৰিক মঞ্চই মন্তব্য কৰে যে, শিৱসাগৰৰ ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰশাসনিক মৰ্যাদাৰ সৈতে কোনো ধৰণৰ আপোচ সহ্য কৰা নহ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!