মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা
কুখ্যাত ড্ৰাগছ মাফিয়া চন্দন দাস গ্ৰেপ্তাৰ

মাৰ্ঘেৰিটা, ১ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আৰক্ষীৰ তীব্ৰ অভিযানৰ ফলত অঞ্চলটোৰ কুখ্যাত ড্ৰাগছ মাফিয়া চন্দন দাস ওৰফে নল (৪৬) গ্ৰেপ্তাৰ হৈছে। অভিযানত তেওঁৰ ঘৰৰ পৰা ২৮.২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু প্ৰায় ৭ লাখ ২১ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।
তিনিচুকীয়া জিলাৰ ডিএছপি ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলেৰ নেতৃত্বত চলোৱা এই অভিযানত চন্দন দাসৰ ঘৰত তালাচী চলোৱা হয়। আৰক্ষীৰ মতে, ড্ৰাগছসমূহ অতি সাৱধানে লুকুৱাই ৰখা হৈছিল আৰু নগদ ধন ৭,২০,৯৫০ টকা মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।
এই অভিযানত আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ মাফিয়া চন্দন দাসৰ ঘৰৰ পৰা ২৮.২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ ৭,২০,৯৫০ টকা সহ ৩টা মোবাইল ফোন, ১টা সোণৰ চেইন (৪৫.৩৭ গ্ৰাম) তথা ড্ৰাগছ বেহাৰ সৈতে জড়িত বিভিন্ন সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জনোৱা মতে, এই ক’লা ব্যৱসায়ত চন্দন দাসৰ মাতৃ পুতুলি দাসেও সহযোগিতা কৰাৰ অভিযোগ উত্থাপন হৈছে। চন্দন দাসৰ লগতে তেওঁৰ মাতৃকো আটক কৰি মাৰ্ঘেৰিটা আৰক্ষী থানাত সোধাপোছ চলাই থকা হৈছে।
দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল চন্দন দাসে। আৰক্ষীৰ এই তৎপৰতাক স্থানীয় সচেতন মহলে আদৰণি জনাইছে।
এই অভিযানে অঞ্চলটোত ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ দৃঢ় অভিযান অব্যাহত থকাৰ বাৰ্তা দিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আন সহযোগীসকলক চিনাক্তকৰণৰ কাম চলাইছে।




