Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMDEVLOPMENTGOVERNMENTLocal NewsSIVASAGARSTATEYOUTH

শিৱসাগৰত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ আৰ্থিক অনুদান বিতৰণ : আত্মনিৰ্ভৰ আৰু উদ্যমী যুৱ প্ৰজন্ম গঢ়াৰ লক্ষ্য—৩৭৩ গৰাকী হিতাধিকাৰীলৈ ১ লাখ টকাকৈ দ্বিতীয় কিস্তি : অভিযান ২.০ৰ অধীনত ১,৯৩০ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত হিতাধিকাৰীলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান

শিৱসাগৰ, ১৭ ছেপ্টেম্বৰ : ৰাজ্যৰ যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল, উদ্যমী আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে ৰূপায়ণ কৰা ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ ৰ অধীনত আজি শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিকভাৱে আনুষ্ঠানিক আৰ্থিক অনুদান বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ বেজবৰুৱা ভৱনত মূল কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মহাদেৱ পাটগিৰিয়ে।

‘সততা, আত্মবিশ্বাস আৰু উদ্ভাৱনী চিন্তাৰে আগবাঢ়ক যুৱ প্ৰজন্ম’

মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য অধ্যাপক মহাদেৱ পাটগিৰিয়ে যুৱ প্ৰজন্মক আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে ৰূপায়ণ কৰা ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ক এক দূৰদৰ্শী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপ হিচাপে উল্লেখ কৰে। তেওঁ যুৱক-যুৱতীসকলক এই আঁচনিৰ সুযোগ-সুবিধা গ্ৰহণ কৰি উদ্যমিতাৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰে।

ৰাজ্য চৰকাৰে প্ৰদান কৰা আৰ্থিক অনুদানৰ সদ্ব্যৱহাৰ কৰি কৰ্তব্যনিষ্ঠা, সততা, আত্মবিশ্বাস আৰু উদ্ভাৱনী চিন্তাৰে নিজ নিজ কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈও তেওঁ হিতাধিকাৰীসকলক আহ্বান জনায়। উদ্যোগী যুৱক-যুৱতীসকলৰ ঐকান্তিক প্ৰচেষ্টা, আত্মবিশ্বাস আৰু আত্মনিয়োগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ‘আত্মনিৰ্ভৰ অসম’ৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে।

অভিযান ১.০ত ৩৭৩ গৰাকীলৈ ১ লাখ টকাকৈ দ্বিতীয় কিস্তি

অনুষ্ঠানত শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল য়াদৱে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ জানিবলৈ দিয়ে যে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০’ৰ অধীনত শিৱসাগৰ জিলাৰ মুঠ ৩৭৩ গৰাকী হিতাধিকাৰীয়ে ১ লাখ টকাকৈ দ্বিতীয় কিস্তিৰ আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।

এই ৩৭৩ গৰাকী হিতাধিকাৰীৰ ভিতৰত ডিমৌ বিধানসভা সমষ্টিৰ ৭৩ গৰাকী, নাজিৰা বিধানসভা সমষ্টিৰ ১৪০ গৰাকী আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ ১৬০ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত।

অভিযান ২.০ত ১,৯৩০ গৰাকীলৈ ২৫ হাজাৰ টকাকৈ অনুদান

আনহাতে, ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০’ৰ অধীনত জিলাখনৰ মুঠ ১,৯৩০ গৰাকী ‘উদ্যমিতা বিকাশ কাৰ্যসূচী’ৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত হিতাধিকাৰীয়ে ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে ডিমৌ বিধানসভা সমষ্টিৰ ৭০৬ গৰাকী, নাজিৰা বিধানসভা সমষ্টিৰ ৫৮১ গৰাকী আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ ৬৪৩ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত।

মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ

আজিৰ অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰো শিৱসাগৰৰ অনুষ্ঠানস্থলীত প্ৰদৰ্শন কৰা হয়।

ইয়াৰ লগতে আঁচনিখনৰ সুফল লাভ কৰা কেইবাগৰাকী হিতাধিকাৰীয়ে অনুষ্ঠানত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি আত্মনিৰ্ভৰশীলতাৰ দিশত তেওঁলোকৰ যাত্ৰাৰ কথা উপস্থিত ৰাইজৰ আগত দাঙি ধৰে।

প্ৰশাসনিক বিষয়া, বেংক বিষয়া আৰু হিতাধিকাৰীৰ ব্যাপক উপস্থিতি

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ চন্দ্ৰ ঠাকুৰীয়া, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰবন্ধক মৃণাল দাস, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অন্তৰ্গত ‘উদ্যমিতা বিকাশ কাৰ্যসূচী’ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান, শিৱসাগৰৰ মুৰব্বী বিষয়া ড° সৌমাৰ জ্যোতি মহন্ত আৰু অগ্ৰণী বেংক বিষয়া জয়দীপ চৌধুৰী উপস্থিত থাকে।

ইয়াৰ উপৰি প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সমাজকৰ্মী বিতোপন ৰাইদঙীয়া, সুৰভি ৰাজকুমাৰী, মানস সন্দিকৈ আৰু সমীৰ গগৈ, শিৱসাগৰৰ বিধায়কৰ প্ৰতিনিধি ব্ৰাজিল চুতীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী তথা বৃহৎ সংখ্যক হিতাধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ডিমৌ আৰু নাজিৰাতো পৃথক কাৰ্যসূচী

একেদৰে ডিমৌ বিধানসভা সমষ্টিৰ বাবে জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত কাৰ্যসূচীত ডিমৌৰ সমজিলা আয়ুক্ত লুকুমণি বড়া উপস্থিত থাকে।

আনহাতে, নাজিৰা বিধানসভা সমষ্টিৰ বাবে মেকীপুৰ পূজা ফিল্ডত অনুষ্ঠিত কাৰ্যসূচীত নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁই আৰু নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম উপস্থিত থাকে।

শিৱসাগৰ, ডিমৌ আৰু নাজিৰাত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকলক আৰ্থিক সহায়ৰ লগতে উদ্যমিতা আৰু স্বনিয়োজনৰ দিশত আগুৱাই নিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!