Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
https://nenews24x7.com/wp-content/uploads/2024/01/jjujuu.gifSIVASAGARUncategorizedलोकल न्यूज़

পুনৰ টাই আহোম যুৱ পৰিষদ তিনিটা ভাগত বিভক্ত হোৱাৰ দিশত : এইবাৰ দিগন্ত তামুলী গোটৰ শিৱসাগৰত সংবাদমেল

শিৱসাগৰ ১৩ মে’ : পুনৰ তিনিটা ভাগত বিভক্ত হোৱাৰ দিশত টাই আহোম যুৱ পৰিষদ। উল্লেখ্য যে যোৱা ১০ মে’ত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত টাইপাৰ সভাপতি দিগন্ত তামুলীক সভাপতি পদৰ লগতে সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰিছিল। ইয়াৰ কাৰণ আছিল অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত দিগন্ত তামুলীয়ে বক্তব্য প্ৰদান কৰিছিল।

ইয়াৰ পিছতে আজি শিৱসাগৰত তাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলী গোটে এক সংবাদ মেল সম্বোধন কৰে। এই নিলম্বন সন্দৰ্ভত তাই আহোম যুৱ পৰিষদৰ বহু সংখ্যক নেতৃত্বক লৈ দিগন্ত তামুলীয়ে আজি সংবাদ মেল সম্বোধন কৰে।

টাইপাৰ মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী মন্দিৰা চাংমাইয়ে যোৱা ১০ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত টাইপাৰ সাধাৰণ সভাত নতুনকৈ গঠন হোৱা মহিলা পৰিষদৰ শপত গ্ৰহণ তেওঁ অবৈধ বুলি ঘোষণা কৰে। তেওঁ কয় যে ডিব্ৰুগড়ৰ সাধাৰণ বৈঠকত যোৱা বছৰ লক্ষীমপুৰত অনুষ্ঠিত সাধাৰণ সভাত ৩৩ জনীয়া টাইপাৰ মহিলা পৰিষদ গঠন হৈছিল। কিন্তু ১০ মে’ত ডিব্ৰুগড়ত উক্ত নিৰ্বাচিত সমিতিৰ মাত্ৰ ১০ গৰাকী সদস্যক লৈ সম্পন্ন কৰা শপত গ্ৰহণ সভানেত্ৰী মন্দিৰা চাংমাইয়ে অবৈধ বুলি আজিৰ সংবাদ মেলত সদৰী কৰে।

সংগঠন আৰু সংবিধান বিৰোধী কাৰ্যকলাপৰ বাবে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দীলিপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া আৰু যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰাক তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ সকলো পদৱী তথা প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি দিগন্ত তামুলীয়ে সদৰী কৰে।

এই সিদ্ধান্ত যোৱা ৭ মে’ বোকাখাটত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই সিধান্ত গ্ৰহণ কৰা হয় বুলিও তামুলীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে ইতিমধ্যে দ্বিবিভক্ত হৈ থকা তাই আহোম যুৱ পৰিষদ যে বৰ্তমান তিনিটা ভাগত বিভক্ত হ’বলৈ গৈ আছে আজিৰ সংবাদ মেলে এই কথা স্পষ্ট কৰি দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!