Welcome to NE NEWS 24X7   Click to listen highlighted text! Welcome to NE NEWS 24X7
ASSAMDERGAONGOVERNMENTLocal NewsSTATETOP NEWS

পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ উন্নয়নৰ দাবীত দেৰগাঁওৰ বিধায়কক স্মাৰকপত্ৰ : আঞ্চলিক পঞ্চায়তৰ সদস্য সজল চক্ৰৱৰ্তীৰ নেতৃত্বত বিধায়ক ড০ মৃদুল কুমাৰ দত্তক স্মাৰকপত্ৰ প্ৰদান

স্বাস্থ্য, কৃষি, মৎস্য, গৰাখহনীয়া, জলসিঞ্চন, শীতলীকৰণ ভঁৰাল, প্ৰেক্ষাগৃহ আৰু পশু চিকিৎসাকে ধৰি একাধিক দাবী উত্থাপন :

দেৰগাঁও, ২৫ জুন : গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও উত্তৰ উন্নয়ন খণ্ডৰ পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত আঞ্চলিক পঞ্চায়তৰ সদস্য সজল চক্ৰৱৰ্তীয়ে অঞ্চলবাসীৰ হৈ দেৰগাঁও সমষ্টিৰ বিধায়ক ড০ মৃদুল কুমাৰ দত্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন, স্বাস্থ্যসেৱা, কৃষি, মৎস্য, গৰাখহনীয়া প্ৰতিৰোধ, পৰিকাঠামোগত উন্নয়ন আৰু জনসাধাৰণৰ জীৱন-জীৱিকাৰ মান উন্নীত কৰাৰ লক্ষ্যৰে এই স্মাৰকপত্ৰ দাখিল কৰা হয়।

পিছপৰা অঞ্চলটোৰ বিভিন্ন সমস্যাৰ প্ৰতি দৃষ্টি আকৰ্ষণ

স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি, পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলটো বানপ্ৰৱণ আৰু বিভিন্ন মৌলিক সমস্যাৰে জৰ্জৰিত এক পিছপৰা অঞ্চল। অঞ্চলটোৰ অধিকাংশ লোক কৃষি আৰু মৎস্যপালনৰ ওপৰত নিৰ্ভৰশীল। স্বাস্থ্যসেৱা, কৃষি, পশু চিকিৎসা, বজাৰ ব্যৱস্থা, সাংস্কৃতিক পৰিকাঠামো, গৰাখহনীয়া আৰু জলসিঞ্চনৰ অভাৱৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।

খকণ্ডগুৰি স্বাস্থ্য কেন্দ্ৰ উন্নীতকৰণৰ দাবী

অঞ্চলটোৰ জনসাধাৰণৰ একমাত্ৰ ভৰসাস্থল খকণ্ডগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰি সকলো বিভাগৰ চিকিৎসকৰ নিয়মীয়া সেৱা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰা হয়। লগতে স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনীয় সা-সুবিধা বৃদ্ধি কৰি উন্নত চিকিৎসা সেৱা নিশ্চিত কৰাৰ আহ্বান জনোৱা হয়।

কৃষক, মৎস্যপালক আৰু পশুপালকৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ দাবী

স্মাৰকপত্ৰত কৃষি আৰু মৎস্য খণ্ডৰ উন্নয়নৰ বাবে একাধিক দাবী উত্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত নভঙা পশু চিকিৎসালয়ত প্ৰতিদিনে চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰা, ভ্ৰাম্যমান পশু চিকিৎসা এম্বুলেঞ্চৰ সুবিধা প্ৰদান কৰা, ঘোলোং আৰু অহজাতি বিলত উন্নত মৎস্যপালনৰ ব্যৱস্থা গ্ৰহণ কৰা, পুঙনি বিলত মৎস্যপালনৰ লগতে পৰ্যটন বিকাশৰ ব্যৱস্থা কৰা, কৃষকসকলে বছৰজুৰি পানী লাভ কৰিব পৰাকৈ জলসিঞ্চনৰ স্থায়ী ব্যৱস্থা কৰা, কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে আধুনিক শীতলীকৰণ ভঁৰাল স্থাপন কৰাৰ দাবী উত্থাপন কৰা হৈছে।

পৰিকাঠামো উন্নয়ন আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবী

অঞ্চলটোৰ সাংস্কৃতিক বিকাশৰ বাবে এখন উন্নত মানৰ ৰাজহুৱা প্ৰেক্ষাগৃহ বা ৰংগমঞ্চ স্থাপন, জৰাগুৰি–টেমেৰা অঞ্চলত কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে এখন আধুনিক বজাৰ স্থাপন আৰু দিছৈ আৰু গেলাবিল নদীৰ গৰাখহনীয়া অতি শীঘ্ৰে ৰোধ কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবীও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে।

পঞ্চায়ত সদস্য আৰু শিপিনীসকলৰ উন্নয়নৰ দাবী

ইয়াৰ উপৰি, পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলৰ মাহেকীয়া পাৰিতোষিক বৃদ্ধি কৰাৰ দাবী বিধানসভাত উত্থাপন কৰিবলৈ বিধায়কক আহ্বান জনোৱা হয়। লগতে মিছিং সম্প্ৰদায়ৰ শিপিনীসকলক উন্নত মানৰ তাঁতশাল প্ৰদান আৰু দক্ষ প্ৰশিক্ষকৰ জৰিয়তে তাঁতশিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ দাবীও উত্থাপন কৰা হৈছে।

বিধায়কৰ ইতিবাচক পদক্ষেপৰ আশাত অঞ্চলবাসী

আঞ্চলিক পঞ্চায়তৰ সদস্য সজল চক্ৰৱৰ্তীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰে। স্মাৰকপত্ৰত উত্থাপিত দাবীসমূহৰ গুৰুত্ব উপলব্ধি কৰি নবনিৰ্বাচিত বিধায়ক ড০ মৃদুল কুমাৰ দত্তই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ ৰাইজে আশা প্ৰকাশ কৰিছে।

দেৰগাঁওৰ পৰা : দীপক জৈন

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
Click to listen highlighted text!